জসিঁতা কেৰকেট্টা (ইংৰাজী ভাষা: Jacinta Kerketta; জন্ম: ৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাংবাদিক, কবি আৰু কৰ্মী।১ তেওঁৰ কবিতা আৰু সাংবাদিকতাই আদিবাসী যুৱক-যুৱতীসকলৰ পৰিচয়, ভাৰতত আদিবাসীসকলৰ প্ৰণালীবদ্ধ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ, বিশেষকৈ মহিলাৰ বিৰুদ্ধে লিংগভিত্তিক হিংসা, স্থানচ্যুতিৰ বিষয়ে আলোচনা কৰে আৰু শাসন ব্যৱস্থাৰ প্ৰতি ৰাষ্ট্ৰৰ উদাসীনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।২ ফৰ্বছ ইণ্ডিয়াই তেওঁক ভাৰতৰ শীৰ্ষ ২০ গৰাকী স্ব-নিৰ্মিত মহিলাৰ তালিকাৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে। তেওঁৰ প্ৰথম হিন্দী-ইংৰাজী দ্বিভাষিক কবিতা সংকলন অংগোৰ জাৰ্মান, ইটালীয় আৰু ফৰাচী ভাষালৈ অনুবাদ কৰা হৈছিল। তেওঁৰ দ্বিতীয়টো হিন্দী-ইংৰাজী দ্বিভাষিক কবিতা সংকলন জড়ো কী জমীন ইংৰাজী আৰু জাৰ্মানলৈ অনুবাদ কৰা হয়। ঈশ্বৰ ঔৰ বজাৰ তেওঁৰ তৃতীয় কবিতা সংকলন।
প্ৰাৰম্ভিক জীৱন
কেৰকেট্টা ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ খুদপোস গাঁৱৰ এটা আদিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। আৰ্থিক অসুবিধাৰ বাবে অতি কঠিন পৰিস্থিতিৰ মাজেৰে তেওঁ পঢ়া-শুনা কৰিব লগা হৈছিল। তেওঁ উচ্চ শিক্ষাৰ গ্ৰহণ কৰিবৰ নিমিত্তে তেওঁৰ মাতৃয়ে মাটি বন্ধকত ৰাখিব লগা হৈছিল। পঢ়া-শুনাৰ খৰচ পাতি উলিয়াবৰ বাবে জসিঁতাই নিজেও অনেক সৰু বৰ কাম কৰিছিল। সংঘৰ্ষৰ এই সময়তে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। কবিতাসমূহত তেওঁৰ দুখ কষ্ট প্ৰকাশ পোৱাৰ লগতে সমসাময়িক সমাজৰ বিসংগতিসমূহো স্পষ্ট হৈ উঠিছিল।
কেৰিয়াৰ
কেৰকেট্টাৰ প্ৰথমখন গ্ৰন্থ ২০১৬ চনত আদিবাসী প্ৰকাশনে কলিকতাৰ পৰা হিন্দী ভাষা আৰু ইংৰাজী ভাষা ভাষাত ছপা কৰিছিল। ইয়াৰ পিছত এই গ্ৰন্থখনক জাৰ্মানৰ দ্ৰোপদী ৱেৰলগ প্ৰকাশনে 'গ্লুট' নামেৰে হিন্দী আৰু জাৰ্মান ভাষাত প্ৰকাশ কৰিছিল। কিতাপখনৰ জনপ্ৰিয়তাত মুগ্ধ হৈ প্ৰকাশকে উক্ত গ্ৰন্থখন পুনৰ ছপা কৰি উলিয়ায়। ইয়াৰ পিছত ভাৰতীয় জ্ঞানপীঠে জাৰ্মান প্ৰকাশন দ্ৰোপদী ৱেৰলগ আৰু হাইডলবাৰ্গৰ সৈতে মিলি তেওঁৰ কবিতা সংগ্ৰহ 'জড়ো কী জমীন' গ্ৰন্থখনক হিন্দী-ইংৰাজী আৰু হিন্দী-জাৰ্মান ভাষাত প্ৰকাশিত কৰে। ইয়াৰ পূৰ্বে কেতিয়াও কোনো আদিবাসী লেখক/লেখিকাৰ কবিতা এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত একেলগে তিনিটা ভাষাত প্ৰকাশিত হোৱা নাছিল।
তেওঁৰ কবিতাৰ অনুবাদ বহুতো দেশী-বিদেশী ভাষাত কৰা হৈছে। ইয়াৰ লগতে তেওঁক কাফোস্কাৰী বিশ্ববিদ্যালয়, মিলান বিশ্ববিদ্যালয়, তুৰিনো বিশ্ববিদ্যালয়, জ্যুৰিখ বিশ্ববিদ্যালয় আদি এনেদৰে অনেক মঞ্চত কবিতা পাঠ কৰিবলৈ আমন্ত্ৰিত কৰা হৈছে। বিশ্বৰ বিভিন্ন দেশতো তেওঁক তেওঁৰ কবিতাসমূহৰ বিষয়ে ভাষণ দিবলৈ নিমন্ত্ৰণ কৰা হৈছে। তেওঁক ইটালীৰ তুৰিনো চহৰত আয়োজিত ৩১নং আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলালৈ বিশেষ ব্যক্তিৰূপে আমন্ত্ৰিত কৰা হৈছিল। এই অবসৰতে তেওঁৰ কবিতা সংগ্ৰহ 'অংগোৰ' গ্ৰন্থৰ ইটালী অনুবাদ 'ব্ৰাচে' উন্মোচন কৰা হৈছিল। উক্ত অনুবাদ গ্ৰন্থখন ইটালীৰ মিৰাজী প্ৰকাশনে ছপা কৰি উলিয়াইছিল।
তেওঁক বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। তেওঁ লাভ কৰা সন্মানসমূহ হৈছে - 'বিশংকৰ উপাধ্যায় স্মৃতি যুৱ কবিতা পুৰস্কাৰ','ঝাৰখণ্ড ইণ্ডীজিনাছ পীপ'ল্ছ ফ'ৰম', এ আই পী পী থাইলেণ্ডৰ 'ইণ্ডীজিনাছ বায়াছ অৱ এছিয়া ৰিক'গনিশ্যন এৱাৰ্ড, ছোট নাগপুৰ সাংস্কৃতিক সংঘৰ প্ৰেৰণা সন্মান আদি। তেওঁৰ কবিতাসমূহ পঞ্জাবী ভাষা, উৰ্দু ভাষা, গুজৰাটী ভাষা, মৰাঠী, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), কন্নড় ভাষা, তামিল ভাষা, সন্থালী আদি ভাৰতীয় ভাষাত অনুবাদ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Banerjee, Jasodhara. (9 December 2022). Jacinta Kerketta: Becoming The Voice Of Indigenous Communities. Forbes India
- ↑ Raj, Mrinalini. (2025-02-03). Jacinta Kerketta: The Voice Of The Adivasi Vision. Feminism in India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জসিঁতা কেৰকেট্টা” প্ৰবন্ধৰ সংশোধন ৫০৬১৪৪ (৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।