দক্ষা ব্যাস (ইংৰাজী ভাষা: Daksha Vyas; জন্ম: ২৬ ডিচেম্বৰ ১৯৪১) ভাৰতৰ গুজৰাটৰ এগৰাকী গুজৰাটী ভাষাৰ কবি, সমালোচক আৰু সম্পাদক। ১৯৭৮ চনত তেওঁ স্বাতন্ত্ৰ্যোত্তৰ গুজৰাটী কবিতা: পৰিদৰ্শন শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰিছিল।
জীৱনী
১৯৪১ চনৰ ২৬ ডিচেম্বৰত গুজৰাটৰ ব্যৰাত (বৰ্তমান তাপী জিলাত) দক্ষা ব্যাসৰ জন্ম হৈছিল। তেওঁ ব্যৰাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ ১৯৬২ চনত চুৰাটৰ পৰা স্নাতক ডিগ্ৰী, ১৯৬৫ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ স্বাতন্ত্ৰ্যোত্তৰ গুজৰাটী কবিতা: পৰিদৰ্শন শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰিছিল।১ তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৩ চনলৈ পোৰবন্দৰৰ গুৰুকুল মহিলা কলেজত গুজৰাটী ভাষা অধ্যাপনা কৰিছিল আৰু পৰৱৰ্তী সময়ত ১৯৭৩ চনৰ পৰা অৱসৰলৈকে ব্যৰাৰ আৰ্টছ কলেজত অধ্যাপনা কৰে।২৩
সাহিত্য কৰ্ম
দক্ষা ব্যাস এগৰাকী কবি, সমালোচক আৰু সম্পাদক।২৩
অল্পনা (২০০০) তেওঁৰ কবিতা সংকলন। তেওঁৰ সমালোচনামূলক গ্ৰন্থসমূহৰ ভিতৰত আছে— ভাৱপ্ৰতিভাৱ (১৯৮১), সৌন্দৰ্যদৰ্শী কবিও (১৯৮৪), ৰূপক গ্ৰন্থি (১৯৮৮), অনুসৰ্গ (১৯৯৮), আদিবাসী সমাজ (২০০১) আৰু পৰিপ্ৰেক্ষণ (২০০৪)। আত্মনে আজৱালে (২০০৪) তেওঁৰ এক দৰ্শনশাস্ত্ৰ সম্পৰ্কীয় গ্ৰন্থ। তেওঁ তত্ত্বচৰ্চা (১৯৮৮), চল মন ব্যৰা নগৰী (১৯৯৭) আৰু সৰজকনা সান্নিধ্যে সম্পাদনা কৰিছে।২৩ তেওঁৰ গ্ৰন্থ সৌন্দৰ্যদৰ্শী কবিও-ত ১৯৫০ চনৰ চাৰিজন অগ্ৰণী কবি— ৰাজেন্দ্ৰ শ্বাহ, নিৰঞ্জন ভগত, উশ্নছ আৰু জয়ন্ত পাঠকৰ কাব্যকৃতিৰ অধ্যয়ন আৰু সমালোচনা আগবঢ়োৱা হৈছে।৩ সন্মুখম তেওঁৰ আন এক উল্লেখযোগ্য গ্ৰন্থ।
তথ্যসূত্ৰ
- ↑ (1982). Indian Literature. Sähitya Akademi. পৃ. 159
- ↑ Brahmabhatt, Prasad. (2010). অৰ্বাচীন গুজৰাটী সাহিত্যনো ইতিহাস - আধুনিক আনে অনুআধুনিক যুগ. Parshwa Publication. পৃ. 146. ISBN 978-93-5108-247-7
- ↑ Brahmabhatt, Prasad. દક્ષા વ્યાસ. gujaratisahityaparishad.com. Gujarati Sahitya Parishad
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষা ব্যাস” প্ৰবন্ধৰ সংশোধন ৫৯২২৬০ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।