বিন্দুমালিনী নাৰায়ণস্বামী বা চমুকৈ বিন্দু মালিনী (Bindhu Malini, ২০ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গ্ৰাফিক ডিজাইনাৰ। ২০১৮ চনত তেওঁ কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১২ একেখন ছবিৰে "ভৱলোকদাদা ভৰমেয়" গীতৰ বাবে তেওঁ ২০১৯ চনত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল।৩ তেওঁ তামিল, হিন্দী আৰু কন্নড় ভাষাত চলচ্চিত্ৰ আৰু এলবামৰ বাবে গীত ৰচনা কৰে আৰু কণ্ঠদান কৰে।
ব্যক্তিগত জীৱন
১৯৮১ চনৰ ২০ নৱেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ এক সাংগীতিক পৰিয়ালত বিন্দু মালিনীৰ জন্ম হৈছিল। তেওঁৰ মাতৃ এন. বিশালাক্ষী এগৰাকী আকাশবাণীৰ গ্ৰেডপ্ৰাপ্ত কৰ্ণাটিক কণ্ঠশিল্পী আৰু আইতাক সীতা ডোৰাইস্বামী এগৰাকী বিখ্যাত জল তৰংগ বাদ্যযন্ত্ৰী আছিল।৪ বিন্দু মালিনীয়ে নেচনেল ইনষ্টিটিউট অফ ডিজাইনৰ পৰা গ্ৰাফিক ডিজাইনত ডিগ্ৰী লাভ কৰিছে।৫
তেওঁ বেংগালুৰু এজন সংগীতশিল্পী বাসু দীক্ষিতৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকে একেলগে স্বৰথম নামৰ এক লোক-ৰক ফিউজন সংগীত বেণ্ড পৰিচালনা কৰে।৬
কৰ্মজীৱন
তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক আৰু হিন্দুস্তানী দুয়োটা সংগীতৰ শাখাতে প্ৰশিক্ষিত। বিন্দু মালিনীয়ে সন্ত কবীৰৰ কবিতা আৰু কুমাৰ গন্ধৰ্বৰ গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল।৬
বিন্দু মালিনীৰ এলবাম 'শুনো ভাই' বেদান্ত ভৰদ্বাজৰ সৈতে সহযোগিতাত নিৰ্মাণ কৰা হৈছিল। এই এলবাম সন্ত কবীৰৰ কেইটামান কবিতাৰ সমষ্টি।৬
সুৰকাৰ হিচাপে
বিন্দু মালিনীয়ে বেদান্ত ভৰদ্বাজৰ সৈতে ২০১৬ চনৰ তামিল ছবি 'অৰুভী'ৰ বাবে সংগীত পৰিচালনা কৰিছিল।৭ কানাড়া ভাষাত তেওঁ প্ৰথমে অনন্যা কছাৰাৱল্লিৰ সৈতে সহযোগিতা কৰিছিল আৰু বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০১৭ৰ ৯ম সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰা 'হৰিকথা প্ৰসংগ' ছবিখনৰ বাবে সংগীত পৰিচালনা কৰিছিল।৮ ২০১৮ চনত তেওঁ 'নাথিচাৰামী' ছবিখনৰ বাবে সংগীত ৰচনা কৰে আৰু ইয়াৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। তেওঁৰ বেছিভাগ চিনেমা মহিলা কেন্দ্ৰিক।
বঁটা আৰু সন্মান
২০১৮ চনত বিন্দু মালিনীয়ে কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ একেখন ছবিৰে "ভৱলোকদাদা ভৰমেয়" গীতৰ বাবে তেওঁ ২০১৯ চনত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল।৩
চলচ্চিত্ৰৰ তালিকা
সুৰকাৰ হিচাপে তেওঁৰ চিনেমাসমূহত বিন্দু মালিনীয়ে নিজেই কণ্ঠদান কৰে। তেওঁ জড়িত থকা চলচ্চিত্ৰসমূহ হৈছে:
| বৰ্ষ | চলচ্চিত্ৰ | কণ্ঠশিল্পী | সুৰকাৰ | ভাষা |
| ২০১৬ | 'আৰুভী' | (বেদান্ত ভৰদ্বাজৰ সৈতে) | তামিল | |
| ২০১৭ | 'হৰিকথা প্ৰসংগ' | কানাড়া | ||
| ২০১৮ | 'নাথিচাৰামী' | কানাড়া |
তথ্যসূত্ৰ
- ↑ (Aug 9, 2019). National film awards-Kannada film Nathicharami dominates 2019 list. IndiaToday.in
- ↑ Sudevan, Praveen. (2019-08-23). Music composer Bindhu Malini on scoring for National award-winning ‘Nathicharami’. The Hindu
- ↑ (Dec 23, 2019). Bindhu Malini cheered on by mother as she picked her filmfare award. Times of India
- ↑ Yerasala, Ikyatha. (2019-08-28). Song sung true. Deccan Chronicle
- ↑ Playback singer Bindhu Malini. nettv4u.com
- ↑ Confluence of Sound. Deccan Chronicle
- ↑ (Dec 22, 2017). Meet composers behind the film Aruvi. The NewsMinute.com
- ↑ (Feb 10, 2017). Harikatha Prasanga bags top honour at BIIF. Bangalore Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিন্দু মালিনী” প্ৰবন্ধৰ সংশোধন ৩৭৪৪৪৩ (১৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।