মহাৰাণী চক্ৰৱৰ্তী (Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞানী৷ এছিয়া আৰু দূৰৱৰ্তী এছিয়াত পুনৰসংমিশ্ৰিত ডিএনএ পদ্ধতিত তেখেতে ১৯৮১ চনত পোনপ্ৰথমবাবৰৰ বাবে গৱেষণাগাৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷ ১
প্ৰাৰম্ভিক জীৱন
১৯৩৭ চনত মহাৰাণী চক্ৰৱৰ্তীৰ কলিকতাত জন্ম হৈছিল৷ তেখেত ককাক (মাতৃৰ পিতৃ)ৰ চিন্তা আৰু দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত হৈ গণিত আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল৷ ১৯৫০ চনত তেখেতে প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হয়৷ কলিকতাত থকা প্ৰেছিডেন্সী কলেজৰ পৰা তেখেতে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ইয়াৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ কলিকতাত থকা বসু প্ৰতিষ্ঠানৰ পৰা মহাৰাণী চক্ৰৱৰ্তীয়ে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে৷ ১
কৰ্মজীৱন
মহাৰাণী চক্ৰৱৰ্তীয়ে কলিকতাৰ বসু প্ৰতিষ্ঠানৰ পৰা মাইক্ৰ'বায়েল প্ৰ'টিন সংশ্লেষণত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে৷ তেখেতৰ মেণ্টৰ আছিল ডা০ দেৱী প্ৰসাদ বাৰ্মা৷ গৱেষণাৰ কৰ্মৰ অংশ হিচাপে তেখেতে এজট'বেক্টাৰ ভাইনেলেণ্ডিৰ পৰা কণিকা প্ৰস্তুতিৰে কোষমুক্ত প্ৰ'টিন সংশ্লেষণ প্ৰদৰ্শন কৰিছিল৷ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিছিনৰ বি.এল. হোৰেকাৰ গৱেষণাগাৰৰ পৰা তেখেতে এনজাইম ৰসায়নত প'ষ্ট ডক্তৰেট প্ৰশিক্ষণ লাভ কৰে৷ আমেৰিকাৰ লং আইলেণ্ডত থকা কোল্ড স্প্ৰিং হাৰ্বাৰ গৱেষণাগাৰত তেখেতে বেক্টেৰিয়াজনিত জেনেটিকছ আৰু ভাইৰাছতত্ত্বত বিশেষ প্ৰশিক্ষণ সম্পন্ন কৰে৷২ ১৯৬৮ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ এন হাৰ্বাৰস্থিত হিউমেন জেনেটিকছ বিভাগৰ অধ্যাপক মায়ৰন লেভিনৰ গৱেষণাগাৰত কাম কৰে৷ তেখেতে প্ৰতিষ্ঠা কৰে যে, ছালম'নেলা টাইফিমৰিয়ামৰ আৱৰণী জটিলতাৰ অৱক্ষেপন ধ্ৰুৱক ১০০০s আৰু ইয়াৰ ভিত্তিত কেৱল ডিএনএ সংশ্লেষণেই নহয়, আৰএনএ সংশ্লেষণো উৎপত্তি হয়৷ গৱেষণাৰ অন্তত, তেখেত ভাৰতলৈ উভতি আহে আৰু বসু প্ৰতিষ্ঠানত যোগদান কৰে৷ মহাৰাণী চক্ৰৱৰ্তীয়ে এইখন প্ৰতিষ্ঠানত এককোষী জীৱৰ বিপাকীয় নিয়মীয়াকৰণত গৱেষণা আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জৈৱ-ৰসায়ন বিভাগত যোগদান কৰে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত, তেখেতে লাইছ'জেনি আৰু লাইছিছৰ দ্বাৰা প্ৰভাৱিত হোৱা কোষৰ পাৰ্থক্য সম্বন্ধে গৱেষণা কৰে৷
মৃত্যু
২০১৫ চনত মহাৰাণী চক্ৰৱৰ্তীৰ দেহাৱসান ঘটে৷ সতীৰ্থ বিজ্ঞানী দেৱী প্ৰসাৰ বাৰ্মাৰ সৈতে তেখেতে বৈবাহিক জীৱনৰ পাতনি মেলিছিল৷ মৃত্যুৰ সময়ত তেখেতে দুটি সন্তান এৰি থৈ যায়৷১
বঁটা আৰু সন্মান
মহাৰাণী চক্ৰৱৰ্তীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠানৰ পৰা ১৯৭৫-৭৬ চনত মেধাৰ প্ৰমাণপত্ৰ লাভ কৰে৷ ১৯৭৯ চনত তেখেতে একেখন শিক্ষানুষ্ঠানৰ পৰা শ্ৰেষ্ঠ গৱেষণাৰ সন্মানেৰে পুৰস্কৃত হয়৷ একেটা বৰ্ষতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ পৰা ক্ষণিকা অৰেছন বঁটা তেখেতে লাভ কৰে৷ ১৯৮১ চনত মহাৰাণী চক্ৰৱৰ্তীয় আইচিএমআৰৰ পৰা য়াই.এছ. নাৰায়ণ ৰাও বঁটা লাভ কৰে৷ ভাৰতৰ চিকিৎসা সন্থাৰ পৰা তেখেতে ১৯৮১ চনত হৰি ওম আশ্ৰম আলবেমিক গৱেষণা বঁটা লাভ কৰে৷ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিয়ে তেখেতক ২০০৭ চনত অধ্যাপক দৰ্শন ৰাংগানাথন স্মাৰক বঁটা প্ৰদান কৰে৷ ৩
তথ্যসূত্ৰ
- ↑ Chakravorthy, Maharani. Why and how I became a scientist. Lilavati's daughters
- ↑ Author Profile: Maharani Chakraborthy. Pearson
- ↑ Deceased Fellow- Maharani Chakravorty. INSA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰাণী চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪৮৫০৯৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।