কুসুমকুমাৰী দাশ (১৮৭৫–১৯৪৮) এগৰাকী বাংলা কবি, লেখিকা আৰু সমাজকৰ্মী আছিল। তেওঁক আধুনিক বঙালী ভাষা সাহিত্যৰ প্ৰখ্যাত কবি জীবনানন্দ দাসৰ মাতৃ হিচাপে জনা যায়। ইয়াৰ উপৰি তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১
জীৱনী
তেওঁ কলকাতাৰ বেথুন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ১৮৯৪ চনত ১৯ বছৰ বয়সত তেওঁ সত্যানন্দ দাশৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা পুত্ৰ (জীৱনানন্দ দাশ আৰু অশোকানন্দ দাশ) আৰু এগৰাকী কন্যা (সুচৰিতা দাশ) আছিল।
তেওঁৰ পিতৃ চন্দ্ৰনাথ দাশৰপৰাই তেওঁ লিখাৰ অভ্যাস লাভ কৰিছিল। তেওঁৰ পিতৃয়ে পাতল ছন্দত কবিতা লিখিছিল। কুসুমকুমাৰী দাশে মুকুল, ব্ৰহ্মবাদী আৰু প্ৰবাসীৰ দৰে কেইবাখনো আলোচনীত কবিতা প্ৰকাশ কৰিছিল।২ তেওঁ নিয়মীয়াকৈ ডায়েৰী বা দিনলিপি লিখিছিল। কিন্তু তাৰে বেছিভাগেই বিচাৰি পোৱা নগ’ল, কাৰণ সেইবোৰ হয় হেৰাই গৈছিল নতুবা তেওঁ নিজেই নষ্ট কৰি পেলাইছিল।৩ তেওঁৰ আটাইতকৈ বিখ্যাত কবিতাটো হ’ল "আদৰ্শ ছেলে" (আদৰ্শ ল’ৰা)। এই কবিতাটোৰ প্ৰথম দুটা শাৰীয়ে কিংবদন্তিৰ মৰ্যাদা লাভ কৰিছে:
আমাদেৰ দেশে হবে সেই ছেলে কবে,কথায় না বড় হয়ে কাজে বড় হবে ...
গৃহস্থালি আৰু লিখা-মেলাৰ উপৰি কুসুমকুমাৰী দাশে সামাজিক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ব্ৰাহ্ম সমাজৰ এগৰাকী মহিলা সদস্য হিচাপে তেওঁ বৰিশালত সামাজিক কাম-কাজত মহিলাৰ অংশগ্ৰহণৰ অগ্ৰণী ভূমিকা লৈছিল। বাংলা বৰ্ষপঞ্জীৰ ১৩১৯ চনৰপৰা ১৩৩৮ চনলৈকে তেওঁ মহিলা দিৱসৰ প্ৰাৰ্থনাত আচাৰ্য হিচাপে কাম কৰিছিল। আনকি কেতিয়াবা তেওঁ ব্ৰাহ্ম সমাজৰ সাধাৰণ সভাতো আচাৰ্যৰ দায়িত্ব পালন কৰিছিল।৪
তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা আছিল। এই সভাই দুখীয়া ছোৱালীবোৰক সহায় কৰা, ধাইসকলক প্ৰশিক্ষণ দিয়া, ছোৱালী স্কুল প্ৰতিষ্ঠা কৰা আৰু মহিলাৰ ঘৰুৱা শিক্ষাৰ সুবিধা কৰা আদি কাম কৰিছিল।
প্ৰকাশিত গ্ৰন্থ
- কাব্যমুকুল
- পৌৰাণিক আখ্যায়িকা
- কুসুমকুমাৰী দাশেৰ কবিতা
- দৈনন্দিন দিনলিপি
তথ্যসূত্ৰ
- ↑ Salekeen, Seraj. (2018). Jibanananda Das. Jibani Granthamal [Biography Series]. Kathaprokash. পৃ. 7, 22
- ↑ Syed, Abdul M. (1998). Jibanananda Dases Prakashita-Oprakashita KabitaSamagra (A collection of Complete poems: Published and Unpublished by Jibanananda Das). Abasar. পৃ. 606
- ↑ Guha, Vumendra. (2012). Kusumkumari Daser Dainandin Lipi (Daily Entries: The Diary by K. Das). Abasar. পৃ. 13. ISBN 978-984-8793-98-5
- ↑ Guha, Vumendra. (2012). Kusumkumari Daser Dainandin Lipi (Daily Entries: The Diary). Abasar. পৃ. 11. ISBN 978-984-8793-98-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুসুমকুমাৰী দাশ” প্ৰবন্ধৰ সংশোধন ৫৯২২২৪ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।