উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম – ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই সাতখন ৰাজ্যক সদস্য হিচাপে লৈ উত্তৰ-পূব পৰিষদ গঠিত হৈছিল। এই সাতখন ৰাজ্যই দেশৰ মুঠ ভৌগোলিক খণ্ডৰ ৭.৭% আৰু দেশৰ মুঠ জনসংখ্যাৰ ৩.৮৮% সামৰি লৈছে। ২০০২ চনত ছিক্কিম উত্তৰ-পূব পৰিষদৰ অষ্টম সদস্য হিচাপে যুক্ত হৈছিল। এই সদস্য ৰাজ্য বিলাকৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সকলক উত্তৰ-পূব পৰিষদৰ সদস্য হিচাপে লোৱা হৈছিল। পূৰ্বে যদিও অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালেই উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ আছিল, বৰ্তমান অধ্যক্ষৰ পদটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ক্ৰমানুসাৰে আৱৰ্তিত হয়। NEC-ৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
উদ্দেশ্য
উত্তৰ-পূব পৰিষদৰ প্ৰধান উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হ’ল:
- সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সমাজিক উন্নয়নৰ বাবে সংহত আঁচনি গ্ৰহণ কৰা।
- সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক অসমতা দূৰ কৰা।
- উপযোগী আঁচনি আৰু প্ৰকল্পৰ অগ্ৰাধিকাৰ নিৰ্ণয় কৰা আৰু তাক কাৰ্যকৰী কৰাৰ অৰ্থে বিহিত ব্যৱস্থা হাতত লোৱা।
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মজত সমন্বয়, সহযোগিতা আৰু ঐক্য বৃদ্ধি কৰা।
- অঞ্চলটোৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনি মূলক উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা।
- হাতত লোৱা আঁচনিৰ কাৰ্যকৰী পদ্ধতি সম্পৰ্কে আলোচনা কৰা আৰু তাক কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা চলোৱা।
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত গ্ৰহণ কৰিবলগীয়া প্ৰকল্প আৰু আঁচনিৰ উপকাৰিতা আৰু যথাৰ্থতা নিৰ্ণয়ৰ বাবে জৰীপ কাৰ্য চলোৱা।
কাৰ্যৱলী:
উত্তৰ-পূব পৰিষদৰ প্ৰধান কাৰ্যৱলী তলত উল্লেখ কৰা হ’ল:
- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ দ্ৰুত আৰু সম-উন্নয়নৰ ব্যৱস্থা কৰা।
- সাধাৰণ সমস্যা সমাধানৰ বাবে অৰ্থনৈতিক আঁচনিত গুৰুত্ব দিয়া।
- উদ্যোগিক উন্নয়ন আৰু বিকাশৰ বাবে বুনিয়াদী সা-সুবিধা শক্তিশালী কৰা।
- কৃষি পদ্ধতিৰ পৰিৱৰ্তন অনা আৰু হস্তশিল্পৰ আধুনিকীকৰণ।
- অঞ্চলটোৰ অৰ্থনৈতিক সম্পদৰ প্ৰণালীৱদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা
ভূমিকা
উত্তৰ-পূব পৰিষদে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান সময় কালত উত্তৰ-পূব পৰিষদক গোটেই উত্তৰ-পূব অঞ্চলৰ সুষম অৰ্থ-সামাজিক উন্নয়নৰ বাবে এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি মূলক সংস্থা বুলি গণ্য কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ পূব পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৯৯২২০ (২৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।