অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতীয় ডাক

ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে, হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে, হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।

ইতিহাস

প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)

ছিমলাত থকা এটা ব্ৰিটিছ যুগৰ পোষ্ট বক্স
ছিমলাত থকা এটা ব্ৰিটিছ যুগৰ পোষ্ট বক্সছবি: Utkarshraj Atmaram · CC BY-SA 3.0

১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে ভাৰতত ব্ৰিটিছ ৰাজৰ প্ৰতিষ্ঠা হয়।১ ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল। ১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়।

স্বাধীনতা-উত্তৰ কাল

স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়। ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে। স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে।

কম্পিউতেৰাইজেচন

১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল।

  • গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে।
  • ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে।
  • ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে।
  • ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে।
  • ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে।

২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়।২

অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Kaul, Chandrika. From Empire to Independence: The British Raj in India 1858–1947.
  2. ↑ India News in Hindi, Latest Hindi News Punjab & World News, Hindi Newspaper. Punjabkesari.in
  3. ↑ (13 February 2014). RTI Process gets Further Boost with the Introduction of ‘e-Indian Postal Order’ for all by the Department of Posts. PIB

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থাডাক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ডাক” প্ৰবন্ধৰ সংশোধন ৩৮২৩২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।