ভাৰতীয় মহিলা কবি
১১১ প্ৰবন্ধ
-
কুলি কোহলী
ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।
-
কুসুমকুমাৰী দাশ
কুসুমকুমাৰী দাশ (১৮৭৫–১৯৪৮) এগৰাকী বাংলা কবি, লেখিকা আৰু সমাজকৰ্মী আছিল। তেওঁক আধুনিক বাংলা সাহিত্যৰ প্ৰখ্যাত কবি জীবনানন্দ দাশৰ মাতৃ হিচাপে জনা যায়। ইয়াৰ উপৰি তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গংগাদেৱী
গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।
-
গংগাসতী
গংগাসতী আছিল পশ্চিম ভাৰতৰ ভক্তি পৰম্পৰাৰ মধ্যযুগীয় সাধু কবি যিয়ে গুজৰাটী ভাষাত কেইবাটাও ভক্তিমূলক গীত ৰচনা কৰিছিল।
-
গিৰিজা ব্যাস
গিৰিজা ব্যাস (Girija Vyas; জন্ম: ৮ জুলাই ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। চিত্তৰগড় সমষ্টিৰ পৰা তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদনৰ ১৫ নং লোকসভাৰ সদস্য তথা ভাৰতীয় মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।
-
গীতা পাৰিখ
গীতা সূৰ্যাকান্ত পাৰিখ (ইংৰাজী: Geeta Sooryakant Parikh; জন্ম: ১১ আগষ্ট ১৯২৯ – ৭ এপ্ৰিল ২০১২) এগৰাকী ভাৰতীয় কবি আছিল যিয়ে গুজৰাটী ভাষাত সাহিত্য চৰ্চা কৰিছিল। দৰ্শনশাস্ত্ৰত শিক্ষা লাভ কৰা পাৰিখৰ দুখন কাব্য সংকলন আৰু এটা জীৱনী সংকলন প্ৰকাশ পাইছে।
-
গ্ৰেচ কুজুৰ
গ্ৰেচ কুজুৰ (হিন্দী: ग्रेस कुजूर, ইংৰাজী: Grace Kujur; জন্ম: ৩ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনত ঝাৰখণ্ডৰ ৰাঁচীত। তেওঁৰ মাতৃভাষা আছিল 'কুড়ুখ'। তেওঁৰ পিতৃৰ নাম আছিল পৈত্ৰিক কুজুৰ আৰু মাতৃৰ নাম আছিল আছিল ৰুথ কেৰকেট্টা।
-
চম্পা শৰ্মা
অধ্যাপক চম্পা শৰ্মা এগৰাকী প্ৰখ্যাত ডোগ্ৰী ভাষাৰ লেখিকা আৰু জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশৰ অন্যান্য ডোগ্ৰী ভাষী অঞ্চলসমূহত ড্ৰোগ্ৰী ভাষাৰ প্ৰচাৰ আৰু সংৰক্ষণত তেওঁৰ অৱদানৰ বাবে জনাজাত কবি।
-
জয়াপ্ৰভা
জয়াপ্ৰভা (জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় সমালোচক আৰু কবি, যিয়ে তেলুগু ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁক তেলুগু সাহিত্য সমালোচনা আৰু কবিতাত নাৰীবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
জাহিদা খাতুন শ্বেৰৱানী
জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
জাহিদা জাইদি
জাহিদা জাইদি ( Zahida Zaidi; ৪ জানুৱাৰী ১৯৩০ – ১১ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় পণ্ডিত, ইংৰাজী সাহিত্যৰ অধ্যাপিকা, কবি, নাট্যকাৰ, নাট্যকাৰ, আৰু সাহিত্য সমালোচক।
-
জে.ভি. মণীষা
জে.ভি. মণীষা বাজাজ এগৰাকী ভাৰতীয় লেখিকা আৰু চলচ্চিত্ৰ নিৰ্মাতা। ভাৰতীয় টেলিভিছনত বিষয়ভিত্তিক কাব্য অনুষ্ঠান আৰম্ভ কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
জেনিছ পাৰিয়েট
জেনিছ পাৰিয়েট (Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল। ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য…
-
জ্যোৎস্না মিলন
জ্যোৎস্না মিলন (ইংৰাজী: Jyotsna Milan; ১৯ জুলাই ১৯৪১ – ৪ মে' ২০১৪) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখিকা, কবি আৰু সম্পাদিকা আছিল। তেওঁ দুখন উপন্যাস, কেইবাখনো চুটিগল্প সংকলন আৰু দুখন কবিতা সংকলন প্ৰকাশ কৰিছিল। তেওঁ গুজৰাটী আৰু হিন্দী দুয়োটা ভাষাতে লিখা-মেলা কৰিছিল।
-
দক্ষা ব্যাস
দক্ষা ব্যাস (ইংৰাজী: Daksha Vyas; জন্ম: ২৬ ডিচেম্বৰ ১৯৪১) ভাৰতৰ গুজৰাটৰ এগৰাকী গুজৰাটী ভাষাৰ কবি, সমালোচক আৰু সম্পাদক। ১৯৭৮ চনত তেওঁ স্বাতন্ত্ৰ্যোত্তৰ গুজৰাটী কবিতা: পৰিদৰ্শন শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰিছিল।
-
দিনেশ নন্দিনী ডালমিয়া
দিনেশ নন্দিনী ডালমিয়া (Dinesh Nandini Dalmia; ১৬ ফেব্ৰুৱাৰী ১৯২৮ – ২৫ অক্টোবৰ, ২০০৭), বা দিনেশনন্দিনী ডালমিয়া হিন্দী সাহিত্যৰ এগৰাকী ভাৰতীয় কবি, গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ ডালমিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াৰ পঞ্চম পত্নী।
-
নন্দিনী চাহু
নন্দিনী চাহু (ইংৰাজী: Nandini Sahu; জন্ম: ২৩ জুলাই ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। তেওঁ বিদেশী ভাষা বিদ্যালয়ৰ সঞ্চালিকা আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) ইংৰাজী বিষয়ৰ অধ্যাপিকা।
-
নলিনীপ্ৰভা ডেকা
নলিনীপ্ৰভা ডেকা (; জন্ম:১১ মাৰ্চ ১৯৪৪ – মৃত্যু:১৫ জুন ২০১৪) আছিল ব্ৰহ্মপুত্ৰ উপত্যকাক সামৰি লোৱা ভাৰত অসমৰ এগৰাকী লেখিকা, কবি, গল্পকাৰ, অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১২ চনত লিডুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ (অসম সাহিত্য সমাজ) এক সমাৱেশত তেওঁক সন্মানিত কৰা হৈছিল।
-
নিবেদিতা ঝা
নিবেদিতা ঝা (জন্ম: ৪ এপ্ৰিল ১৯৬৫) বিহাৰৰ এগৰাকী ভাৰতীয় সাংবাদিক, সমাজকৰ্মী আৰু কবি। তেওঁ বিশেষকৈ নাৰী অধিকাৰ আৰু সামাজিক ন্যায় সম্পৰ্কীয় কামৰ বাবে পৰিচিত আৰু বৰ্তমান তেওঁ ‘বিহাৰ মহিলা সমাজ’ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নিৰুপমা দত্ত
নিৰুপমা দত্ত (:Nirupama Dutt জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু অনুবাদক। তেখেতে পঞ্জাবী ভাষাত কবিতা লিখে, আৰু নিজেই ইংৰাজীলৈ অনুবাদ কৰে।
-
নিৰুপমা মেনন ৰাও
নিৰুপমা মেনন ৰাও (:Nirupama Menon Rao; জন্ম ৬ ডিচেম্বৰ ১৯৫০) ১৯৭৩ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ২০০৯ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কৰ্মজীৱনৰ সময়ছোৱাত আমেৰিকা, চীন আৰু শ্ৰীলংকাত ভাৰতৰ ৰাষ্ট্ৰদূত (উচ্চায়ুক্ত) হিচাপে…
-
পল্লৱী সিং
পল্লৱী পদ্মা-উদয় (ইংৰাজী: Pallavi Padma-Uday) যুক্তৰাজ্যত বসবাস কৰা এগৰাকী ভাৰতীয় লেখিকা আৰু ব্যৱসায়িক ইতিহাসবিদ। তেওঁ অৰিচনছ ইন দ্য ডাৰ্ক (২০২৩) আৰু লোলা ইন বেলফাষ্ট (২০২৪) নামৰ কবিতা সংকলন দুখনৰ ৰচক।
-
পান্না নাইক
পান্না নাইক (ইংৰাজী: Panna Naik; জন্ম: ২৮ ডিচেম্বৰ ১৯৩৩) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গল্পকাৰ, যিয়ে ১৯৬০ চনৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত বাস কৰি আহিছে। স্থানীয় বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত তেওঁ নিজৰ চৌপাশৰ জগতখনৰ পৰা সমল গোটাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।
-
পাৰ্বতী মীৰা
পাৰ্বতী মীৰা (ইংৰাজী: Parvathy Meera) তামিল চলচ্চিত্ৰ জগতত কৰ্মৰত এগৰাকী ভাৰতীয় গীতিকাৰ। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিছিল আৰু তাতেই তেওঁ 'বহুমুখী প্ৰতিভাশালী' বুলি পৰিচিতি লাভ কৰিছিল।
-
বন্দনা এলাংবাম
বন্দনা এলাংবাম (ইংৰাজী: Bondina Elangbam) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু শিল্পী। তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁৰ সৰ্বাংগীণ তুলনামূলক বিশ্লেষণাত্মক গৱেষণামূলক কৰ্মসমূহৰ ভিতৰত "Is the Homosexual an Invisible Being? 'Comrade Love' in the Select Fiction of the Rohinton Mistry and Amitav Ghosh" অন্যতম।
-
বসুধৰা ৰায়
বসুধৰা ৰায় (ইংৰাজী: Basudhara Roy; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সমালোচক আৰু কোলহান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জামছেদপুৰৰ কৰিম চিটী কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা।
-
বি সন্ধ্যা
বি সন্ধ্যা (: B. Sandhya জন্ম ২৫ মে', ১৯৬৩), ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু কেৰেলা অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ প্ৰাক্তন সঞ্চালক প্ৰধান। তেওঁ সাহিত্যিক অৱদানৰ বাবেও পৰিচিত যিয়ে তেওঁক ২০০৭ চনত এডাছেৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
বিদ্যুৎ প্ৰভা দেৱী
বিদ্যুৎ প্ৰভা দেৱী (ইংৰাজী: Bidyut Prabha Devi; জন্ম: ১২ জুলাই ১৯২৬ – ২৮ জানুৱাৰী ১৯৭৭) ভাৰতৰ এগৰাকী ওড়িয়া ভাষাৰ কবি আছিল। তেওঁ ওড়িয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ মহিলা কবি হিচাপে স্বীকৃত।
-
বৈদেহী (কন্নড় লেখিকা)
জানকী শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Janaki Srinivasa Murthy; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৫), যি তেওঁৰ ছদ্মনাম বৈদেহী নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা আৰু আধুনিক কন্নড় কল্পসাহিত্যৰ এগৰাকী সুপৰিচিত সাহিত্যিক।
-
মনালিছা চাংকিজা
টিয়ামেৰেলা মনালিছা চাংকিজা ( Tiamerenla Monalisa Changkija) নগালেণ্ডৰ এগৰাকী সাংবাদিক আৰু কবি। ১৯৯৯ চনৰ মে'ৰ পৰা ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে নাগালেণ্ডৰ দৈনিক কাকত নাগালেণ্ড পেজৰ মালিক আছিল। চাংকিজা ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ মহিলা সবলীকৰণৰ ৱৰ্কিং গ্ৰুপৰ সদস্য আছিল।