নাহিদ আফ্ৰিন এগৰাকী ভাৰতীয় নেপথ্য সংগীত শিল্পী। তেওঁ ২০১৬ চনত বলীউড ছবি 'আকিৰা'ত প্ৰথমটো নেপথ্য সংগীতত কণ্ঠদান কৰে। তেওঁ প্ৰথমে ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰ সংস্কৰণত অংশগ্ৰহণৰে গায়িকা হিচাপে স্বীকৃতি লাভ কৰে।১ ২০১৩ চনত লিটিল চেম্পছ নৰ্থ-ইষ্টত ৰিয়েলিটি শ্ব'ত তেওঁক দেখা গৈছিল আৰু ইয়াত তেওঁ ৰানাৰ্ছ আপ হৈছিল।২
প্ৰাথমিক জীৱন
নাহিদ আফ্ৰিনৰ জন্ম হৈছিল অসমৰ বিশ্বনাথ চাৰিআলিত। নাহিদৰ মাক ফাতেমা আনছাৰী আৰু দেউতাক আনোৱাৰ আনছাৰী। ২০০১ চনৰ ১৩ ডিচেম্বৰত নাহিদে জন্মগ্ৰহণ কৰে। নাহিদৰ ভাতৃৰ নাম ফৈজ আনোৱাৰ। ৩ বছৰ বয়সৰ পৰাই নাহিদে গান গাবলৈ আৰম্ভ কৰিছিল। নাহিদে তেওঁৰ প্ৰথম গুৰু "বিবলী ভাগৱতী"ৰ পৰা সংগীত শিকিছিল। পিছত তেওঁ অসমৰ ভাটখাণ্ডে কলা কেন্দ্ৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। বিশ্বনাথ চাৰিআলিৰ লিটিল ষ্টাৰ স্কুলৰ পৰা দশম শ্ৰেণীৰ বৰ্ড পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁৰ পিতৃয়ে ডি আৰ ডি এত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰে।
টেলিভিছনৰ পৰ্দাত ভূমুকি মৰাৰ পূৰ্বে নাহিদে ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠান পৰিৱেশন কৰিছিল। হিন্দী, অসমীয়া, পশ্চিমীয়া, বাংলা আৰু আন বহুতো স্থানীয় ভাষাকে ধৰি বিভিন্ন ভাষাত তেওঁ গান গাব পাৰে।২
সংগীত কেৰিয়াৰ
২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰৰ সংস্কৰণত আফ্ৰিন প্ৰথম ৰানাৰ্ছ আপ হৈছিল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি আকিৰাত গায়িকা হিচাপে অভিষেক ঘটায়।১২
ইউনিচেফৰ যুৱ অধিবক্তা
২০১৮ চনৰ ডিচেম্বৰ মাহত ইউনিচেফ ইণ্ডিয়াই শিশু অধিকাৰৰ বাবে যুঁজিবলৈ আফ্ৰিনক উত্তৰ-পূব অঞ্চলৰ প্ৰথমজন 'যুৱ অধিবক্তা' হিচাপে নিযুক্তি দিছে।৩
বঁটা
- "শোণিত কুঁৱৰী" উপাধিৰে সন্মানিত,
- "এচিভাৰ বঁটা ২০১৫"- প্ৰতিদিন টাইমছ,
- "NEEDS EXCELLENCE AWARD 2015" যুব আইকন (সংগীত) হিচাপে,
- "প্ৰেৰণা বঁটা" ২০১৭ চনৰ বাবে আশাব্যঞ্জক শ্ৰেষ্ঠ গায়িকা,
- "গণ অধিকাৰী আশাব্যঞ্জক শিল্পী বঁটা" ২০১৭ বৰ্ষ,
- "শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকা" ধুনীয়া জোন গীতটিৰ বাবে - প্ৰাইড ইষ্ট বঁটা ২০১৭,
- " সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৮ " - আকুলি-বিকুলি গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা,
- "প্ৰাগ চিনে বঁটা ২০১৯" - চিলা শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা,
- "প্ৰতিমা বৰুৱা পাণ্ডে বঁটা" নিজানৰ গান ছবিৰ নতুন এজাক শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা-২০১৮
বঁঁটা বিতৰ্ক
অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ শিতানত ২০১৮ বৰ্ষৰ বঁটা লাভক লৈ কণ্ঠশিল্পী নাহিদ আফ্ৰিন বঁটা বিতৰ্কত সোমাই পৰে। নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছিল, সেই গীতটো গাইছিল ৰূপজ্যোতি দেৱীয়ে। ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল বুলি প্ৰকাশ হৈছিল। এই সন্দৰ্ভত নাহিদ আফ্ৰিনে স্পষ্টীকৰণ দিয়ে। বিষয়টোকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু একাংশই নাহিদে এই বঁটা ঘূৰাই দিব লাগে বুলি সামাজিক মাধ্যমত দাৱী উত্থাপন কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই গীতৰ নাম ভুল হোৱা বুলি কৈ উক্ত বঁটা নাহিদে গোৱা নতুন এজাক গীতৰ বাবে প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি জুৰি ব'ৰ্ডেও বিষয়টোৰ বাবে দুঃখ প্ৰকাশ কৰে।৪
তথ্যসূত্ৰ
- ↑ (31 August 2015). Indian Idol Junior 2015: Meet top 4 finalists of season 2; Tell us who is your favourite!. india.com
- ↑ (16 March 2017). From Little Champs North East to Indian Idol Junior, Nahid Afrin's musical journey has been fascinating. ইণ্ডিয়া টুডে
- ↑ (6 December 2018). UNICEF appoints Nahid Afrin as 'Youth Advocate' for NE. Business-Standard
- ↑ (15 March 2023). Jury Members Extend Apology Amid Goof-Up at State Film Awards. Pratidin time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহিদ আফ্ৰিন” প্ৰবন্ধৰ সংশোধন ৫৪৫৮০১ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।