বিদ্যুৎ প্ৰভা দেৱী (ইংৰাজী ভাষা: Bidyut Prabha Devi; জন্ম: ১২ জুলাই ১৯২৬ – ২৮ জানুৱাৰী ১৯৭৭) ভাৰতৰ এগৰাকী ওড়িয়া ভাষাৰ কবি আছিল। তেওঁ ওড়িয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ মহিলা কবি হিচাপে স্বীকৃত।
জীৱনী
১৯২৬ চনৰ ১২ জুলাইত কেন্দ্ৰাপৰা জিলাৰ নাটৰা নামৰ এখন সৰু গাঁৱত অৱস্থিত মোমায়েকৰ ঘৰত বিদ্যুৎ প্ৰভাৰ জন্ম হৈছিল। তেওঁ লেখক তথা সংকলক নিমাই চৰণ দাস আৰু ৰেখা দেৱীৰ দ্বিতীয় কন্যা আছিল। তেওঁৰ পিতৃ-মাতৃ পৰম্পৰাগত আৰু ৰক্ষণশীল আছিল আৰু তেওঁলোকে কটক চহৰৰ বাম্ফীচাহীত বাস কৰিছিল। বিদ্যুৎ প্ৰভাৰ এজন ভাতৃ আৰু তিনিগৰাকী ভগ্নী আছিল; তেওঁৰ কনিষ্ঠ ভগ্নী পুণ্য প্ৰভা দেৱীও এগৰাকী লেখিকা।১
পিতৃ নিমাই চৰণ দাসৰ অনুপ্ৰেৰণাত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। শৈশৱতে তেওঁ কেইবাজনো প্ৰমুখ ওড়িয়া কবিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছিল।২
১৯৪৯ চনৰ ৪ জুলাইত তেওঁ উৰিষ্যা সচিবালয়ৰ কৰ্মচাৰী পঞ্চানন মহান্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১
১৯৬৬ চনত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হৈ শ্ৰী অৰবিন্দ আশ্ৰমলৈ গুচি যায়।৩ ১৯৭৭ চনৰ ২৮ জানুৱাৰীত ভগ্ন স্বাস্থ্যৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে।১৩
সাহিত্যিক কৃতি
বিদ্যুৎ প্ৰভাক ১৯৪০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত সাহিত্য আলোচনীত তেওঁৰ কবিতাসমূহ প্ৰকাশ পাইছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী বাসন্তীয়েও কিছু কবিতা লিখিছিল। ১৯৪৪ চনত তেওঁৰ প্ৰথম কবিতা সংকলন সবিতা প্ৰকাশ পায়, য’ত বেছিভাগেই উৰিষ্যাৰ গৌৰৱ আৰু মহিমা সম্পৰ্কীয় দেশপ্ৰেমমূলক কবিতা আছিল।১
চহৰ অঞ্চলত শিক্ষা গ্ৰহণ কৰিলেও তেওঁৰ কবিতাত শৈশৱৰ গ্ৰাম্য জীৱনৰ স্মৃতি প্ৰতিফলিত হয়। ওড়িয়া কবি নন্দ কিশোৰ বল আৰু কুঞ্জ বিহাৰী দাসৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত তেওঁৰ কবিতাসমূহে এক পুৰণি ৰক্ষণশীল সমাজত নাৰীয়ে সন্মুখীন হোৱা সমস্যাসমূহক উপস্থাপন কৰিছিল। তেওঁ নাটক আৰু কিছু শিশু সাহিত্যও ৰচনা কৰিছিল।২৩ ১৯৫৭ চনত তেওঁৰ সম্পূৰ্ণ কাব্য সমগ্ৰ বিদ্যুৎপ্ৰভা সঞ্চয়ন নামেৰে প্ৰকাশ পাইছিল।২
কাব্য সংকলন
- সবিতা (১৯৪৭)
- উৎকল সাৰস্বত প্ৰতিভা (১৯৪৭)
- কনকাঞ্জলি (১৯৪৮)
- মৰীচিকা (১৯৪৮)
- বিহায়সী (১৯৪৯)
- বন্দেনিকা (১৯৫০)
- স্বপ্নদীপ (১৯৫১)
- ঝৰা শিউলি (১৯৫৭)
- যাহাকু দিয়ে (১৯৫৭)
স্বীকৃতি
১৯৫০ চনত বিদ্যুৎ প্ৰভাৰ পুথি উৎকল সাৰস্বত উৎকল বিশ্ববিদ্যালয়ে হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কবিতাৰ পাঠ্যপুথি হিচাপে নিৰ্ধাৰণ কৰিছিল।১ বিদ্যুৎপ্ৰভা দেৱীক ওড়িয়া সাহিত্যৰ এগৰাকী প্ৰধান মহিলা কবি হিচাপে গণ্য কৰা হয়। তেওঁৰ কাব্য সংকলন বিদ্যুৎপ্ৰভা সঞ্চয়নৰ বাবে ১৯৬২ চনত ওড়িশা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।৩
তথ্যসূত্ৰ
- ↑ Nanda, Bijaya Kumara. (2010). Bidyut Prabha Devi. Sahitya Akademi. পৃ. 1–19. ISBN 978-81-260-2920-4
- ↑ Amaresh Datta. (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃ. 942. ISBN 978-81-260-1803-1
- ↑ Roshen Dalal. (23 August 2017). India at 70: Snapshots Since Independence. Penguin Random House India Private Limited. পৃ. 72. ISBN 978-93-86815-37-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যুৎ প্ৰভা দেৱী” প্ৰবন্ধৰ সংশোধন ৫৯২১৮১ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।