আল্লাহ জিলাঈ বাঈ (ইংৰাজী: Allah Jilai Bai; ১ ফেব্ৰুৱাৰী ১৯০২১ – ৩ নৱেম্বৰ ১৯৯২ ) ১ ভাৰতৰ ৰাজস্থানৰ এজন লোকসংগীতৰ গায়িকা আছিল।১
বিকানেৰত গায়ক পৰিয়ালত তেওঁৰ জন্ম হৈছিল।১ ১০ বছৰ বয়সলৈকে তেওঁ মহাৰাজ গংগা সিংহৰ দৰবাৰত গান গাইছিল।১ উস্তাদ হুছেইন বক্স খানৰ পৰা আৰু পিছলৈ আচান মহাৰাজৰ পৰা তেওঁ সংগীতৰ শিক্ষা লৈছিল। ১ তেওঁ এসময়ত বিকানেৰৰ মহাৰাজ গংগা সিংহৰ দৰবাৰত গান গাইছিল।২
মান্দ, থুমৰি, খয়াল আৰু দাদৰাৰ বিষয়ে তেওঁ খুবেই পাকৈত আছিল।১ হয়তো তেওঁৰ আটাইতকৈ পৰিচিত পংক্তিটো হৈছে কেশৰিয়া বলম ৷১ ১৯৮২ চনত ভাৰত চৰকাৰে তেওঁক কলা ক্ষেত্ৰত সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম পদ্মশ্ৰী বঁটা প্ৰদান কৰে।১ ১৯৮৮ চনত তেওঁ লোকসংগীতৰ বাবে সংগীত নাটক অকাডেমী বঁটাও লাভ কৰে, আৰু ২০১২ চনত মৰণোত্তৰভাৱে ৰাজস্থান ৰত্ন বঁটা লাভ।২
তথ্যসূত্ৰ
- ↑ Allah Jilai Bai. www.mapsofindia.com
- ↑ (2012-03-31). Govt names seven for Rajasthan Ratna award. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্লাহ জিলাঈ বাঈ” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৫৮ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।