অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰানু মণ্ডল (কণ্ঠশিল্পী)

ৰানু মণ্ডল (Ranu Mandal জন্ম: ৫ নৱেম্বৰ, ১৯৬০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ পশ্চিম বংগৰ ৰাণাঘাটৰ এটা ৰে’ল ষ্টেশ্যনত গান গাই ফুৰিছিল। তেওঁৰ সংগীত পৰিৱেশনৰ এটা ভিডিঅ’ (য’ত তেওঁ "এক প্যাৰ কা নাগমা হে" শীৰ্ষক হিন্দী গীত গাই থকা দেখা গৈছিল) ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত তেওঁ ৰাতিটোৰ…

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰানু মণ্ডল (Ranu Mandal জন্ম: ৫ নৱেম্বৰ, ১৯৬০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ পশ্চিম বংগৰ ৰাণাঘাটৰ এটা ৰে’ল ষ্টেশ্যনত গান গাই ফুৰিছিল। তেওঁৰ সংগীত পৰিৱেশনৰ এটা ভিডিঅ’ (য’ত তেওঁ "এক প্যাৰ কা নাগমা হে" শীৰ্ষক হিন্দী গীত গাই থকা দেখা গৈছিল) ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত তেওঁ ৰাতিটোৰ ভিতৰতে ইণ্টাৰনেট-তাৰকা হৈ পৰিছিল।১২

প্ৰাৰম্ভিক জীৱন

১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে পশ্চিমবংগৰ কৃষ্ণনগৰত ৰাণু মণ্ডলৰ জন্ম হয়। মাত্ৰ ছমাহ বয়সতে তেওঁৰ মাক-দেউতাকৰ মৃত্যু হোৱাত তেওঁ শৈশৱৰ বেছিভাগ সময় পশ্চিমবংগৰ ৰাণাঘাটত থকা তেওঁৰ খুৰীয়েক ঘৰত অতিবাহিত কৰিছিল।৩ ৰানু মণ্ডলৰ সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ আছিল আৰু তেওঁ মহম্মদ ৰফি, মুকেশ আৰু লতা মংগেশকাৰৰ দৰে ভাৰতীয় কিংবদন্তিমূলক গায়কসকলৰ গান শুনি তেওঁলোকক অনুকৰণ কৰি আহিছে। ১৯ বছৰ বয়সত মণ্ডল বিবাহ পাশত আৱদ্ধ হোৱা ৰানু কামৰ সন্ধানত স্বামীৰ সৈতে মুম্বাইলৈ স্থানান্তৰিত হৈছিল।

পৰিয়াল

ৰানু মণ্ডলৰ দেউতাক আদিত্য কুমাৰ এজন ফেৰিৱালা আছিল। ১৯ বছৰ বয়সত তেওঁ চুবুৰীয়া বাবলু মণ্ডলৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ এজনী কন্যা, এলিজাবেথ সাথী ৰয় আৰু বাবলু মণ্ডলৰ ফালৰ এজন পুত্ৰ আছে। বাবলু মণ্ডলৰ ২০০৯ চনত মৃত্যু হোৱাত ৰানু দ্বিতীয় বাৰলৈ বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁৰ দ্বিতীয় স্বামীৰ ফালৰ পৰা এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়।

কৰ্মজীৱন

ৰানু মণ্ডলে মুম্বাইত বিভিন্ন ধৰণৰ কাম কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ মুম্বাইৰ এটা ক্লাবৰ বাবে গান গাবলৈ আৰম্ভ কৰিছিল। উক্ত ক্লাবত কাম কৰাৰ কিছু দিনৰ পাছত তেওঁ স্বামীৰ অনুমতি নোপোৱাৰ বাবে এই কামটো এৰি দিয়ে। তেওঁ তেওঁৰ প্ৰাক্তন স্বামীৰ মৃত্যুৰ পাছত নিজৰ গৃহচহৰ ৰাণাঘাটলৈ উভতি আহিছিল আৰু তাত অকলে দৰিদ্ৰতাৰ মাজেৰে জীৱন পাৰ কৰিছিল। মণ্ডলে জীৱিকা অৰ্জনৰ বাবে ৰাণাঘাটৰ ৰে’ল ষ্টেশ্যনত গান গাবলৈ আৰম্ভ কৰে। তেওঁ "এক প্যাৰ কা নাগমা হে" গানটো পৰিৱেশন কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত চৰ্চালৈ আহে।

পৰৱৰ্তী সময়ত, তেওঁক ৰিয়েলিটী টিভি শ্ব’ "ছুপাৰষ্টাৰ ছিংগাৰ"ত অতিথি প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। ৪৫ অনুষ্ঠানটোত মণ্ডলৰ কণ্ঠ শুনি বলীউডৰ সংগীতজ্ঞ হিমেশ ৰেশমিয়াই তেওঁক তেওঁৰ বাবে এটা গান গাবলৈ কয়। ৰানু মণ্ডলে ২০১৯ চনত বলীউডৰ ছবি "হেপ্পী হাৰ্ডি এণ্ড হীৰ"ত 'তেৰি মেৰী কাহানী' গানটোৰ জৰিয়তে সংগীত জীৱনৰ পাতনি মেলে। ৰেশমিয়াই গানটোৰ এটা চমু সংস্কৰণ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, এই সংস্কৰণটোৱেও সামাজিক মাধ্যমত চৰ্চা লাভ কৰে।৬ মণ্ডলে ৰেশমিয়াৰ সৈতে "আদত" আৰু "আশিকী মে তেৰি ২.০" নামৰ আন দুটা ছাউণ্ডট্ৰেকত সহযোগিতা কৰিছিল।৭৮

তথ্যসূত্ৰ

  1. ↑ (2 August 2019). Woman sings Ek Pyaar Ka Nagma at Ranaghat railway station in Bengal. Viral video has 2.5mn views. India Today
  2. ↑ 6 times Ranu Mondal went viral since her Ranaghat railway station video. India Today
  3. ↑ Rani Mandal biography
  4. ↑ Kundu, Indrajit. (9 August 2019). Ranu Mondal from Ranaghat went viral for Ek Pyaar Ka Nagma Hai. She just got a call from music reality show. India Today
  5. ↑ A Bollywood contract for India's busking sensation is no reason to pat ourselves on the back. The National
  6. ↑ Ranu Mondal from Ranaghat just recorded her first song. Internet cannot thank Himesh Reshammiya enough. India Today
  7. ↑ months, Pramit Chatterjee 2; Week, 1. (30 August 2019). Himesh Reshammiya Collabs With Internet Sensation Ranu Mandal For A Second Song. Mashable India
  8. ↑ DelhiSeptember 3, India Today Web Desk New; September 3, 2019UPDATED; Ist, 2019 14:09. Ranu Mondal recreates Aashiqui Mein Teri for Himesh Reshammiya with unadulterated smile. Watch video. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰানু মণ্ডল (কণ্ঠশিল্পী)” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৫১ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।