অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Commission) এক ভাৰতীয় নিয়ন্ত্ৰক সংস্থা যিয়ে চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ই পূৰ্বৰ ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত নতুনকৈ গঠন কৰা হয়।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৫৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Commission) এক ভাৰতীয় নিয়ন্ত্ৰক সংস্থা যিয়ে চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ই পূৰ্বৰ ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত নতুনকৈ গঠন কৰা হয়।১২ আয়োগে চিকিৎসা অৰ্হতাৰ স্বীকৃতি প্ৰদান কৰে, চিকিৎসা শিক্ষানুষ্ঠানসমূহক স্বীকৃতি প্ৰদান কৰে, চিকিৎসক সকলক পঞ্জীয়ন প্ৰদান কৰে আৰু চিকিৎসা পদ্ধতি নিৰীক্ষণ কৰে আৰু ভাৰতৰ চিকিৎসা আন্তঃগাঁথনিৰ মূল্যায়ন কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ জানুৱাৰী মাহত এখন অধ্যাদেশৰ দ্বাৰা ৬ মাহৰ বাবে এই আয়োগক প্ৰতিষ্ঠা কৰা হৈছিল। এই আয়োগ গঠনৰ বিধেয়ক ভাৰতৰ সংসদে গৃহীত কৰাৰ পিছত ২০১৯ চনৰ ৮ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল।৩

ইতিহাস

পোনপ্ৰথমে নীতি আয়োগে ভাৰতীয় চিকিৎসা পৰিষদৰ সলনি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ বিধেয়কখন সংসদে গৃহীত কৰে আৰু ২০১৯ চনৰ ৮ আগষ্টত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।৪৫৬ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৯ চনৰ জানুৱাৰী মাহত জাৰি কৰা অধ্যাদেশৰ জৰিয়তে ২০১৯ চনৰ আৰম্ভণিতে ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যাদেশ জাৰি কৰা হৈছিল।৭

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ২০১৭ চনৰ জুলাই মাহৰ পৰা ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত আৰু পাঁচজন বিশেষজ্ঞ চিকিৎসকৰ সহায়ত ভাৰতৰ চিকিৎসা শিক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ অনুমতি দিছিল

পৰিকল্পনা আয়োগে ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ স্থাপনৰ পৰামৰ্শ আগবঢ়াইছিল। এই সিদ্ধান্ত বেছিভাগ ৰাজ্যই অনুমোদন জনাইছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনোৱাৰ পিছত ইয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° হৰ্ষ বৰ্ধনে সংসদীয় অধিৱেশনত চূড়ান্ত বিধেয়ক হিচাপে প্ৰস্তাৱ দাখিল কৰে।৮ ২০১৯ চনত সংসদৰ দুয়োটা সদনে বিধেয়কখন গৃহীত কৰে।৯১০১১১২ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৯ চনৰ ৮ আগষ্টত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিধেয়ক ২০১৯ত অনুমোদন জনায় আৰু ই এক আইনত পৰিণত হয়।২৪

গঠন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ ৩৩ গৰাকী সদস্যৰে গঠিত:১৩ ক) এগৰাকী অধ্যক্ষ (কেৱল চিকিৎসা পেছাদাৰী)

খ) পদমৰ্মে ১০জন সদস্য:

  • স্নাতক চিকিৎসা শিক্ষা পৰিষদৰ অধ্যক্ষ
  • স্নাতকোত্তৰ চিকিৎসা শিক্ষা পৰিষদৰ অধ্যক্ষ
  • চিকিৎসা মূল্যায়ন আৰু মুল্যাংকন পৰিষদৰ অধ্যক্ষ
  • নৈতিকতা আৰু চিকিৎসক পঞ্জীয়ন পৰিষদৰ অধ্যক্ষ
  • স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ স্বাস্থ্য সেৱা সঞ্চালক প্ৰধান, নতুন দিল্লী
  • ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান
  • সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ যিকোনো এখনৰ সঞ্চালক
  • স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, টাটা মেম’ৰিয়েল চিকিৎসালয়, উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, আৰু সৰ্বভাৰতীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জনস্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালকৰ মাজৰ পৰা দুজন ব্যক্তি
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰতিনিধিত্ব কৰিবলৈ এজন ব্যক্তি

গ) ২২ গৰাকী অংশকালীন সদস্য:

  • পৰিচালনা, আইন, চিকিৎসা নৈতিকতা, স্বাস্থ্য গৱেষণা, গ্ৰাহক বা ৰোগীৰ অধিকাৰৰ পোষকতা, বিজ্ঞান আৰু প্ৰযুক্তি আৰু অৰ্থনীতিকে ধৰি এনে ক্ষেত্ৰত বিশেষ জ্ঞান আৰু পেছাদাৰী অভিজ্ঞতা থকা ব্যক্তিৰ মাজৰ পৰা নিযুক্তি দিয়া তিনিগৰাকী সদস্য
  • চিকিৎসা উপদেষ্টা পৰিষদত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনীতসকলৰ মাজৰ পৰা ঘূৰণীয়া ভিত্তিত নিযুক্তি দিয়া দহগৰাকী সদস্য
  • চিকিৎসা পৰামৰ্শদাতা পৰিষদত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনীতসকলৰ মাজৰ পৰা ৯ গৰাকী সদস্য নিযুক্তি দিয়া হয়।

ইয়াৰ সদস্যসমূহৰ ভিতৰত কমেও ৬০% সদস্য চিকিৎসক হোৱা বাঞ্ছনীয়।১৪

পৰিষদসমূহ

এই আয়োগ চাৰিটা স্বতন্ত্ৰ পৰিষদৰে গঠিত:১৫

  • স্নাতক চিকিৎসা শিক্ষা পৰিষদ
  • স্নাতকোত্তৰ চিকিৎসা শিক্ষা পৰিষদ
  • চিকিৎসা মূল্যায়ন আৰু মুল্যাংকন পৰিষদ
  • নৈতিকতা আৰু চিকিৎসক পঞ্জীয়ন পৰিষদ

বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতকসকলৰ বাবে নিৰ্দেশনা

২০২১ চনত আয়োগে দেশত চিকিৎসা বিজ্ঞানৰ অনুজ্ঞাপত্ৰ লাভ কৰিব বিচৰা বিদেশী চিকিৎসা স্নাতকসকলৰ বাবে নিৰ্দেশনা সংশোধন কৰে। নিৰ্দেশনাত কিছুমান দেশৰ চিকিৎসা অৰ্হতাৰ স্বীকৃতি সম্প্ৰসাৰণ আৰু বিদেশী চিকিৎসা স্নাতকসকলৰ বাবে স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তাকে ধৰি পৰিৱৰ্তন আৰু উন্নীতকৰণৰ প্ৰৱৰ্তন কৰা হৈছিল।

ভাৰতত চিকিৎসা চৰ্চা কৰিবলৈ যোগ্য বুলি স্বীকৃতি পাবলৈ হ’লে বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতকসকলৰ হাতত স্বীকৃতিপ্ৰাপ্ত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা বৈধ চিকিৎসা অৰ্হতা থাকিব লাগিব আৰু বিদেশী চিকিৎসা স্নাতকসকলৰ বাবে স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হ’ব লাগিব। এই বাধ্যতামূলক পৰীক্ষাত বিভিন্ন ক্ষেত্ৰত জ্ঞান আৰু দক্ষতাৰ পৰীক্ষণ কৰা হয়।

নতুন নিৰ্দেশনাৰ অধীনত ভাৰতত চিকিৎসা বিজ্ঞানৰ অনুজ্ঞাপত্ৰ লাভৰ প্ৰক্ৰিয়াত চিকিৎসা অৰ্হতাৰ স্বীকৃতিৰ বাবে আয়োগত পঞ্জীয়ন কৰা তেওঁলোকৰ বাবে বাধ্যতামূলক। স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ সকলে ভাৰতত চিকিৎসা বিজ্ঞানৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে।১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (September 25, 2020). NMC comes into force from today, repeals Indian Medical Council Act. ANI News
  2. ↑ (8 August 2019). President gives assent to National Medical Commission Bill; panel to replace MCI will be formed within six months. Firstpost. Press Trust India
  3. ↑ Dey, Sushmi. (February 4, 2020). National Medical Commission in advanced stage of formation, assures health minister. The Times of India
  4. ↑ আৰ্কাইভ কপি
  5. ↑ (8 August 2019). President gives assent to National Medical Commission Bill; panel to replace MCI will be formed within six months-India News, Firstpost. Firstpost
  6. ↑ Medical Council of India is soon to be National Medical Commission. teluguglobal.in
  7. ↑ (18 July 2017). SC allows Centre to replace Medical Council of India oversight committee. The Economic Times
  8. ↑ Medical Council of India is soon to be National Medical Commission. teluguglobal.in
  9. ↑ (July 29, 2019). Lok Sabha passes National Medical Commission Bill. India Today. Press Trust of India
  10. ↑ Bakshi, Gorky. (2 August 2019). Rajya Sabha Passes National Medical Commission Bill, 2019. Jagran Josh
  11. ↑ (8 August 2019). National Medical Commission bill passes Rajya Sabha test; healthcare on verge of landmark changes. The Economic Times
  12. ↑ (29 July 2019). National Medical Commission Bill passed by Lok Sabha. The Economic Times
  13. ↑ (September 26, 2020). National Medical Commission, India's regulator of medical education, comes into existence replacing MCI. Healthworld. PTI
  14. ↑ Archived copy
  15. ↑ (29 July 2019). THE NATIONAL MEDICAL COMMISSION BILL, 2019
  16. ↑ New NMC guidelines for Foreign Medical Graduate 2021. Eduinfoseas.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৯৭ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।