সুজাথা মোহন এগৰাকী ভাৰতীয় নেপথ্য গায়িকা, যি মালয়ালম ভাষা, তামিল ভাষা আৰু তেলুগু ভাষা চিনেমাত গীত গাই জনপ্ৰিয় হৈ পৰিছে। কানাড়া, বদাগা, হিন্দী আৰু মাৰাঠী আৰু অন্য ভাষাৰ চিনেমাৰ বাবেও তেওঁ গীত গাইছে। ২০২১ চনলৈকে তেওঁ ১০,০০০ তকৈ অধিক গীত ৰেকৰ্ডিং কৰিছিল।১
ব্যক্তিগত জীৱন
সুজাথা মোহন ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত পূৰ্বৰ ট্ৰাভাংকুৰ–কোচিন ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী পৰাভূৰ টি কে নাৰায়ণ পিল্লাইৰ নাতিনী। তেওঁৰ পিতৃ প্ৰয়াত ডাঃ বিজয়েন্দ্ৰ সুজাথাৰ দুবছৰ বয়সতে মৃত্যু হয়। তেওঁ এৰ্নাকুলামৰ ছেইণ্ট টেৰেছা কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।২ ১৯৮১ চনৰ ৯ মে'ত ড° ভি কৃষ্ণ মোহনৰ সৈতে তেওঁৰ বিবাহ হয়।৩ তেওঁৰ একমাত্ৰ কন্যা শ্বেতা মোহনও এগৰাকী গায়িকা। ৰাধিকা থিলক আৰু জি বেনুগোপাল তেওঁৰ খুলশালীয়েক।
কৰ্মজীৱন
সত্তৰৰ দশকত পঢ়াশালিত থকা কালতেই বেবী সুজাথা নামেৰে সুজাথাই খ্যাতি লাভ কৰিছিল; তেওঁ নিয়মিতভাৱে সমগ্ৰ বিশ্বতে কে জে য়েছুডাছৰ সৈতে তেওঁৰ মঞ্চ শ্ব’ত গান গাইছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথম গীত "কান্নেজুথী পট্টুথ'ট্টু" ৰেকৰ্ডিং কৰা হৈছিল। ১৯৭৫ চনৰ মালয়ালম ভাষা চিনেমা টুৰিষ্ট বাংলোৰ বাবে এম কে অৰ্জুনে ৰচনা কৰিছিল এই গীতটো। শ্যামৰ বাবে কামম ক্ৰোধম মহম আৰু সলিল চৌধুৰীৰ তত্ত্বাৱধানত অপৰাধী ছবিৰ বাবে গীত ৰেকৰ্ডিং কৰিছিল। এই সময়ছোৱাত সুৰকাৰ এম জি ৰাধাকৃষ্ণনে তেওঁক বহুতো চলচ্চিত্ৰৰ বাহিৰৰ গীত ৰেকৰ্ডিং কৰিবলৈ বাধ্য কৰাইছিল; ইয়াৰ ভিতৰত আটাইতকৈ বেছি হিট গীত আছিল “ওদাক্কুজাল ভিলি’’৷
ইল্লয়াৰাজৰ “হামীৰ কল্যাণী’’ ৰাগত সুৰ কৰা কবিকুইল (১৯৭৭)ৰ "কাধল ওভিয়াম কাণ্ডেইন" গীতৰ জৰিয়তে তামিল ভাষাত নিজৰ প্ৰৱেশ ঘটায় যদিও এই গীটটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তামিল ভাষা ভাষাত তেওঁৰ প্ৰথম মুক্তি পোৱা গীতটো আছিল তামিল ছবি গায়ত্ৰী (১৯৭৭)ৰ "কলাই পানীয়ল"; য'ত ইল্লয়াৰাজাৰ সংগীতেৰে শ্ৰীদেৱী আৰু ৰজনীকান্তই অভিনয় কৰিছিল। জনী, কবিকুইল আৰু ইলামাই কোলাংগালত ইল্লয়াৰাজাৰ বাবে গীত গাইছিল। ১৯৮১ চনত বিয়াৰ পিছত প্লেবেক গায়কীৰ পৰা সাময়িক অৱসৰ লয়। ১৯৮৮ চনত কদাথানদন আম্বাদীৰ জৰিয়তে সফল প্ৰত্যাৱৰ্তন ঘটায়, তাৰ পিছত হিট ছবি হয় চিথৰাম।
১৯৮০ চনৰ শেষৰ ফালে এ আৰ ৰহমানৰ বাবে এড জিংগল গাইছিল। তাৰ পিছত ৰহমানে তেওঁক ১৯৯২ চনৰ মণি ৰত্নমৰ ছবি ৰোজাৰ "পুধু ভেল্লাই মাঝাই" গাবলৈ বাধ্য কৰাইছিল, যিটো গীত ভাৰতৰ অন্যতম জনপ্ৰিয় গীত হৈ পৰিছিল। "কধল ৰোজা" গীতটিৰ বেকিং কণ্ঠও সুজাথাই পৰিৱেশন কৰে। তেওঁৰ আন আন হিট গীতো আছে, ইয়াৰে উল্লেখযোগ্য হ’ল, ৰহমানৰ সৈতে পুধিয়া মুগাম (১৯৯২), জেণ্টলমেন (১৯৯৩), জিন্স আৰু মিনছাৰা কানাভু (১৯৯৭)কে ধৰি আদি ছবিৰ। ইয়াৰ উপৰিও চোৰ চোৰ ছবিৰ "দিল হায় চনম", তাল ছবিৰ "ইছক বিনা", পুকাৰৰ "হায় জানা" আৰু আৰ্থৰ "ইশ্বৰ আল্লাহ" আদি কিছু গীত হিন্দী ভাষাত ৰেকৰ্ডিং কৰিছে৷ তদুপৰি কভি না কভিৰ এ. আৰ. ৰহমান সুৰাৰোপিত "তুম হো মেৰী নিগাহোম" গীতটোৰ বাবে কণ্ঠদান কৰিছিল। এ আৰ ৰহমানৰ সংগীত পৰিচালনাত তেওঁৰ বহু উল্লেখযোগ্য আৰু সফল গীত গাইছে। তেওঁৰ মুক্ত কণ্ঠই তেওঁক বিপুল সংখ্যক অনুৰাগী আনি দিছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (31 March 2021). Happy Birthday Sujatha Mohan: Five melodious songs of the expert singer. The Times of India
- ↑ (8 November 2019). Ten Interesting Facts About Sujatha Mohan, Judge Of Sa Re Ga Ma Pa Keralam. Zee Keralam
- ↑ (28 May 2012). Married to a singer. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা মোহন” প্ৰবন্ধৰ সংশোধন ৬০৬৭৩৩ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।