অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইলা বসু

ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।

হালনাগাদ: ১৪ মে’ ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।১

জীৱনী

বসুৰ জন্ম ব্ৰিটিছ ৰাজৰ হাওড়াৰ এটা সাংগীতিক পৰিয়ালত হৈছিল। মাত্ৰ সাত বছৰ বয়সত তেওঁ এলাহাবাদত আয়োজিত সৰ্বভাৰতীয় সংগীত সন্মিলনত ধ্ৰপদী সংগীতত প্ৰথম স্থান অধিকাৰ কৰে। তেওঁ ননীগোপাল মিত্ৰ আৰু পিছলৈ নজৰুল গীতৰ প্ৰবাদপ্ৰতীম শিল্পী ধীৰেন্দ্ৰ চন্দ্ৰ মিত্ৰৰ ওচৰত সংগীতৰ শিক্ষা লয়। তেওঁ আকাশবাণী কলকাতাৰ এগৰাকী নিয়মীয়া গায়িকা আছিল। আকাশবাণীৰ জনপ্ৰিয় মহিষাসুৰমৰ্দ্দিনী শীৰ্ষক প্ৰভাতী অনুষ্ঠানতো অংশ লৈছিল।২ ভজন, গজল, ৰাগপ্ৰধান আৰু নজৰুল গীতত তেওঁৰ অবাধ দখল আছিল। নজৰুল ইছলামৰ ৰচনা আৰু সুৰৰ মৰ্মবাণী তেওঁ অপূৰ্ব মাধুৰ্যমণ্ডিত কণ্ঠত ভাস্বৰ হৈ উঠিছিল, যিয়ে তেওঁক অসামান্য জনপ্ৰিয়তা দিছিল। তেওঁৰ গৌৰ গোস্বামীৰ সুৰত চাঁদ ডুবে যায়, যাক না শীৰ্ষক গীতটো প্ৰথম গ্ৰামোফোন ৰেকৰ্ডত প্ৰকাশিত হয়। তেওঁৰ প্ৰায় দুশ গীত গ্ৰামোফোন কোম্পানীয়ে বাণীবদ্ধ কৰিছে।১ তাৰোপৰি তেওঁ বহু কেইখন বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠদান কৰিছে।

নেপথ্য কণ্ঠশিল্পী

বঙালী চলচ্চিত্ৰ

নেপথ্য কণ্ঠদান কৰা কেইখনমান উল্লেখযোগ্য বঙালী ছবি-

  • দুই ভাই (১৯৬১)
  • বিপাশা (১৯৬২)
  • সাবৰমতী (১৯৬৯)
  • চিৰদিনেৰ (১৯৬৯)

অসমীয়া চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ Anjali Basu. (January 2019). Ila Basu. সংসদ বাঙালী চৰিতাভিধান. সাহিত্য সংসদ, কলকাতা
  2. ↑ Mahisasura Mardini by Birendra Krishna Bhadra (AIR Recording) – Details of tracks and artists. QuiQinQ
  3. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 445

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় মহিলা কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা বসু” প্ৰবন্ধৰ সংশোধন ৫০৮৫৮৫ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।