ভাৰতীয় জীৱন বীম নিগম (Life Insurance Corporation of India চমুকৈ LIC) ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩.২৫ ট্ৰিলিয়ন টকা হ'ব১। ভাৰতীয় জীৱন বীমা নিগমৰ স্থাপনা অধিমিয়মৰ দ্বাৰা হৈছিল আৰু ইয়াক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৮ জুন ১৯৫৬ত স্বীকৃতি প্ৰদান কৰে। এই অধিনিয়ম ১ জুলাই ১৯৫৬ ৰ পৰা প্ৰয়োগ কৰা হ’ল আৰু ১ ছেপ্টেম্বৰ ১৯৫৬ ত ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ হ’ল।
নিগমৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। বৰ্তমান নিগমৰ ৮টা ক্ষেত্ৰীয় কাৰ্যালয়, ১১৩টা মণ্ডল কাৰ্যালয়, ২০৪৮টা শাখা কাৰ্যালয় আৰু যথেষ্ট সংখ্যক উপ-শাখা কাৰ্যালয় আছে। তদুপৰি ৫৪টা গ্ৰাহক ক্ষেত্ৰ, ২৫টা মহানগৰ আঞ্চলিক হাব, ১৩ লাখতকৈ ও অধিক ব্যক্তিগত অভিকৰ্তা আৰু যথেষ্ট সংখ্যক কৰ্পৰেট অভিকৰ্তা, ৰেফাৰেল অভিকৰ্তা, দালাল গোষ্ঠী আৰু বীমা বেংক আছে।
ভাৰতীয় জীৱন বীমা নিগমৰ মূল মন্ত্ৰ হৈছে 'যুগক্ষম ৱহাম্যহম', যাৰ অৰ্থ হ’ল ' আপোনাৰ কল্যাণৰ দায়িত্ব আমাৰ'। এই মন্ত্ৰ শাৰী 'শ্ৰীমদ্ভগৱতগীতা' ৰ নৱম অধ্যায়ৰ ২২ নং শ্লোকৰ পৰা অনা হৈছে২। 'ভাৰতীয় জীৱন বীমা নিগম' ভাৰত চৰকাৰৰ মালিকানা আৰু বিত্ত মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত আছে।
ইতিহাস
প্ৰতিষ্ঠাপক সংগঠনসমূহ
জীৱন বীমা কভাৰেজ আগবঢ়োৱা ভাৰতৰ প্ৰথম কোম্পানী অৰিয়েণ্টেল লাইফ ইঞ্চিউৰেন্স কোম্পানী ১৮১৮ চনত বিপিন দাস গুপ্তাই কলকাতাত প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ প্ৰাথমিক লক্ষ্য বজাৰ আছিল ভাৰত।৩
১৯৫৬ চনত ৰাষ্ট্ৰীয়কৰণ
১৯৫৬ চনত সাংসদ ফিৰোজ গান্ধীয়ে ব্যক্তিগত বীমা সংস্থাৰ মালিকৰ জৰিয়তে বীমা জালিয়াতিৰ বিষয়টো উত্থাপন কৰিছিল। পৰৱৰ্তী অনুসন্ধানত, ভাৰতৰ এজন ধনী ব্যৱসায়ী টাইমছ অফ ইণ্ডিয়াৰ মালিক শ্বেথ ৰামকৃষ্ণ ডালমিয়াক দুবছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
ভাৰতীয় জীৱন বীমাৰ গঠনৰ আকাৰ
এলআইচি বা ভাৰতীয় জীৱন বীমাৰ কেন্দ্ৰীয় কাৰ্যালয় মুম্বাইত অৱস্থিত। দিল্লী, চেন্নাই, মুম্বাই, হায়দৰাবাদ, কানপুৰ, কলকাতা, ভূপাল আৰু পাটনাত মুঠ ৮ টা আঞ্চলিক কাৰ্যালয় আছে।
২০০০ চনৰ পিছত উদাৰীকৰণ
২০০০ চনৰ আগষ্টত ভাৰত চৰকাৰে বীমা খণ্ডক উদাৰ কৰাৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰে আৰু ইয়াক ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰে। এল.আই.চি.-য়ে এই প্ৰক্ৰিয়াৰ পৰা লাভান্বিত হৈছিল আৰু ২০১৩ চনত প্ৰতিবেদন দিছিল যে প্ৰথম বছৰৰ প্ৰিমিয়াম যৌগিক বাৰ্ষিক বিকাশৰ হাৰ (চি.এ.জি.আৰ.) আছিল ২৪.৫৩%, আনহাতে মুঠ জীৱন প্ৰিমিয়াম চি.এ.জি.আৰ. আছিল ১৯.২৮%, জীৱন বীমা উদ্যোগৰ বিকাশৰ সৈতে মিলা আৰু সাধাৰণ অৰ্থনৈতিক বিকাশক অতিক্ৰম কৰা।
জীৱন বীমা নিগমৰ সম্পত্তি
এল.আই.চি.-য়ে বেংক, চিমেণ্ট, ৰাসায়নিক পদাৰ্থ আৰু সাৰ, বিদ্যুৎ আৰু পৰিবহন, বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স, অভিযান্ত্ৰিক, নিৰ্মাণ আৰু আন্তঃগাঁথনি, দ্ৰুত গতিত চলি থকা উপভোক্তা সামগ্ৰী, বিত্ত আৰু বিনিয়োগ, স্বাস্থ্যসেৱা, হোটেল, তথ্য প্ৰযুক্তি, ধাতু আৰু খনন, মটৰ বাহন, আৰু আনুষঙ্গিক, তেল আৰু প্ৰাকৃতিক সম্পদ, খুচুৰা, বস্ত্ৰ, পৰিবহন আৰু লজিষ্টিক আদি খণ্ডত বিনিয়োগ কৰে।
সোণালী জয়ন্তী ফাউণ্ডেচন
জীৱন বীমা নিগমৰ সোণালী জয়ন্তী ফাউণ্ডেচন ২০০৬ চনত এটা দাতব্য সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। এই সত্তাটোৰ লক্ষ্য হৈছে শিক্ষাৰ প্ৰচাৰ কৰা, দৰিদ্ৰতা দূৰ কৰা, আৰু দুখীয়া লোকসকলৰ বাবে উন্নত জীৱন ধাৰণৰ পৰিস্থিতি প্ৰদান কৰা। সোণালী জয়ন্তী বৃত্তি বঁটা প্ৰতিষ্ঠানটোৰ অন্যতম জনাজাত অংশ। প্ৰতি বছৰে, এই বঁটা দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় যিসকলে তেওঁলোকৰ অধ্যয়ন অব্যাহত ৰাখিব বিচাৰে, আৰু যিসকলৰ পিতৃ মাতৃৰ উপাৰ্জন ২ লাখতকৈও (২,৩০০ আমেৰিকান ডলাৰ) তকৈ কম।৪
বীমা সখী যোজনা
"এল.আই.চি.-ৰ বীমা সখী যোজনা"৫ আঁচনি হৈছে ভাৰত চৰকাৰৰ নিৰ্দেশনাত ভাৰতীয় জীৱন বীমা নিগমে (এল.আই.চি.) প্ৰৱৰ্তন কৰা এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী।৬ 'বীমা সখী যোজনা' ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ২০২৪ চনৰ ৯ ডিচেম্বৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
তথ্যসূত্ৰ
- ↑ (2010-03-08). The Telegraph - Calcutta (Kolkata) | Business | LIC seeks to pack greater funds punch. Telegraphindia.com
- ↑ Bhagavad-gita As It Is Chapter 9 Verse 22. Vedabase.net
- ↑ History. LIC
- ↑ (22 December 2021). LIC Scholarship
- ↑ licindia.in/lic-s-bima-sakhi
- ↑ www.pmindia.gov.in/en/news_updates/pm-modi-launc
- ↑ www.pmindia.gov.in/en/news_updates/pm-modi-launc
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় জীৱন বীমা নিগম” প্ৰবন্ধৰ সংশোধন ৫৪২২০২ (৬ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।