অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীনেশ ভ্ৰমাৰ

দীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৫ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী ভাষা আৰু ভোজপুৰী ভাষা ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। ১২ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই। গদ্য আৰু পদ্য দুয়োটাই তখেতে লিখে যদিও কবি হিচাপে বেছি পৰিচিত।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৩৯ চনৰ ২৬ জুনত ব্ৰিটিছ ভাৰতৰ বিহাৰৰ অবিভক্ত চম্পাৰণৰ এখন সৰু চহৰ বাগাহাত ভ্ৰমাৰৰ জন্ম হয়।৩ তেওঁৰ পিতৃ পণ্ট. গুঞ্জেশ্বৰী পাঠক আছিল সংস্কৃত ভাষা পণ্ডিত আৰু ধ্ৰুপদী কলাৰ পৃষ্ঠপোষক। ১৯৬১ চনত ভ্ৰমাৰে পাটনা বিশ্ববিদ্যালয়ৰপৰা হিন্দী ভাষা সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।৩

কৰ্মজীৱন

ভ্ৰমাৰে প্ৰবক্তা হিচাপে (১৯৬১–১৯৬২) হিন্দী সাহিত্যৰ অধ্যাপনা কৰিছিল এম.জে.কে. কলেজ, বেটিয়া, আৰু পিছলৈ ৰীডাৰ হিচাপে (১৯৬২–১৯৬৬) জামছেদপুৰৰ টাটা ৱৰ্কাৰছ কলেজত।

কেইবাখনো কবি সন্মিলনত তেওঁ হিন্দী বিখ্যাত কবি যেনে ৰামধৰি সিং দিংকাৰ, অগ্যেয়া,৪ গোপাল সিং নেপালী, জানাকী বল্লভ শাস্ত্ৰী, নিদা ফাজলী, বছিৰ বদৰ, আদিৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰিছিল। তেওঁৰ কবিতাক প্ৰশংসা কৰে হৰিবংশ ৰায় বচ্চন ৫ আৰু নাজিৰ বানাৰসীয়ে। তেওঁৰ কিছুমান হিন্দী কবিতা ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ সম্পাদনাত "নৱগীত সপ্তদাশক" আৰু সত্যনাৰায়ণৰ সম্পাদনাত "ধৰ্তি সে জুডেকাৰ" সংকলনসমূহৰ বাবে নিৰ্বাচিত হৈছিল। গ্ৰন্থ প্ৰকাশৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ নাছিল, ইয়াৰ একমাত্ৰ ব্যতিক্ৰম আছিল ১৯৬১ চনত প্ৰকাশিত "গীত মেৰে স্বৰ তুম্হাৰে,।" ৬

কাব্য ৰচনাৰ উপৰি ভ্ৰমাৰে বিভিন্ন সাহিত্য আন্দোলনৰ সৈতে জড়িত হৈ কেইবা দশক ধৰি চম্পাৰণ জিলা আৰু ইয়াৰ আশে-পাশে কেইবাটাও ধাৰাবাহিক কবি সন্মিলন, মুছাইৰা আৰু অন্যান্য সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। ৭

দীনেশ ভ্ৰমাৰৰ এলবামৰ এখন ফটো। মাজত নাজিৰ বানাৰসী, তেওঁৰ সোঁফালে দীনেশ ভ্ৰমাৰ আৰু বাঁওফালে ভোলানাথ বিম্ব। ১৯৬০-৭০ৰ দশকত হিন্দীৰ বিশিষ্ট অচলচ্চিত্ৰ গীতিকাৰসকলৰ ভিতৰত তেওঁলোক আছিল।
দীনেশ ভ্ৰমাৰৰ এলবামৰ এখন ফটো। মাজত নাজিৰ বানাৰসী, তেওঁৰ সোঁফালে দীনেশ ভ্ৰমাৰ আৰু বাঁওফালে ভোলানাথ বিম্ব। ১৯৬০-৭০ৰ দশকত হিন্দীৰ বিশিষ্ট অচলচ্চিত্ৰ গীতিকাৰসকলৰ ভিতৰত তেওঁলোক আছিল।ছবি: Praanshu · CC BY-SA 3.0

বঁটা আৰু স্বীকৃতি

তেখেতে লাভ কৰা স্বীকৃতি তথা বঁটাৰ ভিতৰত গোপাল সিং নেপালী সন্মান (২০১১), বাজমে আদাব (১৯৯৯), লোক শিকাৰ সন্মান (১৯৯৮), চম্পাৰণ ৰত্ন (১৯৯৩), আৰু সাহিত্য সৌৰভ সন্মান (১৯৭২) বঁটা লাভ কৰিছে।

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

कार्यक्रम: सुप्रसिद्ध गीतकार दिनेश भ्रमर को नैतिक जागरण मंच ने कपड़ा व ...

তথ্যসূত্ৰ

  1. ↑ [Bhojpuri Padya Sangrah Ed. by SINGH (Lalan Prasad), Chaubey (Ganesh), and PANDEY ( Rasbihari ) Publish by B. R. Ambedkar Bihar University Muzaffarpur Year: 1972]
  2. ↑ दिनेश_'भ्रमर'kavitakosh.org
  3. ↑ सुप्रसिद्ध गीतकार दिनेश भ्रमर को नैतिक जागरण मंच ने कपड़ा व पौधा समर्पित कर किया सम्मानित. Bhaskar
  4. ↑ [Jan, Janak, Janaki, edited by Sacchidananda Vatsayan Ajneya Year: 1986]
  5. ↑ [Geet Mere Swara Tumhare by Dinesh Bhramar, Sahitya Samgam, Motihari, Year: 1964]
  6. ↑ Bhramar, Dinesh. (1969). Gīta mere svara tumhāre
  7. ↑ (16 October 2014). पढ़िए दिनेश भ्रमर की ग़ज़लें

সম্পৰ্কিত শ্ৰেণী

কবিহিন্দী কবিবিহাৰৰ ব্যক্তিভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনেশ ভ্ৰমাৰ” প্ৰবন্ধৰ সংশোধন ৫৬৫২৬৮ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।