ভাৰতীয় মহিলা কবি
১১১ প্ৰবন্ধ
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।
-
মহে জাবিন
মহে জাবিন: Mahe Jabeen; (জন্ম ১৯৬১) এগৰাকী ভাৰতীয় কবি, অধিবক্তা আৰু সংখ্যালঘু অধিকাৰ কৰ্মী, আৰু সমাজসেৱাৰ বাবে ৰাজীৱ গান্ধী মানৱ সেৱা বঁটা বিজয়ী।
-
মাৰুলা (কবি)
মাৰুলা (ত্ৰয়োদশ শতিকা বা তাৰ আগৰ) ভাৰতৰ এগৰাকী সংস্কৃত ভাষাৰ কবি। শাৰংগধাৰৰ পদ্ধতি আৰু জলহনাৰ সুক্তি-মুক্তাৱলীকে ধৰি মধ্যযুগৰ আৰম্ভণিৰ সংস্কৃত সংকলনসমূহত তেওঁৰ শ্লোকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
মুবাৰক বেগম (তৱাইফ)
মুবাকৰ বেগম (ইংৰাজী: Mubarak Begum) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলোনীৰ ত্ৰয়োদশগৰাকী পত্নী আছিল।
-
মেলানী চিলগাৰ্ডো
মেলানী চিলগাৰ্ডো ((Melanie Silgardo; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি আৰু সম্পাদক। তেওঁ লণ্ডনত বাস কৰে। বম্বেত গোৱান ৰোমান কেথলিক পিতৃ-মাতৃৰ দ্বাৰা ডাঙৰ দীঘল হোৱা মেলানীয়ে ‘ইউনিচ ডি চুজা’ৰ অধীনত অধ্যয়ন কৰিছিল আৰু ১৯৭০ ৰ দশকত ভাৰতৰ অন্যতম প্ৰধান ইংৰাজী ভাষাৰ কবি ৰূপে পৰিগণিত হৈছিল।
-
যশোধৰা ৰায়চৌধুৰী
যশোধৰা ৰায়চৌধুৰী (জন্ম: ১৯৬৫) এগৰাকী ভাৰতীয় কবি। তেওঁ কেইবাখনো বাংলা কবিতা সংকলন ৰচনা কৰিছে। ১৯৯৮ চনত তেওঁক কৃত্তিবাস পত্ৰিকাৰ তৰফৰপৰা কৃত্তিবাস পুৰস্কাৰ প্ৰদান কৰা হৈছিল। যশোধৰা মূল ফৰাচী ভাষাৰপৰা বাংলালৈ অনুবাদ কৰা এগৰাকী অনুবাদকো।
-
লক্ষ্মী আগৰৱাল
লক্ষ্মী আগৰৱাল (জন্ম ১ জুন ১৯৯০) এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।
-
লালচাংজুৱালি চাইলো
লালচাংজুৱালি চাইলো (ইংৰাজী: Lalsangzuali Sailo; ১৫ মে' ১৯৪৯ – ১৪ অক্টোবৰ ২০০৬) মিজোৰামৰ এগৰাকী লেখিকা, গছপেল (খ্ৰীষ্টান ধৰ্মীয়) গায়িকা আৰু সংগীত পৰিচালক আছিল। তেওঁ মিজো, ককবৰক আৰু ইংৰাজী ভাষাত ৩০০ৰো অধিক গীত ৰচনা কৰিছে।
-
লীমা ধৰ
লীমা ধৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। বৰ্তমান ভাৰতত ২৫ বছৰৰ তলৰ জনপ্ৰিয় ইংৰাজী লেখিকাসকলৰ ভিতৰত তেওঁ অন্যতম হিচাপে পৰিগণিত। মাত্ৰ ১৩ বছৰ বয়সতে লীমা ধৰৰ প্ৰথম হিন্দী কাব্যসংগ্ৰহ কুছ লফ্জ নকাব মে প্ৰকাশ পায়।
-
শক্তি অৰুলানন্দম
অৰুলমোলি (জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় পৰিৱেশ-নাৰীবাদী কবি, লেখিকা আৰু শিল্পী। তেওঁ তামিলনাডু ৰাজ্যৰ বাসিন্দা আৰু শক্তি অৰুলানন্দম ছদ্ম নামেৰে পৰিচিত। তেওঁৰ কবিতাৰ বাবে তেওঁ তাঞ্জাই প্ৰকাশ বঁটা, শিখৰম বঁটা আৰু তিৰুপুৰ অৰিমা শক্তি বঁটা লাভ কৰিছে।
-
সাৱিত্ৰী ৰাজীৱন
সাৱিত্ৰী ৰাজীৱন (ইংৰাজী: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।
-
সুনীতি নামযোশী
সুনীতি নামযোশী (Suniti Namjoshi; জন্ম:১৯৪১) হৈছে এগৰাকী কবি আৰু কাহিনী কথক। ব্ৰিটিছ ভাৰতৰ অধীনত মুম্বাইত তেওঁৰ জন্ম হৈছিল। মুম্বাইত ডাঙৰ-দীঘল হৈছিল যদিও কৰ্মসূত্ৰে সুনীতি কানাডাত আছিল আৰু বৰ্তমান তেওঁ তেওঁৰ ইংৰাজ লেখক স্বামী গিলিয়ান হেন্সকম্বৰ সৈতে ইংলেণ্ডৰ দক্ষিণপশ্চিমাঞ্চলত বাস কৰে।
-
সুমনা সিনহা
সুমনা সিনহা (ইংৰাজী: Shumona Sinha; জন্ম: ২৭ জুন ১৯৭৩) এগৰাকী ভাৰতীয় মূলৰ ফৰাচী লেখিকা। তেওঁৰ জন্ম ভাৰতৰ পশ্চিমবঙ্গৰ কলকাতাত হৈছিল আৰু বৰ্তমান তেওঁ ফ্ৰান্সত বাস কৰে।
-
সুমনা ৰয়
সুমনা ৰয় এগৰাকী ভাৰতীয় লেখিকা আৰু কবি। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে হাউ আই বিকম এ ট্ৰি (২০১৭), অকল্পনীয় ৰচনা; মিছিং (২০১৯), এখন উপন্যাস; আউট অৱ চিলেবাছ (২০১৯), কবিতা সংকলন; আৰু মোৰ মাৰ প্ৰেমিক আৰু অন্যান্য গল্প (২০১৯) নামৰ এখন চুটিগল্প সংকলন।
-
সোণৰূপা বিশাল
সোণৰূপা বিশাল (ইংৰাজী: Sonroopa Vishal; জন্ম: ৩০ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সাহিত্যিক, যিয়ে হিন্দী ভাষাত সাহিত্য চৰ্চা কৰে। উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২০১৫ চনত ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ বঁটা’ আৰু ২০১৯ চনত ‘জগদীশ গুপ্তা সৰ্জনা বঁটা’ প্ৰদান কৰে।
-
স্নেহপ্ৰভা দাস
স্নেহপ্ৰভা দাস (ইংৰাজী: Snehaprava Das; জন্ম: ১০ অক্টোবৰ ১৯৫৫) এগৰাকী ভাৰতীয় ওড়িয়া ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ ওড়িয়া ভাষাৰ কেইবাখনো ধ্ৰুপদী গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰিও তেওঁ বিশ্বৰ কেইবাখনো ধ্ৰুপদী সাহিত্য ওড়িয়া ভাষালৈ অনুবাদ কৰিছে।
-
স্বৰূপ ধ্ৰুৱ
স্বৰূপ ধ্ৰুৱ (ইংৰাজী: Saroop Dhruv; জন্ম: ১৯ জুন ১৯৪৮) ভাৰতৰ গুজৰাটৰ এগৰাকী শিক্ষাবিদ, কবি আৰু সক্ৰিয় কৰ্মী।
-
হাব্বা খাতুন
হাব্বা খাতুন জন্ম জোন ৰাথাৰ (কাশ্মীৰী উচ্চাৰণ: [zuːn])। যাক সন্মানীয় উপাধি দ্য নাইটিংগেল অফ কাশ্মীৰ বুলিও জনা যায়। ষোড়শ শতিকাৰ এগৰাকী কাশ্মীৰী মুছলমান কবি আৰু তপস্বী আছিল। তেওঁ ৰজা ইউছুফ শ্বাহ চাকৰ সহধৰ্মিনী আছিল, কিন্তু গীতৰ ৰাণী হিচাপে অমৰত্ব লাভ কৰিছিল।
-
ৰীতিকা বজিৰাণী
ৰীতিকা জিনা বজীৰাণী (৯ আগষ্ট ১৯৬২ – ১৬ জুলাই ২০০৩) এগৰাকী ভাৰতীয়-মূলৰ আমেৰিকান অভিবাসী কবি আৰু শিক্ষয়িত্ৰী আছিল।
-
ৰূপা ভৱানী
মাতা ৰূপা ভৱানী (ইংৰাজী: Mata Rupa Bhawani; জন্ম: ১৬২১ – ১৭২১; জন্ম নাম: অলখেশ্বৰী) এগৰাকী কাশ্মীৰী কবি আছিল। ভৱানী সোতৰ শতিকাৰ এগৰাকী হিন্দু সন্ত আছিল যিয়ে বৰ্তমানৰ কাশ্মীৰ উপত্যকাত বাস কৰিছিল।
-
ৰোজ কেৰকেট্টা
ৰোজ কেৰকেট্টা (ইংৰাজী: Rose Kerketta; জন্ম: ৫ ডিচেম্বৰ ১৯৪০) এগৰাকী মহিলা লেখিকা, কবি, চিন্তাবিদ আৰু জনজাতীয় অধিকাৰ কৰ্মী। তেখেতৰ জন্ম হৈছিল বিহাৰৰ ৰাঁচী জিলাৰ কাইছাৰা (বৰ্তমান ঝাৰখণ্ডৰ ছিমডেগা জিলা, খৰীয়া) পৰিয়ালত। তেখেতে জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।