অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপমা দেশপাণ্ডে

অনুপমা দেশপাণ্ডে বলিউডৰ প্লেবেক গায়িকা। তেওঁ সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনাব দে" নামৰ লোকগীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ২৭ অক্টোবৰ ২০২৫ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অনুপমা দেশপাণ্ডে বলিউডৰ প্লেবেক গায়িকা। তেওঁ সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনাব দে" নামৰ লোকগীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।১ এই গীতটো প্ৰথমে আশা ভোছলেৰ বাবে আছিল যদিও আশাৰ ব্যস্ততাৰ বাবে অনুপমা দেশপাণ্ডেৰ কণ্ঠত অনু মালিকে এই গীতটো ৰেকৰ্ডিং কৰিছিল যাতে পিছলৈ আশা ভছলেই ডাব কৰিব পাৰে। কিন্তু গীতটো শুনি আশা ভোছলেই গঠনমূলকভাৱে পৰামৰ্শ দিছিল যে অনুপমাৰ সংগীত প্ৰতিভাক সম্পূৰ্ণ কৃতিত্ব দি গীতটো যিদৰে আছে, অনুপমা দেশপাণ্ডেৰ কণ্ঠত ধৰি ৰাখিব লাগে।২ তেওঁ ৯২ খন ছবিত মুঠ ১২৪ টা গীত গাইছে। তেওঁ বহুকেইখন মাৰাঠী চলচ্চিত্ৰত কণ্ঠদান কৰিছে।

সংগীত জীৱন

দেশপাণ্ডেই সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনব দে" লোকগীত পৰিবেশন কৰি খ্যাতি অৰ্জন কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৮৮ চনৰ মৰ মিটেংগে ছবিত "হায় মেৰা ৰাব্বা" গীতটোত মহম্মদ আজিজ আৰু শৈলেন্দ্ৰ সিঙৰ সৈতে কণ্ঠদান কৰে।

১৯৯০ চনত আনন্দ-মিলিন্দৰ সুৰ উদিত নাৰায়ণৰ সৈতে তুম মেৰে হো ছবিৰ শীৰ্ষ গীত গাইছিল। হাতিম টাই ছবিত অলকা য়াগনিক আৰু অমৃশ পুৰীৰ সৈতে "আজ বচনা হায় মুছকিল তেৰা" গীতটো গাইছিল। বাপ্পী লাহিৰীৰ ছবি স্যাইলাব (১৯৯০)ৰ "হামকো আজ কা হ্যায় ইন্তেজাৰ" গীতটো চাৰ্টবাষ্টাৰত পৰিণত হয়। এই গীতটোত মাধুৰী দীক্ষিতৰ নৃত্যৰ বাবে নৃত্য পৰিচালক সৰোজ খানে ফিল্মফেয়াৰ বঁটা লাভ কৰে৷

তেওঁ নিজৰ কণ্ঠদান কৰিছিল ৰোজা ছবিৰ মাৰাঠী সংস্কৰণত, কুমাৰ চানুৰ সৈতে লুটাৰ (১৯৯৩) ছবিখনত "জিছ দিল নে তুঝকো" গীতটোতৈ কণ্ঠদান কৰিছিল। এই দুয়োটা এলবামে ১৯৯৩ চনৰ শীৰ্ষ ১০ টা বিক্ৰী হোৱা এলবামৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁ ছাজিদ-ৱাজিদৰ দ্বাৰা সুৰচিত প্যা কিয়া তো ডোৰনা ক্যা (১৯৯৮) ছবিত চাবৰি ভাতৃদ্বয়ৰ সৈতে ''তেৰী জৱানী বৰী মস্ত মস্ত" কাৱালী গীতটোত কণ্ঠদান কৰে।

দেশপাণ্ডেই ২০০১ চনত ফৰ্জ ছবিত বিচুৱা বিচুৱা গীতটোত কণ্ঠদান কৰিছিল। ইয়াৰ পিছৰ বছৰ তেওঁ হৰিহৰণ আৰু সোনু নিগমৰ সৈতে শৰৰাত (২০০২) ছবিত য়ে মেয় কাহা গীতটো পৰিবেশন কৰে।

তথ্যসূত্ৰ

  1. ↑ (2 October 2018). আৰ্কাইভ কপি
  2. ↑ Filmfare Award Winners - 1984. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীগায়িকালোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৫০ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।