চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (চমুকৈ ছেবি) বা ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড হৈছে ভাৰতৰ চিকিউৰিটি অৰ্থাৎ ঋণপত্ৰৰ বজাৰখনৰ নিয়ন্ত্ৰণকাৰী এক প্ৰতিষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা ছেবিৰ হাতত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২-ৰ অধীনত ১৯৯২ চনৰ ১২ এপ্ৰিলত আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়।১
ইতিহাস
১৯৮৮ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ব’ৰ্ডখনৰ প্ৰতিষ্ঠা কৰে যদিও ১৯৯২ চনৰ ১২ এপ্ৰিলত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২ সংসদে গৃহীত কৰাৰ পিছতহে উক্ত আইনখনৰ অধীনত ইয়াক আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়। ছেবিৰ মূখ্য কাৰ্যালয় মুম্বাইৰ বান্দ্ৰা কাৰ্লা কমপ্লেক্সত অৱস্থিত। ইয়াৰ উত্তৰ, পুব, দক্ষিণ আৰু পশ্চিম অঞ্চলৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহ যথাক্ৰমে নতুন দিল্লী, কলিকতা, চেন্নাই আৰু আহমদাবাদত অৱস্থিত।
ছেবি প্ৰতিষ্ঠা হোৱাৰ আগতে কেপিটেল ইচ্যুছ আইন ১৯৪৭-ৰ অধীনত কন্ত্ৰ’লাৰ অফ কেপিটেল ইচ্যুছ নামৰ সংস্থাটো চিকিউৰিটি বজাৰৰ নিয়ন্ত্ৰণকাৰী ভূমিকাত আছিল।
প্ৰথমাৱস্থাত ছেবি আইনী ক্ষমতা থকা এক অনা-আইনী সংস্থা আছিল। ১৯৯৫ চনত ছেবি আইনৰ সংশোধনীৰ যোগেদি ভাৰত চৰকাৰে প্ৰতিষ্ঠানটোক অতিৰিক্ত আইনী ক্ষমতা প্ৰদান কৰে।
ছেবি মুঠ ন জন সদস্যৰে গঠিত।
- ভাৰত চৰকাৰৰদ্বাৰা নিৰ্বাচিত এগৰাকী অধ্যক্ষ।
- বিত্ত মন্ত্ৰণালয়ৰ দুজন বিষয়া।
- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন সদস্য।
- কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰা ৫ জন সদস্য। ইয়াৰে কমেও ৩ জন সদস্য পূৰ্ণকালীন।
ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ উপৰিও জয়পুৰ আৰু বাংগালোৰত ছেবিৰ স্থানীয় কাৰ্যালয় আছে।
দায়িত্ব আৰু কাৰ্যাৱলী
ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়াৰ ভূমিকা শীৰ্ষক অনুচ্ছেদত কাৰ্যাৱলীৰ বিষয়ে কোৱা হৈছে যে "...ঋণপত্ৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ সুৰক্ষা আৰু ছিকিউৰিটি বজাৰ তথা ইয়াৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ উন্নতি আৰু নিয়ন্ত্ৰণ"।
ছেবি নিম্নলিখিত ছিকিউৰিটি বা ঋণপত্ৰৰ বজাৰখনৰ তিনিটা মূল উপাদানৰ প্ৰতি দায়িত্বশীল:
- ঋণপত্ৰৰ বিতাৰক
- বিনিয়োগকাৰী
- মধ্যভোগী
ছেবিয়ে মূলতঃ তিনিটা দিশত কাৰ্যসমূহ চলাই নিয়ে: প্ৰতিষ্ঠানটোৱে -
- নীতি-নিয়মসমূহ প্ৰণয়ন কৰে।
- অনুসন্ধান চলায় আৰু নীতিসমূহ কাৰ্যকৰী কৰে।
- অধিসূচনা তথা নিৰ্দেশনা জাৰী কৰে।
অৰ্থাৎ ছেবি একে সময়তে আইনকৰ্তা, বিচাৰকৰ্তা আৰু কাৰ্যকৰ্তা। ছেবিৰ তিনিগৰাকী সদস্যৰে গঠিত এক বিচাৰালয়ো (Securities Appellate Tribunal) আছে আৰু ইয়াৰ বৰ্তমানৰ মূৰব্বী ব’ম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে পি দেৱধৰ।২
ক্ষমতাসমূহ
ছেবিৰ হাতত নিম্নলিখিত ক্ষমতাসমূহ প্ৰদান কৰা হৈছে:
- ষ্টক এক্সচেঞ্জসমূহৰ উপৰঞ্চি আইনসমূহক বৈধতা প্ৰদান,
- ষ্টক এক্সচেঞ্জসমূহৰ উপৰঞ্চি আইনসমূহৰ সালসলনি,
- প্ৰতিষ্ঠিত ষ্টক এক্সচেঞ্জসমূহৰ হিচাপৰ বহী আৰু পিৰিয়ডিকেল ৰিটাৰ্নৰ পৰীক্ষণ,
- বিত্তীয়মধ্যভোগীসমূহৰ হিচাপৰ বহীৰ পৰীক্ষণ,
- নিৰ্দিষ্ট কিছুমান কোম্পানীক তেওঁলোকৰ অংশপত্ৰসমূহ এক বা ততোধিক ষ্টক এক্সচেঞ্জত অন্তৰ্ভূক্ত কৰিবলৈ বাধ্য কৰা,
- দালালসমূহৰ ভূক্তিকৰণ।
বিভিন্ন কমিটিসমূহ
- টেকনিকেল এডভাইছৰী কমিটি
- কমিটি ফৰ ৰিভিউ অফ ষ্ট্ৰাকচাৰ অফ মাৰ্কেট ইনফ্ৰাষ্ট্ৰাকচাৰ ইনষ্টিটিউচনছ
অধ্যক্ষৰ তালিকা
ছেবিৰ অধ্যক্ষৰ তালিকাখন হ’ল- ৩
| নাম | দায়িত্বভাৰ গ্ৰহণ | দায়িত্ব অন্ত |
|---|---|---|
| ডাঃ এছ এ ডেভে | ১২ এপ্ৰিল ১৯৮৮ | ২৩ আগষ্ট ১৯৯০ |
| জি ভি ৰামকৃষ্ণ | ২৪ আগষ্ট ১৯৯০ | ১৭ জানুৱাৰী ১৯৯৪ |
| এছ এছ নাডকাৰ্ণী | ১৭ জানুৱাৰী ১৯৯৪ | ৩১ জানুৱাৰী ১৯৯৫ |
| ডি আৰ মেহতা | ২১ ফেব্ৰুৱাৰী ১৯৯৫ | ২০ ফেব্ৰুৱাৰী ২০০২ |
| জি এন বাজপেয়ী | ২০ ফেব্ৰুৱাৰী ২০০২ | ১৮ ফেব্ৰুৱাৰী ২০০৫ |
| এম দামোদৰন | ১৮ ফেব্ৰুৱাৰী ২০০৫ | ১৮ ফেব্ৰুৱাৰী ২০০৮ |
| গ বি ভৱে | ১৮ ফেব্ৰুৱাৰী ২০০৮ | ১৮ ফেব্ৰুৱাৰী ২০১১ |
| ইউ কে সিনহা | ১৮ ফেব্ৰুৱাৰী ২০১১ | ১০ ফেব্ৰুৱাৰী ২০১৭ |
| অজয় ত্যাগী | ১০ ফেব্ৰুৱাৰী ২০১৭ | ২৮ ফেব্ৰুৱাৰী ২০২২ |
| মাধাবী পুৰি বুচ | ১ মাৰ্চ ২০২২ | ২৮ ফেব্ৰুৱাৰী ২০২৫ |
| তুহিন কান্ত পাণ্ডে | ১ মাৰ্চ ২০২৫ | বৰ্তমানৰ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ About SEBI. SEBI
- ↑ Govt appoints JP Devadhar as new Presiding Officer of Securities Appellate Tribunal - Economic Times . Articles.economictimes.indiatimes.com (2013-07-15). Retrieved on 2013-12-06
- ↑ Former Chairmen of SEBI. SEBI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৬১৪৫০২ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।