নিগাৰ শ্বাজী (Nigar Shaji; জন্ম: ১৯৬৪) এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী তথা অভিযন্তা। বৰ্তমান তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কৰ্মৰত। তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৪ চনত তামিল মুছলমান পৰিয়ালত নিগাৰ শ্বাজীৰ জন্ম হৈছিল। তেওঁৰ নাম নিগাৰ চুলতানা ৰখা হৈছিল। তেওঁৰ দেউতাক শ্বেখ মীৰাণ এগৰাকী খেতিয়ক আৰু মাক ছেইটুন বিবি এগৰাকী গৃহিণী আছিল। নিগাৰ শ্বাজীয়ে তামিলনাডুৰ টেংকাশী জিলাৰ চেংগোটাইত১২ ডাঙৰ-দীঘল হৈছিল।৩ তিৰুনেলভেলী মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ অধ্যয়নৰ বাবে যোৱাৰ আগতে চেংগোটাইৰ৪ এছ আৰ এম চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, তিৰুনেলভেলীৰ পৰা ইলেক্ট্ৰনিক্স আৰু যোগাযোগত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে।৫ তাৰ পিছত তেওঁ মেছৰাৰ বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা ইলেক্ট্ৰনিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬৭ তেওঁৰ এজন আছে আৰু তেওঁৰ নাম শ্বেইক ছালীম।৮
কৰ্মজীৱন
১৯৮৭ চনত নিগাৰ শ্বাজীয়ে ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰৰ অংশ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰে।৬ তেওঁ ভাৰতৰ প্ৰস্তাৱিত শুক্ৰ অভিযানৰ অধ্যয়ন সঞ্চালক হিচাপে কাম কৰাকে ধৰি একাধিক উপগ্ৰহ কাৰ্যসূচীৰ লগত জড়িত হৈ আহিছে।৯১০ তেওঁ ৰিচ'ৰ্চছেট-২এৰ সহযোগী প্ৰকল্প সঞ্চালক আছিল।১১১২ ২০২৩ চনৰ হিচাপত তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল। ২০২৩ চনৰ ২ ছেপ্টেম্বৰত এই অভিযান সফলতাৰে আৰম্ভ কৰা হৈছিল।১৩
বঁটা আৰু সন্মান
২০২৩ চনত টাইমছ নাওৱে শ্বাজী আৰু পি বীৰমুথুভেলক তেওঁলোকৰ "ভাৰতৰ মহাকাশ প্ৰচেষ্টাত অৱদান"ৰ বাবে স্বীকৃতি প্ৰদান কৰে।১৪ তিৰুচিৰাপল্লী আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ে তেওঁক 'উৎকৃষ্টতাৰ প্ৰাকক্ষণ' সন্মান প্ৰদান কৰিছে।১৫১৬
ব্যক্তিগত জীৱন
নিগাৰ শ্বাজীয়ে মাক আৰু কন্যাৰ সৈতে বেংগালুৰুত বসবাস কৰে।৬১৭ তেওঁৰ স্বামীয়ে ডুবাইত কাম কৰে।৬
তথ্যসূত্ৰ
- ↑ Rajamani, Thinakaran. (2 September 2023). Meet Nigar Shaji from TN's Tenkasi, Aditya-L1 mission project director. The New Indian Express
- ↑ Meet Nigar Shaji, a woman ISRO scientist who helmed Aditya-L1 mission. The Economic Times
- ↑ Singh, Surendra. (3 September 2023). After Moon, Isro's 'Nari Shakti' behind Aditya-L1: Nigar Shaji is project head. The Times of India (Online); New Delhi.
- ↑ Web Desk, Outlook. (2023-09-03). Meet Nigar Shaji, The Project Director Behind India's First Solar Mission Aditya L-1. www.outlookindia.com
- ↑ Web Desk, Outlook. (2023-09-03). Meet Nigar Shaji, The Project Director Behind India's First Solar Mission Aditya L-1. www.outlookindia.com
- ↑ Meet Nigar Shaji, The Project Director Of India's First Sun Mission: 5 Points. NDTV.com
- ↑ Sivapriyan, ETB. (2 September 2023). Meet Nigar Shaji, Aditya L1 project director from Tamil Nadu. Deccan Herald
- ↑ (2023-09-02). Who is Nigar Shaji, the scientist who served as project director for Aditya-L1 solar mission. Moneycontrol
- ↑ Kumar, Chethan. (5 May 2022). Aim is to find unique outcome from Venus mission. The Times of India; New Delhi
- ↑ Bartels, Meghan. (2012). India has a new planetary target in mind: Venus. All About Space. পৃ. 13
- ↑ lallanpost. (2023-09-02). इसरो की एक महिला वैज्ञानिक निगार शाजी ने आदित्य-एल1 मिशन का नेतृत्व किया है.. Lallanpost
- ↑ (10 February 2015). Isro scientist urges engineering students to join space research. The Times of India; New Delhi
- ↑ Kumar, Hari; Mashal, Mujib. (2023-09-02). India Launches Its First Solar Mission. The New York Times
- ↑ (1 October 2023). 11 get Times Now Amazing Indians Awards (India). The Times of India; New Delhi
- ↑ (22 October 2023). Solar mission chief Nigar Shaji urges women to aim high. The Hindu; Chennai
- ↑ (27 October 2023). She's shining bright. The Hindu; Chennai
- ↑ Desk, INVC. (2023-09-04). Diversity Shines: Muslim Scientists Nigar Shaji Heads ISRO's Sun Mission. INVC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিগাৰ শ্বাজী” প্ৰবন্ধৰ সংশোধন ৬১৬৫৬৩ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।