অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাৱনী ৰবীন্দ্ৰ

সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ (Savani Ravindra, জন্ম ২২ জুলাই ১৯৮৯), এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ (Savani Ravindra, জন্ম ২২ জুলাই ১৯৮৯), এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে। তেওঁ ২০১১ চনৰ আইদিয়া চাৰেগমাৰ শীৰ্ষ পাঁচ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।১ ২০২১ চনত ঘোষণা কৰা ভাৰতৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন

১৯৮৯ চনৰ ২২ জুলাই তাৰিখে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰীত সাৱনী ৰবীন্দ্ৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড° ৰবীন্দ্ৰ ঘাংগুৰ্দে এজন শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু অভিনেতা আৰু মাতৃ মাৰাঠী সংগীত নাটকৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী ড° বন্দনা ঘাংগুৰ্দে। পিতৃ-মাতৃৰ পৰাই সাৱনীয়ে সংগীতৰ প্ৰাৰম্ভিক পাঠ লাভ কৰিছিল। পিতৃ ৰবীন্দ্ৰ ঘাংগুৰ্দেৰ পৰা বিভিন্ন ৰাগৰ সৈতে চিনাকি হোৱাৰ পিছত তেওঁ নাট্যসংগীত আৰু সুগম সংগীত গাবলৈ আৰম্ভ কৰিছিল। ৮ বছৰ বয়সৰ পৰা তেওঁ মাৰাঠী সুগম সংগীতৰ প্ৰসিদ্ধ সংগীতজ্ঞ পণ্ডিত যশৱন্ত দেৱৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত ফাৰ্গাচনৰ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ চাভাইন ৰবি দাতেজীৰ পৰা গজলৰ৩ আৰু পণ্ডিত পাধাৰীনাথ কোলহাপুৰজীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰিছিল।৪ সাৱনীয়ে সংস্কৃত ভাষাৰ স্নাতক আৰু মাৰাঠী ভাষাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ ভাৰতী বিশ্ববিদ্যালয়ৰ সংগীতৰ স্নাতকোত্তৰ উপাধিও লাভ কৰিছে।

কৰ্মজীৱন

পণ্ডিত হৃদয়নাথ মংগেশকাৰৰ সৈতে৫ সাৱনীয়ে প্ৰখ্যাত গায়ক সুৰেশ ৱাডকাৰ, অৰুণ তাৰিখ, ৰবীন্দ্ৰ সাথে, ৰবীন্দ্ৰ জৈন, উত্তৰা কেলকাৰ আৰু শ্ৰীধৰ ফাদকেৰ সৈতেও পৰিৱেশন কৰিছিল। তেওঁ "আছায়ে", "কেনভাছ" আৰু "অজুনহী(মাৰাঠী)"৬ তেওঁ সংগীত অনুষ্ঠান 'ব্লেক এণ্ড হোৱাইট'৭, 'গজল কা চফৰ'৮ আৰু 'গুলজাৰ বাত পশমিনে কি'ৰ দৰে এলবামত গীত গাইছে।৯ তেওঁ 'অজব লাগনাচি গজাব গোষ্ট'১০ আৰু 'কুনি ঘৰ দেতা কা ঘৰ'ৰ দৰে চলচ্চিত্ৰত গান গাইছে।১১ তেওঁৰ এটা মাৰাঠী গীত, "তু মালা মি তুলা গুণুণু লাগ্লো- হোনাৰ চান মি হায়া ঘৰচি -জি মাৰাঠী", কণ্ঠশিল্পী মংগেশ বৰগাওঁকাৰৰ সৈতে দ্বৈত কণ্ঠৰ গীত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ শ্ৰীৰং ভাৱেৰ সৈতে ই-টিভি মাৰাঠীত প্ৰচাৰিত জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক 'কমলা'ৰ শীৰ্ষক গীত গাইছে। মাৰাঠী চিনেমা 'সইৰাত'ত গোৱা গানবোৰৰ বাবে তেওঁ এজন সমৰ্থক কণ্ঠশিল্পী আছিল।

বঁটা আৰু সন্মান

সাৱনীক অসংখ্য পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে বালকলাকাৰক প্ৰদান কৰা শ্বাহু মোডক বঁটা, মৰিয়া ফাউণ্ডেচন তৰ্ফে মৰিয়া গোচাৱী বঁটা আৰু ৰতিলাল ভাৱচাৰ বঁটা, অজিতদাদা পাৱাৰ ফাউণ্ডেচন বঁটা। ২০২১ চনত ঘোষণা কৰা ভাৰতৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ 'বাৰ্ড'' নামৰ মাৰাঠী ছবিত "ৰাণ পেটেলা" গীতৰ বাবে 'শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ (24 October 2011). Zee Marathi announces the winner of IDEA Sa Re Ga Ma Pa. Indiantelevision.com
  2. ↑ Desk, The Hindu Net. (2021-03-22). 67th National Film Awards: Complete list of winners. The Hindu
  3. ↑ (n.d.). Dattaprasad Ranade and Savaniee Ravindrra during the ghazal programme organised by Saptak in Nagpur. The Times of India
  4. ↑ (16 February 1930). Pandharinath Kolhapure. Pandharinathkolhapure.com
  5. ↑ (26 October 1937). Hridaynath Mangeshkar – Singer, Music Director. MySwar
  6. ↑ (n.d.). Savani Ravindra. Gomolo.com
  7. ↑ (n.d.). Black and White. Nicheentertainment.com
  8. ↑ (n.d.). Ghazal Ka Safar – A Musical Journey. Nicheentertainment.com
  9. ↑ (n.d.). Gulzar… Baat Pashmine Ki. Nicheentertainment.com
  10. ↑ (24 September 2010). Ajab Lagnachi Gajab Gosht (2010). Gomolo.com
  11. ↑ (n.d.). Kuni Ghar Deta Ka Ghar (2013) Cast and Crew | Actor Actress Director Of Kuni Ghar Deta Ka Ghar Marathi Movie. Gomolo.com
  12. ↑ (22 March 2021). 67th National Films Awards complete list. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৱনী ৰবীন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩১১০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।