জ্যোৎস্না মিলন (ইংৰাজী ভাষা: Jyotsna Milan; ১৯ জুলাই ১৯৪১ – ৪ মে' ২০১৪) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখিকা, কবি আৰু সম্পাদিকা আছিল। তেওঁ দুখন উপন্যাস, কেইবাখনো চুটিগল্প সংকলন আৰু দুখন কবিতা সংকলন প্ৰকাশ কৰিছিল। তেওঁ গুজৰাটী ভাষা আৰু হিন্দী ভাষা দুয়োটা ভাষাতে লিখা-মেলা কৰিছিল।১
জীৱন আৰু কেৰিয়াৰ
১৯৪১ চনৰ ১৯ জুলাইত মুম্বাইত জ্যোৎস্না মিলনৰ জন্ম হৈছিল।২৩ তেওঁ মূলতঃ গুজৰাটী ঐতিহ্যৰ আছিল। তেওঁ শৈশৱৰপৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পিতৃও এজন লেখক আছিল আৰু তেৱেঁই জ্যোৎস্না মিলনক উৎসাহিত কৰিছিল।১ তেওঁৰ ভাতৃ-ভগ্নীসকলৰ ভিতৰত শিল্প ইতিহাসবিদ জ্যোতিীন্দ্ৰ জৈন অন্যতম।৪ তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা গুজৰাটী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু অৱধেশ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।২৩
কমপক্ষে ১৬ বছৰ ধৰি জ্যোৎস্না মিলনে 'চেল্ফ এম্প্লয়ড ৱমেনছ এছ'চিয়েচন'ৰ (SEWA)দ্বাৰা প্ৰকাশিত 'অনসূয়া' নামৰ এখন আলোচনীৰ সম্পাদনা কৰিছিল।১ তেওঁ প্ৰিয়কান্ত মণিযাৰ, সুৰেশ যোশী আৰু নিৰঞ্জন ভগতৰ কৰ্মৰাজিক সামৰি কেইবাটাও গুজৰাটী ভাষাৰ কবিতা হিন্দীলৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰি তেওঁ ইলা ভাটৰ লেখাসমূহো অনুবাদ কৰিছিল। ১৯৮৫ চনত মধ্য প্ৰদেশ চৰকাৰে তেওঁক 'মুক্তিবোধ ফেল'শ্বিপ' আৰু ১৯৯৩ চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে 'চিনিয়ৰ ফেল'শ্বিপ' প্ৰদান কৰে।২
আশীব দশকৰ ভাৰতীয় নৱপ্ৰজন্মৰ মহিলা কবিসকলৰ ভিতৰত জ্যোৎস্না মিলন অন্যতম আছিল। তেওঁৰ 'ৱমেন ২' (Woman 2) কবিতাটো 'দ্য অক্সফৰ্ড এনথ'লজী অৱ মডাৰ্ণ ইণ্ডিয়ান পয়েট্ৰি'ত (১৯৯৪) অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৯৩ চনত প্ৰকাশিত 'ইন দেয়াৰ অউন ভইচ: দ্য পেংগুইন এনথ'লজী অৱ কনটেম্পৰাৰী ইণ্ডিয়ান ৱমেন পয়েটছ'তো তেওঁৰ কবিতা স্থান পাইছে। ১৯৮২ চনত তেওঁৰ এটা চুটিগল্প সংকলন ইংৰাজী ভাষাত 'খাণ্ডাহাৰ এণ্ড আডাৰ ষ্ট'ৰীজ' নামেৰে প্ৰকাশ পাইছিল।
মিলনে নিজক নাৰীবাদী কবি বুলি গণ্য কৰা নাছিল যদিও পণ্ডিত লুচি ৰোজেনষ্টাইনে লক্ষ্য কৰিছে যে "নাৰীৰ অভিজ্ঞতা স্পষ্টকৈয়ে তেওঁৰ সৃজনশীলতাৰ প্ৰতিফলন আছিল।" ১ মিলনৰ ১৯৮৯ চনৰ কবিতা সংকলন ঘৰ নহীৰ অৰ্থ হ’ল "ঘৰ নহয়", আৰু ৰোজেনষ্টাইনে উল্লেখ কৰিছে যে এই সংকলনৰ বহুতো কবিতাই ঘৰৰ ভিতৰত মহিলাৰ আবদ্ধতা বা কাৰাবাসৰ বিষয়টোৰ সৈতে সম্পৰ্কিত।৫
মিলন লেখক ৰমেশ চন্দ্ৰ শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ কন্যা ৰজুলা শ্বাহ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা।৬ ২০১৪ চনৰ ৪ মে'ত ভূপালত তেওঁৰ মৃত্যু হয়।৭৮
নিৰ্বাচিত কৰ্মৰাজি
- আপনে সাথ (উপন্যাস, ১৯৭৬)
- চীক কে আৰ পাৰ (চুটিগল্প সংকলন, ১৯৭৯)
- কাণ্ডাহাৰ তথা অন্য কহানীয়াঁ, ইংৰাজীত 'খাণ্ডাহাৰ এণ্ড আডাৰ ষ্ট'ৰীজ' নামেৰেও প্ৰকাশিত (চুটিগল্প সংকলন, ১৯৮২)২
- ঘৰ নহী (কবিতা সংকলন, ১৯৮৯)৫
- এ আস্তু কা (উপন্যাস, ১৯৯০)৯
- অন্ধেৰে মে ইন্তাজাৰ (কবিতা সংকলন, ১৯৯৬)২
- জ্যোৎস্না মিলন কী লোকপ্ৰিয় কহানীয়াঁ (চুটিগল্প সংকলন, ২০১৯)
গ্ৰন্থপঞ্জী
- (1994). The Oxford Anthology of Modern Indian Poetry. Oxford University Press. ISBN 9780195628654
বাহ্যিক সংযোগ
- আনুষ্ঠানিক ৱেবছাইটৰ আৰ্কাইভ কৰা সংস্কৰণ
- মিলনৰ উপন্যাস 'এ আস্তু কা'ৰ ইংৰাজী অনুবাদৰ অংশ, ৰজুলা শ্বাহৰদ্বাৰা অনূদিত
- মিলনে তেওঁৰ নিজৰ কবিতা পাঠ কৰিছে, ইউটিউব ভিডিঅ' (২০০৪)
তথ্যসূত্ৰ
- ↑ (2004). New Poetry in Hindi: Nayi Kavita: An Anthology. Anthem Press. পৃ. 137–138. ISBN 9781843311249
- ↑ Dutt, Kartik Chandra. (1999). Who's Who of Indian Writers, Volume 1: A-M. Sahitya Akademi. পৃ. 752. ISBN 9788126008735
- ↑ ज्योत्स्ना मिलन · Jyotsna Milan. Pratlipi: A Bilingual Journal
- ↑ de Souza, Eunice. (19 June 2013). Pavankumar Jain, poet. Bangalore Mirror
- ↑ Rosenstein, Lucy. (2005). Not a Home: Hindi Women Poets Narrating "Home". Journal of Commonwealth Literature. পৃ. 105–121
- ↑ Mii Story. Rajula Shah
- ↑ (5 May 2014). ज्योत्सना मिलन नहीं रहीं. दैनिक भास्कर
- ↑ (5 January 2015). Sublime Himalayas inspired the poet in me, says writer Ramesh Chandra Shah. Hindustan Times
- ↑ Milan, Jyotsna. (1990). A Astu Ka. Vagdevi Prakashan. ISBN 81-85127-28-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোৎস্না মিলন” প্ৰবন্ধৰ সংশোধন ৬৩২১১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।