ভাৰতীয় মহিলা কবি
১১১ প্ৰবন্ধ
-
কুন্তলা কুমাৰী সাবত
কুন্তলা কুমাৰী সাবত (১৯০১–১৯৩৮) ঔপনিৱেশিক ভাৰতৰ সময়ত এগৰাকী ওড়িয়া কবি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ওড়িশাৰপৰা বিশিষ্টতা লাভ কৰা মহিলা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। বহুমুখী ব্যক্তিত্বৰ অধিকাৰী সাবত আছিল এগৰাকী চিকিৎসক, লেখিকা, কবি, সম্পাদিকা, জাতীয়তাবাদী আন্দোলনৰ নেত্ৰী আৰু সমাজকৰ্মী।
-
গায়ত্ৰীবালা পাণ্ডা
গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
পদ্মা সচদেৱ
পদ্মা সচদেৱ (Padma Sachdev; ১৭ এপ্ৰিল ১৯৪০ – ৪ আগষ্ট ২০২১) এগৰাকী ভাৰতীয় কবি আৰু ঔপন্যাসিক আছিল। তেওঁ ডোগ্ৰী ভাষাৰ প্ৰথম আধুনিক মহিলা কবি। তেওঁ হিন্দীতো লিখিছিল। তেওঁৰ প্ৰকাশিত কেইবাটাও কবিতা সংকলনৰ ভিতৰত মেৰী কবিতা মেৰে গীত সংকলনটোৱে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পলি সেনগুপ্তা
পলি সেনগুপ্তা (Poile Sengupta; জন্ম: অম্বিকা গোপালকৃষ্ণন; জন্ম ১৯৪৮) ইংৰাজী ভাষাৰ এগৰাকী ভাৰতীয় লেখক।[1] বিশেষকৈ শিশুৰ বাবে নাট্যকাৰ আৰু লেখিকা হিচাপে তেওঁ সুপৰিচিত। তেওঁৰ আনুষ্ঠানিক প্ৰথম নাম অম্বিকা যদিও তেওঁৰ পলি সেনগুপ্তা নামেৰেহে অধিক পৰিচিত।
-
প্ৰতিভা শতপথী
প্ৰতিভা শতপথী (জন্ম: ১৮ জানুৱাৰী ১৯৪৫) এগৰাকী ওড়িয়া কবি। তেওঁ ওড়িশাৰ কটক জিলাৰ সত্যভামাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জীৱনৰ প্ৰথম পাঁচ বছৰ কৰাপুটত কটিছিল। ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁৰ পৰিয়াল সত্যভামাপুৰলৈ স্থানান্তৰিত হৈছিল। কৈশোৰতে তেওঁ ওড়িছী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।
-
বিনালক্ষ্মী নেপ্ৰাম
বিনালক্ষ্মী নেপ্ৰাম (Binalakshmi Nepram) এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ অৱদান আগবঢ়াইছে৷ এইক্ষেত্ৰত…
-
মল্লিকা সেনগুপ্ত
মল্লিকা সেনগুপ্ত (: Mallika Sengupta,বাংলা: মল্লিকা সেনগুপ্তা; ১৯৬০–২০১১) কলকাতাৰ এগৰাকী বাংলা কবি, নাৰীবাদী আৰু সমাজ বিজ্ঞানৰ পঢ়ুৱৈ আছিল, আৰু তেওঁৰ "ক্ষমাহীনভাৱে ৰাজনৈতিক কবিতা"ৰ বাবে পৰিচিত আছিল।
-
মাহ লাকা বাঈ
মাহ লাকা বাঈ (Mah Laqa Bai; ৭ এপ্ৰিল, ১৭৬৮ – আগষ্ট, ১৮২৪) আছিল ১৮ শতিকাৰ এগৰাকী ভাৰতীয় উৰ্দু কবি, ৰক্ষিতা তথা মানৱপ্ৰেমী। জন্মতে তেওঁৰ নাম আছিল চন্দা বিবি। তেওঁক মাহ লাকা চন্দা বুলিও জনা যায়। ১৮২৪ চনত তেওঁৰ উৰ্দু গজল সন্নিবিষ্ট এখন কাব্য-সংকলন মৰণোত্তৰভাৱে প্ৰকাশ হয়।
-
মীনা কান্দাচামি
ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী। ২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে।
-
শীতল সাঠে
শীতল সাঠে হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লোকগায়ক, কবি, আৰু দলিত অধিকাৰ কৰ্মী, যিয়ে ২০০০ চনৰ মাজভাগত কবীৰ কলা মঞ্চৰ অন্যতম মুখ্য গায়ক হিচাপে ভিতৰতে বিশিষ্টতা লাভ কৰিছিল।
-
শীলা ভাটিয়া
শীলা ভাটিয়া (Sheila Bhatia) আছিল এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, থিয়েটাৰ কৰ্মী আৰু দিল্লী আৰ্ট থিয়েটাৰৰ প্ৰতিষ্ঠাতা, যি হৈছে ভাৰতীয় কলাৰ প্ৰসাৰৰ বাবে দিল্লীস্থ এক অনুষ্ঠান।
-
শ্ৰীমতী লাল
শ্ৰীমতী প্ৰিয়দৰ্শিনী লাল (১৯৫৯ – ২০১৯) এগৰাকী ভাৰতীয় শিল্পী, কবি, লেখিকা, শিল্প সমালোচক আৰু কিউৰেটৰ আছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৰ্মৰাজিৰ বিশটাতকৈও অধিক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।
-
ৰাজলক্ষ্মী
থাক্কথু অময়ংকট্টু ৰাজালক্ষ্মী ( ইংৰাজী: Thakkathu Amayankattu Rajalalkshmi; ২ জুন ১৯৩০ – ১৮ জানুৱাৰী ১৯৬৫), ৰাজলক্ষ্মী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ আৰু মালয়ালম সাহিত্যৰ কবি। তেওঁ তিনিখন উপন্যাস, দুখন কবিতা সংকলন, আৰু এটা চুটিগল্প সংকলনৰ লিখক।
-
অ'. ভি. ঊষা
অ'. ভি. ঊষা (ইংৰাজী: O. V. Usha; জন্ম: ৪ নৱেম্বৰ ১৯৪৮) এগৰাকী মালয়ালম কবি আৰু ঔপন্যাসিকা। কে. এম. জৰ্জে তেওঁক "গভীৰ নৈতিক চিন্তা আৰু কাৰিকৰী দক্ষতা" থকা এগৰাকী কবি বুলি অভিহিত কৰিছে। তেওঁ চাৰিখন কবিতা পুথি আৰু কেইটামান চুটি গল্পৰ লগতে এখন উপন্যাসো ৰচনা কৰিছে।
-
অঞ্জু মাখিজা
অঞ্জু মাখিজা (ইংৰাজী: Anju Makhija) এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, অনুবাদক আৰু স্তম্ভলেখক। ইংৰাজী ভাষাত কৰা তেওঁৰ সাহিত্যকৰ্মৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
-
অনামিকা (কবি)
অনামিকা (জন্ম ১৭ আগষ্ট ১৯৬১) এগৰাকী সমকালীন ভাৰতীয় কবি, সমাজকৰ্মী আৰু উপন্যাসিকা। তেওঁ হিন্দী ভাষাত কবিতা আৰু উপন্যাস লিখে আৰু ইংৰাজী ভাষাত সমালোচনা ৰচনা কৰে। My Typewriter Is My Piano হ'ল ইংৰাজীত অনুবাদিত তেওঁৰ এটা কবিতা সংকলন।
-
অনুসূয়া সেনগুপ্তা
অনুসূয়া সেনগুপ্তা (Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰান্তীয় কণ্ঠৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰৰ বিশেষজ্ঞ।
-
অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ
অশ্বতী থিৰুনাল গৌৰী লক্ষ্মী বাঈ (ইংৰাজী: Aswathy Thirunal Gowri Lakshmi Bayi; জন্ম: ১৯৪৫) কেৰালাৰ এগৰাকী ভাৰতীয় লেখিকা আৰু ট্ৰাভাংকুৰ ৰাজপৰিয়ালৰ এগৰাকী সদস্য। তেওঁ ইতিমধ্যে দহখনকৈ গ্ৰন্থ ৰচনা কৰিছে। ২০২৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।
-
অৰণ্য জোহৰ
অৰণ্য জোহৰ (জন্ম ৭ ছেপ্টেম্বৰ, ১৯৯৮) এগৰাকী ভাৰতীয় কবি। লিংগ সমতা, মানসিক স্বাস্থ্য আৰু শৰীৰৰ ইতিবাচকতা আদি বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। সৌন্দৰ্য্যৰ প্ৰচলিত মানদণ্ডক প্ৰত্যাহ্বান জনাবলৈ তেওঁ স্লেম কবিতা ব্যৱহাৰ কৰে।
-
অৰুন্ধতী সুব্ৰমনিয়াম
অৰুন্ধতী সুব্ৰমনিয়াম (ইংৰাজী: Arundhathi Subramaniam; জন্ম: ১৯৭৩) এগৰাকী ভাৰতীয় কবি আৰু লেখিকা, যিয়ে সংস্কৃতি আৰু আধ্যাত্মিকতাৰ বিষয়ে লিখি আহিছে। তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডুৰ কোইম্বাটুৰত জন্মগ্ৰহণ কৰিছিল।
-
অৰ্চনা শৰৎ
অৰ্চনা শৰৎ (ইংৰাজী: Archana Sarat) এগৰাকী ভাৰতীয় লেখিকা, চুটিগল্প লেখক, ফ্ল্যাশ ফিকচন লেখক আৰু কবি। তেওঁ তেওঁৰ ২০১৬ চনৰ উপন্যাস বাৰ্ডছ অৱ প্ৰেৰ বাবে পৰিচিত, যিখন এখন মানসিক অপৰাধমূলক থ্ৰিলাৰ। এই উপন্যাসখন অ’টিটি প্লেটফৰ্ম আহা তামিলত তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে।
-
আৰ্যাম্বিকা এছ. ভি.
আৰ্যাম্বিকা এছ. ভি. (ইংৰাজী: Aryambika S. V.; জন্ম: ১৯৮১) এগৰাকী ভাৰতীয় মালয়ালম ভাষাৰ কবি। তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ আৰু কেৰালা সাহিত্য অকাডেমিৰ কনকশ্ৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
ইউনিচ ডি চুজা
ইউনিচ ডি চুজা (ইংৰাজী: Eunice de Souza; ১ আগষ্ট ১৯৪০ – ২৯ জুলাই ২০১৭) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সাহিত্য সমালোচক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত আছে ৱমেন ইন ডাচ পেইণ্টিং (১৯৮৮), ৱেইজ অৱ বিলংগিং (১৯৯০), নাইন ইণ্ডিয়ান ৱমেন পয়েটছ (১৯৯৭), দিজ মাই ৱৰ্ডছ (২০১২), আৰু…
-
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।
-
ইৰাৱতী কাৰ্ৱে
ইৰাৱতী কাৰ্ৱে (Irawati Karve; ১৫ ডিচেম্বৰ ১৯০৫– ১১ আগষ্ট ১৯৭০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী অগ্ৰণী ভাৰতীয় সমাজবিজ্ঞানী, নৃতত্ত্ববিদ, শিক্ষাবিদ আৰু লেখক আছিল। তেওঁ Indian Sociology & Sociology ৰ প্ৰতিষ্ঠাপক জি এছ ঘূৰেৰ ছাত্ৰী আৰু প্ৰথমগৰাকী মহিলা ভাৰতীয় সমাজবিজ্ঞানী বুলি দাবী কৰা হৈছে।
-
ঈশা বসন্ত যোশী
ইছা বসন্ত যোশী এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু কবি। তেওঁ এশা যোশী নাম লৈ নিজৰ গ্ৰন্থসমূহ প্ৰকাশ কৰিছিল। তেওঁ ভাৰতৰ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ গাৰ্লছ হাইস্কুলৰ "বেষ্টন অৱ দ্য ব্ৰিটিছ" স্কুলত গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয়। তেওঁ ব্ৰিটিছ ভাৰতৰ প্ৰথম মহিলা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া।
-
এইচ. এছ. মুক্তায়াক্কা
এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা।
-
এষা দাদাৱালা
এষা দাদাৱালা (ইংৰাজী: Esha Dadawala; জন্ম: ২ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গুজৰাটৰ সাংবাদিক। তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিৰ ভিতৰত আছে বৰতাৰো (২০০৮), ক্যা গই এই ছোকৰী (২০১১) আৰু জন্মাৰো (২০১৩)। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৩ চনৰ যুৱ গৌৰৱ পুৰস্কাৰ লাভ কৰিছে।
-
কমলা কে কাপুৰ
কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত।
-
কুট্টি ৰেৱতী
এছ ৰেৱতী (ছদ্মনাম: কুট্টি ৰেৱতী; জন্ম ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় গীতিকাৰ, কবি, সক্ৰিয়তাবাদী আৰু চিকিৎসক। তেওঁ তিনিখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছে আৰু মহিলা লেখকৰ বাবে প্ৰকাশিত সাহিত্যিক ত্ৰৈমাসিক পত্ৰিকা পানিক্কুদমৰ সম্পাদক, যি প্ৰথম তামিল নাৰীবাদী পত্ৰিকাও।