ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
পীযুষ পাণ্ডে
পীযুষ পাণ্ডে (Piyush Pandey,৫ ছেপ্টেম্বৰ ১৯৫৫ – ২৩ অক্টোবৰ ২০২৫) এজন ভাৰতীয় বিজ্ঞাপন পেছাদাৰী আৰু ৱৰ্ল্ডৱাইডৰ মুখ্য সৃষ্টিশীল বিষয়া (২০১৯)৷ তেওঁ অগিলভিৰ কাৰ্যবাহী-ভাৰতৰ অধ্যক্ষ আছিল। ২০২৪ চনত তেওঁ এল আই এ লিজেণ্ড বঁটা, আৰু ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
পূজা ঠাকুৰ (ভাৰতীয় বায়ুসেনা)
পূজা ঠাকুৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনা বিষয়া। তেওঁ ট্ৰাই-চাৰ্ভিচেছ গাৰ্ড অফ অনাৰৰ প্ৰথম মহিলা কমাণ্ডিং বিষয়া আছিল। ২০১৫ চনৰ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই পৰীক্ষা কৰিছিল।
-
প্ৰিয়া কাম্বলী
প্ৰিয়া কাম্বলী (Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।
-
প্ৰিয়া ডেভিদৰ
প্ৰিয়া ডেভিদৰ (Priya Davidar) এগৰাকী ভাৰতীয় বৈজ্ঞানিক গৱেষক, সংৰক্ষণ জীৱবিজ্ঞানী, পণ্ডিত আৰু লেখিকা। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা হিচাপে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত পৰিৱেশ গৱেষণা কৰি আহিছে।
-
প্ৰেম সিং তামাং
প্ৰেম সিং তামাং (জন্ম ৫ ফেব্ৰুৱাৰী ১৯৬৮), পি.এছ.গোলে নামেৰে বেছি পৰিচিত। প্ৰেম সিং তামাং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন শিক্ষক আৰু তেখেতে ২০১৯ চনৰ ২৭ মে’ৰপৰা চিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰপৰা তেওঁ চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্থাপক আৰু নেতা হিচাপে আছিল।
-
বাবুৰাও পেটেল
বাবুৰাও পেটেল (১৯০৪–১৯৮২) এজন ভাৰতীয় প্ৰকাশক আৰু সাহিত্যিক, চলচ্চিত্ৰ আৰু ৰাজনীতিৰ সৈতে জড়িত।
-
বিজয় আনন্দ (চলচ্চিত্ৰ নিৰ্মাতা)
বিজয় আনন্দ (২২ জানুৱাৰী ১৯৩৪ – ২৩ ফেব্ৰুৱাৰী ২০০৪) গোল্ডী আনন্দ নামেৰেও পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু অভিনেতা, গাইড (১৯৬৫), তিচৰী মঞ্জিল (১৯৬৬), ""জুৱেল থিফ "(১৯৬৭) আৰু "জনী মেৰা নাম "(১৯৭০) আদি ছবিৰ বাবে পৰিচিত।
-
বিঞ্জামুৰী অনুসুয়া দেৱী
বিঞ্জামুৰি অনসূয়া দেৱী (জন্ম:মে ১২,১৯২০ – মৃত্যু:মাৰ্চ ২৩,২০১৯) এগৰাকী তেলেগু গায়িকা, হাৰমনিয়াম বাদক, গীতিকাৰ আৰু লেখিকা আছিল।
-
বিনীতা বল
বিনীতা বল আছিল নেচনেল ইনষ্টিটিউট অৱ ইমিউন’লজিৰ বিজ্ঞানী তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰীৰ মহিলা বিজ্ঞানৰ টাস্ক ফ’ৰ্চৰ সদস্য।
-
বিনীশ বাষ্টিন
বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম আৰু তামিল ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
বিপন চন্দ্ৰ
বিপন চন্দ্ৰ (জন্ম, ২৪ মে’ ১৯২৮ – মৃত্যু,৩০ আগষ্ট ২০১৪ ) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ইতিহাসৰ এমেৰিটাছ অধ্যাপক হিচাপে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত বিশেষজ্ঞ আছিল আৰু মহাত্মা গান্ধীৰ আগশাৰীৰ পণ্ডিত হিচাপে গণ্য কৰা হয়।
-
বিপ্লৱ দাসগুপ্ত
বিপ্লৱ দাসগুপ্ত ( ২ জানুৱাৰী ১৯৩৮ – ১৭ জুলাই ২০০৫) এজন মাৰ্ক্সবাদী অৰ্থনীতিবিদ, ৰাজ্যসভা, লোকসভা আৰু চিপিআই(এম) ৰ পশ্চিমবঙ্গৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য আছিল। ভাৰতৰ কৃষি অৰ্থনীতি বিষয়ক কেইবাখনো গ্ৰন্থৰ তেওঁ লেখক।
-
বিভৱ কুমাৰ তালুকদাৰ
বিভৱ কুমাৰ তালুকদাৰ (Bibhab Kumar Talukdar) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু জীৱবিজ্ঞানী। তেওঁ অসমৰ গুৱাহাটীত অৱস্থিত বন্যপ্ৰাণীৰ অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক। ই ভাৰতৰ এটা বৈজ্ঞানিক, ঔদ্যোগিক গৱেষণা কেন্দ্ৰ আৰু আগশাৰীৰ পৰিৱেশ সংস্থা।
-
বিহাৰী লাল
বিহাৰী লাল চৌবে বা বিহাৰী (১৫৯৫–১৬৬৩) এজন হিন্দী কবি, ব্ৰজ ভাষা, সাতছাই (সাতশ পদ) গ্ৰন্থৰ বাবে বিখ্যাত। প্ৰায় সাতশ কম্পলেটৰ এই সংকলন সম্ভৱতঃ কাব্যিক শিল্পৰ আটাইতকৈ বিখ্যাত হিন্দী ৰচনা, ইয়াৰ আখ্যান আৰু সৰল শৈলীৰ ভিন্নতা আছে।বৰ্তমান ইয়াক ৰীতিকাল বা 'ঋতি কাল' অৰ্থাৎ কবিসকলে ৰজাৰ বাবে কবিতা লিখা…
-
বৰ্ষা দেশপাণ্ডে
বৰ্ষা দেশপাণ্ডে (Varsha Deshpande) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী বিশিষ্ট অধিবক্তা আৰু তৃণমূল পৰ্যায়ৰ সমাজ কৰ্মী। ৩৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ লিংগ সমতা ন্যায়, প্ৰজনন অধিকাৰ আৰু মহিলা ভ্ৰুণহত্যা নিৰ্মূল আন্দোলনৰ নেতৃত্ব দি আহিছে।
-
মনোজ বসু
মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
মহেইশ গিৰি
মহেইশ গিৰি ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সমাজকৰ্মী তথা ৰাজনীতিবিদ। পূব দিল্লী লোকসভা সমষ্টিৰপৰা তেওঁ সংসদ সদস্য আছিল। গিৰি আৰ্ট অৱ লিভিঙৰ অধ্যাপক আৰু আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালক। তেওঁ নৱভাৰত সেৱা সমিতিৰ এন জি অ’ৰ প্ৰতিষ্ঠাপক।
-
মহেন্দ্ৰ সূৰী
মহেন্দ্ৰ সূৰী (প্ৰায় ১৩৪০ – ১৪০০) হৈছে চতুৰ্দশ শতিকাৰ জৈন জ্যোতিৰ্বিজ্ঞানী, যিয়ে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত প্ৰথম ভাৰতীয় গ্ৰন্থ যন্ত্ৰৰাজা ৰচনা কৰিছিল। মদনা ছুৰীয়ে তেওঁক প্ৰশিক্ষণ দিছিল আৰু মলয়েন্দু ছুৰীৰ তেওঁ শিক্ষক আছিল। বিশেষকৈ খ্ৰীষ্টপূৰ্ব যোৱা দুটা শতিকাত গণিতত জৈন ধৰ্মৰ প্ৰবল প্ৰভাৱ আছিল।
-
মাচৰত জাহৰা
মাচৰত জাহৰা (জন্ম: ৮ ডিচেম্বৰ,১৯৯৩) জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী ফ্ৰিলান্স ফটো সাংবাদিক। তেওঁ স্থানীয় সম্প্ৰদায় আৰু মহিলাসকলৰ বিষয়ৰ ওপৰত সাংবাদিকতা কৰে।
-
মানৱী বন্দ্যোপাধ্যায়
মানৱী বন্দ্যোপাধ্যায় (Manabi Bandyopadhyay; জন্ম ১৯৬৪ বা ১৯৬৫) হ'ল ভাৰতৰ প্ৰথমগৰাকী মহাবিদ্যালয়ৰ তৃতীয় লিঙ্গৰ অধ্যক্ষ।
-
মিহিৰভোজ
মিহিৰ ভোজ (ৰাজত্ব প্ৰায় ৮৩৬ – প্ৰায় ৮৮৫ খ্ৰীষ্টাব্দ) বা প্ৰথম ভোজ ৮৩৬ চনৰপৰা ৮৮৫ খ্ৰীষ্টাব্দলৈ প্ৰতিহাৰ সম্ৰাট আছিল। তেওঁ পিতৃ ৰামভদ্ৰৰপৰা দুৰ্বল আৰু অশান্ত ৰাজ্য লাভ কৰিছিল। কিন্তু তেওঁৰ সক্ষম শাসনে ইয়াক এখন বৃহৎ আৰু সমৃদ্ধিশালী সাম্ৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
মৃণাল পাণ্ডে
মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।
-
মোহনা ভোগাৰাজু
মোহনা ভোগাৰাজু এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেওঁ তেলেগু ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।
-
মোহিত শৰ্মা (সৈনিক)
মেজৰ মোহিত শৰ্মা (১৩ জানুৱাৰী ১৯৭৮ – ২১ মাৰ্চ ২০০৯) এগৰাকী ভাৰতীয় সেনা বিষয়া আছিল। তেওঁ মৰণোত্তৰভাৱে ভাৰতৰ শান্তিকালীন সৰ্বোচ্চ সামৰিক সজ্জা অশোক চক্ৰৰ সন্মান লাভ কৰিছিল। শৰ্মা অভিজাত ১ম পেৰা এছ এফৰ অন্তৰ্গত আছিল।
-
যমুনালাল বাজাজ
যমুনালাল কানিৰাম বাজাজ জন্ম হৈছিল ৪ নৱেম্বৰ ১৮৮৯ চনত –মৃত্যু ১১ ফেব্ৰুৱাৰী ১৯৪২ চন। যমুনালাল বাজাজ আছিল এজন ভাৰতীয় ব্যৱসায়ী আৰু ৰাজনীতিবিদ। ১৯২০ চনত তেওঁ বাজাজ গ্ৰুপ অৱ কোম্পানী প্ৰতিষ্ঠা কৰে আৰু বৰ্তমান এই গোটৰ ২৪টা কোম্পানী আছে। ইয়াৰে ছটা কোম্পানী বৰ্চত তালিকাভুক্ত কৰা হৈছে।
-
যোগেশ দত্ত
যোগেশ দত্ত (জন্ম ১৯৩৫) এগৰাকী ভাৰতীয় মূকাভিনয় (মাইম) শিল্পী। পঞ্চাশ বছৰতকৈ অধিক সময় ধৰি তেওঁ ভাৰতত মূকাভিনয় কলাৰ অগ্ৰদূত হিচাপে পৰিগণিত হয়।
-
যোগেশ দেউৰী
ড° যোগেশ দেউৰী ( Dr. Jogesh Deuri) ভাৰতৰ অসমৰ এজন বিশিষ্ট এৰী তথা ৰেচম বিশেষজ্ঞ, গৱেষক আৰু প্ৰশাসক। তেওঁ অসমৰ এৰী, মুগা, পাট আৰু অন্যান্য থলুৱা ৰেচম পৰম্পৰাৰ বিকাশ আৰু প্ৰসাৰৰ অৱদানৰ বাবে পৰিচিত।
-
লক্ষ্মী ইন্দিৰা পাণ্ডা
লক্ষ্মী ইন্দিৰা পাণ্ডা লক্ষ্মী ইন্দিৰা পাণ্ডা এগৰাকী ভাৰতীয় বিপ্লৱী মহিলা আছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় সেনাৰ অন্যতম কনিষ্ঠ সদস্য আছিল। আইএনএত সেৱা আগবঢ়োৱা পাণ্ডা একমাত্ৰ ওড়িয়া মহিলা আছিল। পাণ্ডাই ঝান্সি ৰেজিমেণ্টৰ ৰাণীত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাত (আইএনএ) যোগদান কৰিছিল।
-
লক্ষ্মী মিত্তল
লক্ষ্মী নিৱাস মিত্তল ( জন্ম ১৫ জুন ১৯৫০) যুক্তৰাজ্যত বাস কৰা এজন ভাৰতীয় তীখাৰ ব্যৱসায়ী। তেওঁ বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টীল কোম্পানী আৰ্চেলৰমিটালৰ কাৰ্যবাহী অধ্যক্ষ আৰু ষ্টেইনলেছ ষ্টীল নিৰ্মাতা কোম্পানী আপেৰামৰ অধ্যক্ষ।
-
ললিত কুমাৰ মংগোত্ৰ
ললিত কুমাৰ মংগোত্ৰ ( ইংৰাজী: Lalit Kumar Mangotra; জন্ম: ১৪ এপ্ৰিল ১৯৪৪) এজন ভাৰতীয় ডগৰিভাষী লেখক আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক। তেখেতে চুটিগল্প, নাটক, কবিতা, ৰচনা, সাহিত্য সমালোচনাকে ধৰি বিভিন্ন সাহিত্যৰ ৰচনা প্ৰকাশ কৰিছে।