অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমলতা

হেমলতা (Hemlata; জন্ম ১৬ আগষ্ট ১৯৫৪) বলীউডী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ বলীউডৰ গীতৰ জগতখনৰ সৈতে জড়িত আছিল। শাস্ত্ৰীয় সংগীতত সুপ্ৰশিক্ষিত হেমলতাই চলচ্চিত্ৰ, কনচাৰ্ট আৰু টেলিভিচনৰ জগতখনত নিজকে প্ৰতিষ্ঠিত কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২১ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হেমলতা (Hemlata; জন্ম ১৬ আগষ্ট ১৯৫৪) বলীউডী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ বলীউডৰ গীতৰ জগতখনৰ সৈতে জড়িত আছিল। শাস্ত্ৰীয় সংগীতত সুপ্ৰশিক্ষিত হেমলতাই চলচ্চিত্ৰ, কনচাৰ্ট আৰু টেলিভিচনৰ জগতখনত নিজকে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ ৰবীন্দ্ৰ জৈনৰ সংগীত পৰিচালনাত চিতচোৰ (১৯৭৭) ছবিত কে. চি. য়েচুদাসৰ সৈতে গোৱা তু জো মেৰে সুৰ মেঁৰ শাস্ত্ৰীয় উপস্থাপনৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এইটো শিতানত তেওঁ মুঠতে পাঁচবাৰ মনোনয়ন পাইছে।১২

প্ৰাৰম্ভিক জীৱন

১৯৫৪ চনৰ ১৬ আগষ্টত হাইদৰাবাদৰ এটা গোড়া মাৰোৱাৰী ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম আছিল লতা ভাট।তেওঁৰ পিতৃ পি টি জয়চন্দ্ৰ লাহোৰৰ কিৰণ ঘৰানাৰ এজন শাস্ত্ৰীয় সংগীত শিল্পী। মাকৰ নাম অম্বিকা ভাট। হেমলতাৰ সাত বছৰ বয়সতে তেওঁৰ দেউতাকৰ শিষ্য গোপাল মালিকে তেওঁৰ প্ৰতিভাৰ উমান পাইছিল আৰু কলিকতাৰ ৰবীন্দ্ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এটা কনচাৰ্টত গীত গোৱাৰ সুবিধা কৰি দিছিল। তেওঁৰ পিতৃও গীত গোৱাবলৈ মুম্বাইলৈ নিয়াৰ ক্ষেত্ৰত সন্মত হয়।৩

কৰ্মজীৱন

ৰবীন্দ্ৰ জৈনৰ পৰিচালনাত তেওঁ বহুতো গীত গাইছে। সেইবোৰৰ ভিতৰত আখিয়োঁ কে ঝৰোখোঁ সে অন্যতম। ৰেডিঅ’ চিল’নৰ জনপ্ৰিয় গীতৰ কাউণ্টডাউন শ্বো- বিনাকা গীত মালাৰ মতে ১৯৭৮ চনত এই জনপ্ৰিয়তাৰ শীৰ্ষস্থানত আছিল। ই ফিল্মফেয়াৰৰ মনোনয়নো পাইছিল। ইউটিউৱত৪ এই গীতটো লাখ লাখ দৰ্শকে উপভোগ কৰিছে। শ্ৰী মাতাজী নিৰ্মলা দেৱীলৈ উৎসৰ্গিত জৈনৰ কেছেট এলবাম সহজ ধাৰাত (১৯৯১) তেওঁ কণ্ঠ দিছে। এই এলবামৰ দুটা গীত তেওঁ ১৯৯২ চনৰ জুলাইত বেলজিয়ামৰ ব্ৰুচেলত অনুষ্ঠিত হোৱা কনচাৰ্টতো গাইছিল।৫৬

তেৱেঁ একমাত্ৰ মহিলা নেপথ্য কণ্ঠশিল্পী যিয়ে কে. জে. য়েচুদাসৰ সৈতে সৰ্বাধিক হিন্দী গীত গাইছে। ১৯৯০ চনত দূৰদৰ্শনে তেওঁক ৰবীন্দ্ৰ জৈনৰ পৰিচালনাত য়েচুদাসৰ সৈতে দ্বৈতকণ্ঠত তিস্তা নদী সী তু চঞ্চলা আৰু একক কণ্ঠত সাথ জো তেৰা য়ুঁ পায়া গীত দুটা গাবলৈ আমন্ত্ৰণ জনাইছিল। এই গীত দুটা দূৰদৰ্শনে প্ৰায়ে বিশেষকৈ আবেলিৰ কাৰ্যসূচীৰ ফিলাৰ (filler) হিচাপে সম্প্ৰচাৰ কৰিছিল।৭

সুনয়না (১৯৭৯) ছবিৰ মেঘাৰে মেঘা শীৰ্ষক গীতটোত কণ্ঠদান কৰি তেওঁ পুনৰাই ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পায়। আপ তো এসে ন থে ছবিৰ তু ইচ তৰহ চে গীতটোৰ বাবে তৃতীয়বাৰৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। ১৯৮১ চনত গুজৰাটী ভাষা চলচ্চিত্ৰ অমৰ ৰহে তাৰো চান্দলোত গোৱা শংকৰ তাৰি জামাতা আৰু ওম নমঃ শিৱায় গীত দুটা জনপ্ৰিয় হয়।৮

তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক ৰামায়ণ, উত্তৰ ৰামায়ণ আৰু শ্ৰীকৃষ্ণত কণ্ঠদান কৰিছে। ৰামায়ণৰ এটা খণ্ডত তেওঁ পৰম্পৰাগত মীৰা ভজন পায়োজী মেইনে ৰাম ৰতন ধন পায়োজী শীৰ্ষক গীতটো পৰিবেশন কৰি থকা অৱস্থাত অভিনয়ো কৰিছে।৯ ১৯৯২ চনত ইটালীত অনুষ্ঠিত হোৱা এটা কনচাৰ্টত অ চোলে মিয়ো শীৰ্ষক এটা ইটালীয় গীত পৰিবেশন কৰে।১০

তথ্যসূত্ৰ

  1. ↑ (16 April 1999). Gurbani fascinates me, says Hemlata. The Tribune
  2. ↑ Music Reviews Ankhiyon Ke Jharokhon Se. Planetbollywood
  3. ↑ Hemlata – Interview. cineplot
  4. ↑ (19 December 2007). Ankhiyon Ke Jharokhon Se. Rajshri Production
  5. ↑ 1992-0703 Sahaja Yoga public program, Brussels. Part 1: Music by Hemlata
  6. ↑ 1992-0704 Sahaja Yoga public program, Brussels. Music by Hemlata
  7. ↑ (2 July 2011). Tista Nadi Si Tu Chanchala – Yasudas & Hemlata Nonfilmi Song Aired on Doordarshan. Atulinus
  8. ↑ Legendary Bollywood playback singers who sang for Gujarati films. timesofindia.indiatimes.com
  9. ↑ (30 July 2011). Payoji Maine Ram Ratan Dhan payo-Hemlata. Atulinus
  10. ↑ 1992-0418 Hemlata – Sardesai Sole Mio

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমলতা” প্ৰবন্ধৰ সংশোধন ২৬৯৩৩৭ (২৯ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।