গীতা সূৰ্যাকান্ত পাৰিখ (ইংৰাজী ভাষা: Geeta Sooryakant Parikh; জন্ম: ১১ আগষ্ট ১৯২৯ – ৭ এপ্ৰিল ২০১২) এগৰাকী ভাৰতীয় কবি আছিল যিয়ে গুজৰাটী ভাষাত সাহিত্য চৰ্চা কৰিছিল। দৰ্শনশাস্ত্ৰত শিক্ষা লাভ কৰা পাৰিখৰ দুখন কাব্য সংকলন আৰু এটা জীৱনী সংকলন প্ৰকাশ পাইছে।
জীৱনী
১৯২৯ চনৰ ১১ আগষ্টত ভাৱনগৰৰ এটা জৈন পৰিয়ালত গীতা পাৰিখৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পৰমানন্দ কাপাড়িয়া এজন সমাজকৰ্মী তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল। তেওঁ বোম্বেৰ (বৰ্তমানৰ মুম্বাই) ফেল’শ্বিপ স্কুলৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি ১৯৪৫ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত তেওঁ উইলচন কলেজৰ পৰা দৰ্শনশাস্ত্ৰত স্নাতক ডিগ্ৰী আৰু ১৯৫২ চনত একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৮ চনত তেওঁ ধীৰু পাৰিখৰ তত্ত্বাৱধানত অৰ্বাচীন গুজৰাটী কবয়িত্ৰীও (আধুনিক গুজৰাটী মহিলা কবি) শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁ অলপ দিনৰ বাবে এখন মহাবিদ্যালয়ত অধ্যাপনাও কৰিছিল।১
১৯৫৩ চনত তেওঁ ভূদান আন্দোলনৰ সক্ৰিয় কৰ্মী তথা গান্ধীবাদী আদৰ্শৰ সূৰ্যাকান্ত পাৰিখৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু স্বামীৰ বিভিন্ন কাম-কাজত সহায় কৰে।১২ সন্তান জন্মৰ পিছত তেওঁ পৰিয়ালৰ প্ৰতি অধিক মনোযোগ দিছিল।১
তেওঁ আহমেদাবাদৰ সাৰদা মন্দিৰ স্কুলৰ ইংলিছ ক্লাবৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৭৪ চনৰ পৰা শাস্ত্ৰীয় সংগীত আৰু সংগীতৰ অন্যান্য ধাৰাসমূহ শিকিবলৈ আৰম্ভ কৰিছিল।১
২০১২ চনৰ ৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।৩
সাহিত্যিক জীৱন
১৯৫০ চনত পাৰিখ ৰামনাৰায়ণ ভি পাঠকৰ ওচৰত ছন্দৰ শিক্ষা লয় আৰু ৰাজেন্দ্ৰ শ্বাহৰ দ্বাৰা পথ নিৰ্দেশনা লাভ কৰে। তেওঁ লাহে লাহে কবিতাৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু ১৯৫১ চনত কুমাৰ আলোচনীত তেওঁৰ প্ৰথম কবিতা "মাৰু লগ্ন" প্ৰকাশ পায়।১
পাৰিখ প্ৰায় সকলো ধৰণৰ কবিতা লিখিছিল। তেওঁ ৯০০তকৈও অধিক কবিতা লিখিছিল১ আৰু তাৰ মাজৰ পৰা নিৰ্বাচিত এশটা কবিতা লৈ ১৯৬৬ চনত পূৰ্বী নামৰ সংকলনটো প্ৰকাশ পাইছিল। এই কবিতাসমূহত প্ৰেম, বিবাহিত জীৱন আৰু দৰ্শনৰ ভাবানুভূতি প্ৰকাশ পাইছে। পূৰ্বী গ্ৰন্থখনৰ বাবে তেওঁ গুজৰাট চৰকাৰৰ পৰা প্ৰথম বঁটা লাভ কৰিছিল। ১৯৭৯ চনত তেওঁৰ দ্বিতীয়খন কাব্য সংকলন ভিনাশ প্ৰকাশ পায়, য'ত প্ৰকৃতি, পাৰিবাৰিক জীৱন, পিতৃ-মাতৃৰ মৃত্যু আৰু ভক্তিৰ ওপৰত লিখা কবিতা অন্তৰ্ভুক্ত আছিল।১৩৪৫
পাৰিখ সত্তৰ গুজৰাটী কবয়িত্ৰীও (১৯৮৫) নামৰ এটা সংক্ষিপ্ত জীৱনী সংকলনো সম্পাদনা কৰিছিল, য'ত তেওঁৰ গৱেষণা পত্ৰৰ পৰা জীৱনীসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। কাব্যস্পন্দিতা (১৯৮৮) তেওঁৰ এখন সমালোচনা সংকলন।১৩৪ তেওঁ পিতৃৰ প্ৰবন্ধ সংকলন চিন্তনযাত্ৰা (১৯৭৪) সহ-সম্পাদনা কৰিছিল আৰু বিমলা ঠাকুৰৰ কবিতাসমূহ নৱো পালটো (১৯৬৩) নামেৰে অনুবাদ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Brahmabhatt, Prasad. (2007). অৰ্বাচীন গুজৰাটী সাহিত্যনো ইতিহাস (গান্ধীযুগ আনে অনুগান্ধী যুগ). Parshwa Publication. পৃ. 267–268
- ↑ Tanna, Ramesh. (2019-04-05). ગાંધીજન સૂર્યાકાન્ત પરીખે વિદાય લીધી…. Newzviewz
- ↑ Patel, Rajendra. Parishad Pathey. পৰিষদবৃত্ত: সমাচাৰ সংগ্ৰহ [Parishadvritt: Samachar Sangrah]. Gujarati Sahitya Parishad
- ↑ (1992). Indian Literature. Sahitya Akademi. পৃ. 105–106
- ↑ Natarajan, Nalini; Emmanuel Sampath Nelson. (1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃ. 125. ISBN 978-0-313-28778-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা পাৰিখ” প্ৰবন্ধৰ সংশোধন ৫৯২১১০ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।