অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তুলসী কুমাৰ

তুলসী কুমাৰ দুয়া ( Tulsi Kumar Dua; জন্ম: ১৫ মাৰ্চ ১৯৮৬), সকলোৰে বাবে তুলসী কুমাৰ নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, ৰেডিঅ' জকী, সংগীতজ্ঞ আৰু বলীউড উদ্যোগৰ অভিনেত্ৰী।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ৪৪৮ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

তুলসী কুমাৰ দুয়া ( Tulsi Kumar Dua; জন্ম: ১৫ মাৰ্চ ১৯৮৬), সকলোৰে বাবে তুলসী কুমাৰ নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় প্লেবেক গায়িকা, ৰেডিঅ' জকী, সংগীতজ্ঞ আৰু বলীউড উদ্যোগৰ অভিনেত্ৰী। গায়ক হিচাপেও কাম কৰা টি ছিৰিজৰ প্ৰাক্তন স্বত্বাধিকাৰী গুলচন কুমাৰ আৰু তেওঁৰ পত্নী সুদেশ কুমাৰীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ চলচ্চিত্ৰ প্ৰযোজক ভূষণ কুমাৰ আৰু অভিনেত্ৰী খুষালী কুমাৰৰ ভগ্নী।১ তেওঁ ৰেকৰ্ড লেবেল টি-ছিৰিজৰ মালিকানাধীন ইউটিউব চেনেল কিডছ হাটৰ মালিক, য'ত নাৰ্চাৰী ৰাইম আৰু সাধুকথাকে ধৰি শিশুৰ বিষয়বস্তু প্ৰদৰ্শিত কৰা হয়।২

ব্যক্তিগত জীৱন

এক পাঞ্জাবী হিন্দু পৰিয়ালত, ব্যৱসায়ী তথা টি-ছিৰিজৰ প্ৰতিষ্ঠাপক গুলচন কুমাৰ আৰু তেওঁৰ পত্নী সুদেশ কুমাৰীৰ ঘৰত তুলসী কুমাৰ দুয়া নামেৰে তেওঁ জন্মগ্ৰহণ কৰিছিল।৩ দিব্য খোছলা কুমাৰ তুলসীৰ ভনীয়েক।

২০১৫ চনত নেপালত ব্যৱসায়ী হিতেশ ৰালহানক তুলসীয়ে বিয়া কৰায়।৪ এই দম্পতীহালৰ এটা পুত্ৰ আছে, যাৰ জন্ম হৈছিল ২০১৭ চনত।৫

কেৰিয়াৰ

২০০৯ চনত তেওঁৰ প্ৰথম এলবাম লাভ হো জায়ে মুক্তি পায়। এলবামটোৰ লগতে তুলসী কুমাৰে টাইটেল ট্ৰেকটোৰ মিউজিক ভিডিঅ’ও নিৰ্মাণ কৰে আৰু অভিনয় কৰে। পাঠশালা চিনেমাৰ "মুঝে তেৰী", নীৰজ শ্ৰীধৰৰ সৈতে বিলু ছবিৰ "লাভ মেৰা হিট" আৰু ওৱান্স আপন এ টাইম ইন মুম্বাই ছবিৰ "টুম জো আয়ে" গীত গাইছিল।

২০১৫ চনত "মেইনু ইছক দা লগা ৰোগ" শীৰ্ষক জনপ্ৰিয় গীতটি গাইছিল, যাৰ জৰিয়তে তেওঁৰ ভগ্নী খুশালীয়ে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। দিল হায় কে মান্তা নাহিন চিনেমাৰ মূল গীতটোৰ পৰা পুনৰ সৃষ্টি কৰা ই এক সংস্কৰণ।

কুমাৰে গাইছিল "সোচ না সাকে", "সনম ৰে", "নাচাংগে শাৰী ৰাত", "ইছক দি লট", "ছালামত", "দেখ লেনা", "ৱাজাহ তুম হো", "দিল কে পাছ" আৰু "দিল মেঁ চুপা লুংগা" ২০১৬ চনত আৰু তেওঁ গুৰু ৰন্ধাৱাৰ সৈতে ২০১৯ চনত এন্নী সোণীতো তেওঁ কাম কৰিছিল।৬

২০২০ চনত ক'ভিড লকডাউনৰ সময়ত তেৰে নালত দৰ্শন ৰাভালৰ সৈতে সহযোগিতা কৰি, নামত মিলিন্দ গাবাৰ সৈতে সহযোগিতা কৰি তেওঁ কেইবাটাও গীত মুকলি কৰে। টি-ছিৰিজৰ অফিচিয়েল ইউটিউব চেনেলত মুক্তি পোৱা তেওঁৰ ব্লকবাষ্টাৰ একক গীত "তনহাই"য়ে ইউটিউবত ১১ কোটিৰো অধিক ভিউজ লাভ কৰিছে।

২০২১ চনত তুলসী কুমাৰে জুবিন নৌতিয়ালৰ সৈতে গোৱা একক গীত "পেহলে পিয়াৰ কা পেহলা ঘাম" মুকলি কৰে।৭ মিউজিক ভিডিঅ’টোত পাৰ্থ সামথান আৰু তেওঁৰ ভগ্নী খুশালীক দেখা গৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত নৌতিয়ালৰ সৈতে "মেইন জিছ দিন ভুলা দুন" এটি নতুন গীত মুকলি কৰে য'ত হিমাংশ কোহলী আৰু স্নেহা নমানন্দীক অভিনয় কৰা হয়।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডি হাই হামৰ ছিজন ২ৰ আয়োজন কৰা দেখা গৈছিল।

পিছলৈ তেওঁ দৰ্শন ৰাভালৰ সৈতে গোৱা তেওঁৰ ব্লকবাষ্টাৰ ৰোমান্টিক হিট ইজ কাদৰ মুক্তি দিয়ে আৰু মিউজিক ভিডিঅ'টোত তেওঁলোক দুয়োজনকে অভিনয় কৰোৱা হৈছে।

২০২১ চনৰ ৩০ জুনত কুমাৰ আৰু নৌতিয়ালৰ এমাজন প্ৰাইম মিক্সটেপ ছিজন ৩ আউট হৈছিল। মিক্সটেপত থকা গীত আছিল তেৰা চেহৰা আৰু জন মেৰী

২০২১ চনৰ ৫ অক্টোবৰত দৰ্শন ৰাভাল আৰু তুলসী কুমাৰৰ “শাদীৱালা চং’’ তেৰা নাম মুক্তি লাভ কৰে। এই যুটীৰ এইটো তৃতীয় সহযোগিতাপূৰ্ণ অৱদান। গীতটোৱে ৯ মিলিয়নতকৈ বেছি দৰ্শন লাভ কৰিছিল আৰু মুক্তিৰ ২৪ ঘণ্টাৰ ভিতৰতে ইউটিউব গ্ল’বেল চাৰ্টৰ স্থানত ট্ৰেণ্ডিং কৰিছিল। অনুৰাগীসকলে এই গীতটিলৈ অপৰিসীম আগ্ৰহ দেখুৱাইছে।

তথ্যসূত্ৰ

  1. ↑ In father's footsteps. দ্য হিন্দু
  2. ↑ Shah, Karan. (2014-10-17). T-Series launches a new YouTube channel for kids. Indian Express
  3. ↑ (13 January 2016). Lohri reloaded. The Asian Age
  4. ↑ Bollywood singer Tulsi Kumar's sangeet ceremony – Times of India. The Times of India. (20 February 2015). Retrieved 30 December 2015
  5. ↑ (26 December 2017). Famous Bollywood Singer Becomes Mother, Shares First Pic And Name of the Baby. Yahoo Lifestyle
  6. ↑ Watch: Gulshan Kumar's daughter Khushali makes screen debut with revived 'Mainu Ishq Da Lagya Rog'. DNA India
  7. ↑ Watch New Hindi Trending Song Music Video – 'Pehle Pyaar Ka Pehla Gham' Sung By Tulsi Kumar, Jubin Nautiyal Featuring Khushali Kumar, Parth Samthaan · Hindi Video Songs – Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলসী কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৭৪৩১৭ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।