অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰুপমা দত্ত

নিৰুপমা দত্ত (:Nirupama Dutt জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু অনুবাদক। তেখেতে পঞ্জাবী ভাষাত কবিতা লিখে, আৰু নিজেই ইংৰাজীলৈ অনুবাদ কৰে।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নিৰুপমা দত্ত (:Nirupama Dutt জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু অনুবাদক।১ তেখেতে পঞ্জাবী ভাষা ভাষাত কবিতা লিখে, আৰু নিজেই ইংৰাজীলৈ অনুবাদ কৰে।

কৰ্মৰাজি

তেখেত এগৰাকী অভিজ্ঞ জ্যেষ্ঠ সাংবাদিক। তেখেতে চল্লিশ বছৰীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে, ভাৰতৰ আগশাৰীৰ কাকত আৰু আলোচনীৰ সৈতে কাম কৰি আহিছে। তেখেতে লিখা দলিত আইকন বান্ত সিংৰ বিষয়ে জীৱনী, দ্য বেলাড অৱ বন্ত সিং: এ কিছা অৱ ক'ৰেজএ ব্যাপকভাৱে স্বীকৃতি লাভ কৰিছে।২ পঞ্জাৱৰ দলিত বিপ্লৱী কবি লাল সিং দিলৰ স্মৃতিগ্ৰন্থ আৰু কবিতা, পয়েট অৱ ৰিভলিউশ্বন: দ্যা মে'মৰি এণ্ড পয়েম অৱ লাল সিং দিল নামৰ খণ্ড এটাত অনুবাদ কৰিছে। তেখেতে Ik Nadi Sanwali Jahi (A Stream Somewhat Dark) (এখন গাঢ় ৰঙৰ নদী) শীৰ্ষক এখন কবিতা সংকলন প্ৰকাশ কৰিছে, যাৰ বাবে ২০০০ চনত পাঞ্জাবী সাহিত্য একাডেমি বঁটা লাভ কৰে। তেখেতৰ কবিতা ইংৰাজী, হিন্দী, কানাড়া, বাংলা আৰু উৰ্দু ভাষালৈ অনুবাদ কৰাৰ লগতে বিভিন্ন সংকলনত অন্তৰ্ভুক্ত হৈছে। ২০০৪ চনত তেওঁ অজিত ক’ৰৰ সৈতে সহ-সম্পাদনা কৰে SARC (South Asian Association for Regional Cooperation)ৰ কবিতা সংকলন, যাৰ নাম আছিল আমাৰ কণ্ঠ।

তেখেতে গুলজাৰৰ চুটি কবিতাসমূহ ‘প্লুটো’ শীৰ্ষক খণ্ডত অনুবাদ কৰে, লগতে ‘মাটিৰ কাহিনী’ Stories of the Soil নামৰ সংকলনত ৪১ খন পাঞ্জাবী গল্প ইংৰাজীলৈ অনুবাদ কৰিছে। ইয়াৰ উপৰিও তেখেতে পাকিস্তানী মহিলা লেখিকাসকলৰ হাফ দ্য স্কাই৩ নামৰ কল্পকাহিনীৰ এখন কিতাপ আৰু ‘চাইল্ড্ৰেন অৱ দ্য নাইট’ নামৰ পাকিস্তানৰ প্ৰতিৰোধমূলক সাহিত্যৰ এখন কিতাপ সম্পাদনা কৰিছে।

সাংবাদিক হিচাপে দত্তই মৌলবাদ আৰু সাম্প্ৰদায়িকতাবাদী হিংসাৰ বিৰুদ্ধে থিয় দি শক্তিশালী ধৰ্মনিৰপেক্ষ মনোভাৱ লৈ কাম কৰিছে। পঞ্জাৱত সন্ত্ৰাসবাদ, ১৯৮৪ চনৰ নৱেম্বৰ মাহত শিখসকলৰ হত্যাকাণ্ড, বাবৰি মছজিদ ভাঙি পেলোৱা আৰু গুজৰাটৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি তেওঁ বহুতো গুৰুত্বপূৰ্ণ বিষয়ত লিখি আহিছে।৪ নিৰুপমাৰ কবিতা কবিতা ৱেব ইণ্টাৰনেশ্যনেল Poetry Web Internationalত প্ৰকাশ পাইছে।

নিৰুপমা হামছিৰা নামৰ মহিলা অধ্যয়ন গোটৰ আহ্বায়ক।৫ তেখেত চণ্ডীগড়ত থাকে আৰু তাৰ পৰাই লিখা-মেলা কৰে।

বঁটা

  • পঞ্জাৱ ললিত কলা একাডেমী সন্মান-২০১৯৬
  • ইক নাদি সাঁৱালি জাহি (এটা ষ্ট্ৰিম কিছু অন্ধকাৰ)ৰ বাবে পাশঞ্জাবী একাডেমী বঁটা - ২০০০৭

তথ্যসূত্ৰ

  1. ↑ Nirupama Dutt
  2. ↑ Kulkarni, Dhaval. (February 28, 2016). Book Review: The Ballad of Bant Singh- A Qissa of Courage. DNA India
  3. ↑ Jolly, Asit. (2005-02-10). Pakistan women authors honoured. BBC News
  4. ↑ Nirupama Dutt (poet) - India - Poetry International. www.poetryinternational.org
  5. ↑ Love will keep us alive - Indian Express. archive.indianexpress.com
  6. ↑ (6 April 2019). Punjab Lalit Kala Akademi honours artists. The Tribune
  7. ↑ Singh, Paramjeet. (2018-04-07). Legacies of the Homeland: 100 Must Read Books by Punjabi Authors. Notion Press. ISBN 9781642494242

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা দত্ত” প্ৰবন্ধৰ সংশোধন ৫৯২০২৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।