নিৰুপমা মেনন ৰাও (:Nirupama Menon Rao; জন্ম ৬ ডিচেম্বৰ ১৯৫০) ১৯৭৩ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ২০০৯ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কৰ্মজীৱনৰ সময়ছোৱাত আমেৰিকা, চীন আৰু শ্ৰীলংকাত ভাৰতৰ ৰাষ্ট্ৰদূত (উচ্চায়ুক্ত) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৯ চনৰ জুলাই মাহত ভাৰতৰ বৈদেশিক সচিব, ভাৰতীয় বৈদেশিক সেৱাৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা (চোকিলা আয়াৰৰ পিছত) হয়। তেখেতে তেখেতৰ কেৰিয়াৰত ৱাশ্বিংটন ডিচিৰ প্ৰেছ, তথ্য আৰু সংস্কৃতি মন্ত্ৰী, মস্কোৰ মিছনৰ উপ-মুখ্য, এমইএত পূব এছিয়া আৰু বহিঃ প্ৰচাৰৰ যুটীয়া সচিব হিচাপে কাম কৰিছিল, পিছৰ পদটোৱে তেওঁক এমইএৰ প্ৰথম মহিলা মুখপাত্ৰ, কৰ্মী মুৰব্বী, পেৰু আৰু চীনৰ ৰাষ্ট্ৰদূত আৰু শ্ৰীলংকাৰ উচ্চায়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
নিৰুপমা ৰাওৰ জন্ম কেৰালাৰ মালাপ্পুৰমত হৈছিল। তেওঁৰ পিতৃ লেফটেনেণ্ট কৰ্ণেল পি.ভি.এন মেনন ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল। তেওঁৰ মাতৃ মীমপাট নাৰায়ণীকুত্তি আছিল তেওঁলোকৰ পৰিয়ালৰ প্ৰথম মহিলা কলেজ গ্ৰ্যাজুৱেট। তেওঁ ১৯৪৭ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক ডিগ্ৰী লাভ কৰিছিল। নিৰুপমাৰ দুজনী ভগ্নী নিৰ্মলা আৰু আশা পেছাত চিকিৎসক। তেওঁলোকৰ ভিতৰত নিৰ্মলা ভাৰতীয় নৌসেনাত যোগদান কৰি ২০১৩ চনত "ছাৰ্জন ৰিয়াৰ এডমিৰাল" হিচাপে অৱসৰ গ্ৰহণ কৰে। ৩
পিতৃৰ চাকৰিৰ সূত্ৰে ৰাওৱে বাংগালুৰু, পুনে, লক্ষ্ণৌ, কুনুৰকে ধৰি বিভিন্ন চহৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৭০ চনত বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ পৰা ইংৰাজীত বি এ ডিগ্ৰী লাভ কৰি ৪ বাংগালুৰু বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান দখল কৰে। ৫ ১৯৭০ চনৰ ছেপ্টেম্বৰ মাহত জাপানত অনুষ্ঠিত হোৱা এক্সপ' ৭০ত তেতিয়াৰ মহীশূৰ চৰকাৰৰ যুৱ প্ৰতিনিধি দলৰ সদস্য আছিল। ৬ তাৰ পিছত তেওঁ মহাৰাষ্ট্ৰৰ মাৰাথৱাদা বিশ্ববিদ্যালয় নামেৰে জনাজাত বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৭
১৯৭৩ চনত ৰাৱে ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় প্ৰশাসনিক সেৱা দুয়োটাৰে সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰে আৰু ভাৰতীয় বিদেশ সেৱাত যোগদান কৰে। ৮
কৰ্ম
ৰাৱে মুছুৰীৰ লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনত প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ১৯৭৬ চনৰ পৰা ১৯৭৭ চনলৈকে অষ্ট্ৰিয়াৰ ভিয়েনাত থকা ভাৰতীয় দূতাবাসত কাৰ্যনিৰ্বাহ কৰি ভিয়েনা বিশ্ববিদ্যালয়ত জাৰ্মান ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। তাৰ পিচত ১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে ৰাৱে নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA)ত ক্ৰমে দক্ষিণ আফ্ৰিকা আৰু নেপালৰ ডেস্কৰ অধীনস্থ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৯
১৯৮১ চনত ৰাওক শ্ৰীলংকাত ভাৰতীয় উচ্চায়ুক্তৰ প্ৰথম সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। ১০ ইয়াত, তেওঁ ১৯৮৩ চনৰ জুলাই মাহত শ্ৰীলংকাত সংঘটিত ভয়ংকৰ জাতিগত দঙ্গাৰ প্ৰত্যক্ষ সাক্ষী হৈ আছিল, যি শ্ৰীলংকাৰ গৃহযুদ্ধৰ সূচনা হিচাপে গণ্য কৰা হয়।
দিল্লীলৈ উভতি অহাৰ পিছত, নিৰুপমা ৰাও ভাৰত-চীন সম্পৰ্কৰ বিশেষজ্ঞ হিচাপে নিজৰ দক্ষতা বিকাশ কৰে। ১৯৮৪ চনৰ পৰা ১৯৯২ চনলৈকে একেৰাহে ৮ বছৰ ধৰি এম ই এৰ ইষ্ট এছিয়া বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল। যি এক অভূতপূৰ্ব ঘটনা হিচাপে ৰৈ যাব আৰু অৱশেষত ১৯৮০ চনৰ শেষৰ ফালে বিভাগটোৰ যুটীয়া সচিবলৈ নিযুক্তি পাইছিল। এই সময়ছোৱাত ৰাও চীন-ভাৰত সীমা বিবাদৰ বিশেষজ্ঞ হৈ পৰে আৰু চীন-ভাৰতৰ সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকাত অবতীৰ্ণ হৈছিল।১১ ১৯৮৮ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে বেইজিংলৈ ঐতিহাসিক ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ নেতৃত্বত থকা প্ৰতিনিধি দলটোৰ সদস্য আছিল।১২ ১৯৮৬ চনৰ আগষ্ট মাহত কৈলাছ পৰ্বত আৰু মানছাৰোভাৰ হ্ৰদৰ পবিত্ৰ স্থানলৈ ভাৰতীয় তীৰ্থযাত্ৰীৰ এটা দলক নেতৃত্ব দিয়ে ১৩ আৰু ১৯৯২ চনৰ গ্ৰীষ্মকালত লাছা আৰু জিগাজে ভ্ৰমণ কৰাকে ধৰি তিব্বত স্বায়ত্তশাসিত অঞ্চল ভ্ৰমণৰ দ্বাৰা তিব্বতী বিষয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ দৃঢ় হয়। ৰাও ১৯৯২–৯৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৱেদাৰহেড চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ফেলো আছিল য'ত তেওঁ এছিয়া-পেচিফিক নিৰাপত্তাৰ বিশেষজ্ঞ আছিল। ১৪১৫এই বিষয়ত তেওঁৰ গৱেষণা পত্ৰখনে ১৯৯৪ চনত আই এফ এছৰ এজন বিষয়াই লিখা শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে স্বীকৃতি পায় আৰু বিমল সন্যাল বঁটা লাভ কৰে।
হাৰ্ভাৰ্ডত থকা সময়ৰ পিছত ৰাৱে ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈকে ৱাশ্বিংটন ডি চিৰ ভাৰতীয় দূতাবাসত প্ৰেছ, তথ্য আৰু সংস্কৃতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]।
বঁটা আৰু সন্মান
বৈদেশিক সচিব হিচাপে থকা কালত ৰাৱে তেওঁৰ কাৰ্য্যকালৰ কূটনীতিবিদ হিচাপে কৰা কৃতিত্বৰ বাবে কে পি এছ মেনন বঁটা (২০১০ চনত) ১৬ আৰু শ্ৰী চিথিৰা থিৰুনাল বঁটা (২০১১ চনত) ১৭ লাভ কৰে। ২০১২ চনৰ মে' মাহত ৰাওক পণ্ডিচেৰী বিশ্ববিদ্যালয়ে তেওঁলোকৰ সমাৱৰ্তনত ডক্টৰ অৱ লেটাৰ্ছ (অন'ৰিছ ক'ছা) ডিগ্ৰী প্ৰদান কৰে। ১৮ ২০১২ চনত ফৰেইনপলিচি ডট কমৰ দ্বাৰা টুইটাৰত তেওঁক এশজন প্ৰভাৱশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[66] ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ৰাৱে কেৰেলা চৰকাৰৰ পৰা বনিতা ৰথনাম বঁটা লাভ কৰে।১৯
লগতে চাওক
- এছ. জয়শংকৰ
- শিৱশংকৰ মেনন
- হৰ্ষ বৰ্ধন শ্ৰিংলা
- বিজয় গোখলে
তথ্যসূত্ৰ
- ↑ Nirupama Rao takes over as Foreign Secy Press Trust of India / নতুন দিল্লী, Business Standard, 1 August 2009
- ↑ Nirupama Rao is India's new foreign secretary দ্য টাইম্ছ অৱ ইণ্ডিয়া, 1 August 2009."Chokila Iyer was first woman, Indian Foreign Secretary in 2001."
- ↑ (1 December 2013). Nirupama Rao bereaved. Business Standard
- ↑ (1 July 2009). Nirupama Rao To Replace Menon As Foreign Secretary. The Economic Times. ET Bureau
- ↑ (2 July 2009). Taking Bangalore inside out. Bangalore Mirror
- ↑ (13 November 2019). Diva of Diplomacy. Deccan Herald
- ↑ (24 June 2016). Ex-Foreign Secretary Visits Bamu. The Times of India. Times News Network
- ↑ (24 June 2016). Ex-Foreign Secretary Visits Bamu. The Times of India. Times News Network
- ↑ Matt Bewig. (2 November 2011). Ambassador From India: Who Is Nirupama Rao. All Gov
- ↑ V.S. Sambandan. (18 September 2004). Nirupama Rao presents credentials to Chandrika. দ্য হিন্দু
- ↑ C. Raja Mohan. (13 June 2001). Nirupama Rao Takes Over. দ্য হিন্দু
- ↑ (12 November 2014). Nirupama Rao awarded Jawaharlal Nehru Fellowship. The Economic Times. PTI
- ↑ Ilica Malkanthi Karunaratnetne. Personality of the Week: Nirupama Menon Rao. The Island
- ↑ Fellows Program. Weather Center for International Affairs Harvard University
- ↑ (2 August 2011). USINPAC congratulates Nirupama Rao on becoming the new Indian Ambassador to the US. USINPAC
- ↑ (26 December 2010). K.P.S Menon Memorial Award to be Presented to Nirupama Rao on Monday. The Hindu
- ↑ (3 August 2011). Sree Chitra Tirunal Award for Nirupama Rao. Outlook
- ↑ (16 May 2012). Awards for Diplomat, Former CJ. News 18
- ↑ (29 February 2016). Vanitha Rathnam Award. Calicut New Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা মেনন ৰাও” প্ৰবন্ধৰ সংশোধন ৬৩৯৯২৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।