অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰোহিনী গোডবোলে

ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰোহিনী গোডবোলে১ হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। ২ তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য। তাৰ লগতে তেখেত "Science Academy of the Developing World (TWAS)"ৰো সভ্য।৩

বিদ্যায়তনিক দিশত উল্লেখযোগ্য কামৰ কৰাৰ উপৰিও তেখেতে নতুন প্ৰজন্মৰ মাজত বিজ্ঞান-শিক্ষাৰ জনপ্ৰিয়তাৰ হকে কাম কৰি আহিছে। নাৰীসমাজক বিজ্ঞানক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈকো তেখেতে উদগনি যোগাইছে। ৪৫৬

শিক্ষা আৰু কৰ্মজীৱন

  • পুণে বিশ্ববিদ্যালয়ৰ অধীনত ছাৰ পৰশুৰম্ভু মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন।
  • আইআইটি,বোম্বাইৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন।
  • নিউ ইয়ৰ্ক ষ্টেট বিশ্ববিদ্যালয়, ষ্টুনি ব্ৰুকৰ পৰা তাত্ত্বিক কণিকা পদাৰ্থ বিজ্ঞানত ১৯৭৯ চনত ডক্তৰেট ডিগ্ৰী লাভ। ৭
  • ১৯৭৯ চনতেই মুম্বাই টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত অনাৱসিক সভ্য হিচাপে যোগদান।
  • ১৯৮২-৮৫ লৈকে মুম্বাই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰবক্তা আৰু ৰিডাৰ হিচাপে যোগদান।
  • ১৯৯৫ চনত তেখেতে বাংগালোৰৰ আইআইএছচিৰ তাত্ত্বিক অধ্যয়ন কেন্দ্ৰত যোগদান কৰে আৰু ১৯৯৮ চনত অধ্যাপকৰ পদ লাভ কৰে। বৰ্তমান তেখেত সেইখন প্ৰতিষ্ঠানত উচ্চ শক্তি পদাৰ্থ বিজ্ঞানত অধ্যাপনা কৰি আছে।৮
  • তেখেতে ১৫০খনতকৈও অধিক গৱেষণাপত্ৰ লিখিছে। ৯

অৰিহণা

  • ৰোহিনী গোডবোলে International Detector Advisory Group (IDAG)ত সংযুক্ত হৈ গুৰুত্বপূৰ্ণ কাম কৰিছে। ১০১১ এই গোটটোৱে আইএলচি ডিটেক্টৰৰ গৱেষণা আৰু উন্নয়নসমূহ পৰ্যবেক্ষণ কৰে।
  • তেখেত ভাৰতীয় বিজ্ঞান একাডেমীৰ বিজ্ঞানত নাৰী পৰিযোজনা পেনেলৰো আসন শুৱনি কৰিছে।১২
  • ৰামাস্বামীৰ সৈতে যুটীয়াভাৱে তেখেতে লীলাৱতীৰ ডটাৰছ নামৰ আত্মজীৱনীমূলক ৰচনা-সঙ্কলনখনো সম্পাদনা কৰি প্ৰকাশ কৰোৱাইছে। (২০০৮)১৩

প্ৰকাশনসমূহ

  • Low-virtuality leptoproduction of open-charm as a probe of the gluon Sivers function (2018)১৪
  • Transverse single-spin asymmetry in the low-virtuality leptoproduction of open charm as a probe of the gluon Sivers function (2017)১৫
  • Proceedings, 2nd Asia-Europe-Pacific School of High-Energy Physics (AEPSHEP 2014): Puri, India (2014)১৬

গ্ৰন্থাৱলী

  • Theory And Phenomenology Of Sparticles: An Account Of Four-dimensional N=1 Supersymmetry In High Energy Physics:১৭
  • The Girl's Guide to a Life in Science:১৮
  • LILAVATI'S DAUGHTERS- The Women Scientists of India (2008)১৯

বঁটা-সন্মান

  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈ আগবঢ়োৱা অৰিহণাৰ বাবে ২০১৯ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ। .
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ পৰা সত্যেন্দ্ৰনাথ বসু পদক(২০০৯)২০
  • ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য (২০০৭)২১
  • Academy of Sciences of the Developing World, TWASৰ সভ্য(২০০৯)২২
  • ২০১৫ চনৰ আগষ্টত নিউ ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ পৰা দেৱী বঁটা লাভ। ২৩

অন্য উৎস

তথ্যসূত্ৰ

  1. ↑ Rohini Godbole · The Best of Indian Science. nobelprizeseries.in
  2. ↑ Prof. Rohini M. Godbole. chep.iisc.ac.in. Centre for High Energy Physics, IISc
  3. ↑ Participant Details- India France Technology Summit 2013
  4. ↑ (2009-04-05). Forgotten daughters. The Hindu
  5. ↑ Godbole, Rohini M.; Ramaswamy, Ram. (2008). Lilavati's Daughters: The Women Scientists of India. Indian Academy of Sciences. ISBN 9788184650051
  6. ↑ Godbole, Rohini. LILAVATI'S DAUGHTERS- The Women Scientists of India
  7. ↑ Indian Fellow
  8. ↑ rmgodbole.in/
  9. ↑ rmgodbole.in/wp-content/uploads/2018/07/pub_may-
  10. ↑ International Detector Advisory Group (IDAG)
  11. ↑ Chasing the one trillion trillionth of a second
  12. ↑ Women in Science- an Indian Academy of Sciences Initiative
  13. ↑ Forgotten daughters. The Hindu
  14. ↑ Godbole, Rohini M.; Kaushik, Abhiram; Misra, Anuradha. (2018-03-10). Low-virtuality leptoproduction of open-charm as a probe of the gluon Sivers function. Few Body Syst.. পৃ. 34
  15. ↑ Godbole, Rohini M.; Kaushik, Abhiram; Misra, Anuradha. (2017). Transverse single-spin asymmetry in the low-virtuality leptoproduction of open charm as a probe of the gluon Sivers function
  16. ↑ Mulders, Martijn; Godbole, Rohini. (2017). Proceedings, 2nd Asia-Europe-Pacific School of High-Energy Physics (AEPSHEP 2014): Puri, India, November 04–17, 2014
  17. ↑ Drees. (2005-01-18). Theory And Phenomenology Of Sparticles: An Account Of Four-dimensional N=1 Supersymmetry In High Energy Physics. World Scientific Publishing Co Pte Ltd. ISBN 9789812565310
  18. ↑ Ramaswamy, Ram. (2015-02-11). The Girl's Guide to a Life in Science. Zubaan
  19. ↑ Godbole, Rohini. LILAVATI'S DAUGHTERS- The Women Scientists of India
  20. ↑ INSA- Awards Recipients
  21. ↑ NASI- List of Fellows. nasi.nic.in
  22. ↑ Members- The World Academy of Sciences. www.twas.org
  23. ↑ Devi Awards 2015. www.eventxpress.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় মহিলা বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীভাৰতীয় শিক্ষাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী গোডবোলে” প্ৰবন্ধৰ সংশোধন ৬৪০৪১৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।