চিন্তামণি কৰ (Chintamoni Kar; ১৯ এপ্ৰিল ১৯১৫ - ৩ অক্টোবৰ ২০০৫) এজন বিখ্যাত ব্ৰিটিছ-ভাৰতীয় ভাস্কৰ্যশিল্পী।১ তেওঁ ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ পৰা অসামৰিক বঁটা লাভ কৰাৰ লগতে গ্ৰেট ব্ৰিটেইনৰ হৈ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।
ব্যক্তিগত জীৱন আৰু অধ্যয়ন
১৯১৫ চনৰ ১৯ এপ্ৰিলত পশ্চিমবংগ খড়গপুৰত জন্মগ্ৰহণ কৰা কৰে অবনীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা পৰিচালিত ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্টত প্ৰশিক্ষণ লৈছিল।২ গিৰিধাৰী মহাপাত্ৰ আৰু ভিক্টৰ জিওভনেলিৰ ওচৰত তেওঁ ভাস্কৰ্য শিক্ষা লৈছিল।৩
১৯৩৮ চনত কৰ পেৰিছলৈ যায় আৰু ভাৰতলৈ উভতি অহাৰ পূৰ্বে একাডেমী ডি লা গ্ৰেণ্ড চামিয়েৰত অধ্যয়ন কৰিছিল।৪
চিন্তামণি কৰ আমিনা আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আমিনা আহমেদ নিজেই এগৰাকী শিল্পী আছিল আৰু তেওঁৰ সৃষ্টিসমূহ প্ৰধানকৈ অ-আলংকাৰিক আৰু বিমূৰ্ত আছিল। দম্পতীহালৰ এটি সন্তান আছিল। ২০০৫ চনৰ ৩ অক্টোবৰত ৯০ বছৰ বয়সত এখন ব্যক্তিগত চিকিৎসালয়ত কৰৰ মৃত্যু হয়; তেওঁৰ মৃত্যুৰ পূৰ্বেই কৰৰ পৰিয়ালৰ দুয়োজন সদস্যৰে মৃত্যু হৈছিল।১
শৈলী আৰু কেৰিয়াৰ
কাঠ, টেৰাকোটা, শিল আৰু ধাতুৰ দৰে বিভিন্ন সামগ্ৰীৰে কৰে ভাস্কৰ্য সৃষ্টি কৰিছিল। তেওঁ প্ৰথমতে এক শৈক্ষিক আৰু প্ৰতিনিধিত্বমূলক শৈলীত প্ৰশিক্ষণ লাভ কৰিছিল যদিও অধিক বিমূৰ্ত প্ৰকৃতিৰ কামও তেওঁ কৰিছিল।১
কলিকতা বিশ্ববিদ্যালয় আৰু দিল্লী পলিটেকনিকত তেওঁ শিক্ষকতা কৰিছিল। ১৯৪৬ চনত তেওঁ লণ্ডনলৈ যায় তাত তেওঁ ৰয়েল ছ'চাইটি অৱ ব্ৰিটিছ স্কাল্প্টাৰ্ছৰ সদস্য হয়।৩৪ ১৯৫৬ চনত তেওঁ পশ্চিমবংগলৈ ঘূৰি আহিছিল আৰু তাৰ পিছত চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব লৈছিল।৪
সন্মান আৰু পুৰস্কাৰ
১৯৭৪ চনত তেওঁক ভাৰত গণৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।৩৪ ২০০০ চনত তেওঁ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰেও সন্মানিত হৈছিল।৩ তেওঁ আৰু স্থানীয় আন লোকসকলে বৰ্তমানৰ চিন্তামণি কৰ পক্ষী অভয়াৰণ্যখনে বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিবলৈ যুঁজ দিয়াৰ পিছত অভয়াৰণ্যখনে প্ৰাপ্য স্বীকৃতি লাভ কৰিছিল; ভাস্কৰ্যশিল্পীজনক সন্মান জনাই অভয়াৰণ্যখন চিন্তামণী কৰ পক্ষী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছিল।৫
১৯৪৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা কৰে দ্য ষ্টেগ শীৰ্ষক তেওঁৰ কামৰ বাবে ৰূপৰ পদক লাভ কৰিছিল।২ লণ্ডনত অনুষ্ঠিত হোৱা ১৯৪৮ চনৰ গেমছত কলা প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছিল যদিও আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পদকসমূহক স্বীকৃতি দিয়া নাছিল।
ভাস্কৰ ভৱন প্ৰশাসন আৰু ৰক্ষণাবেক্ষণ ন্যাস
২০০৫ চনত তেওঁৰ মৃত্যুৰ কিছু দিনৰ পূৰ্বে কৰে কলকাতা নৰেন্দ্ৰপুৰত থকা তেওঁৰ আৱাসিক ঠাইত ভাস্কৰ ভৱন প্ৰশাসন আৰু ৰক্ষণাবেক্ষণ ন্যাস স্থাপন কৰিছিল। ২০০৬ চনৰ ১৯ এপ্ৰিল তাৰিখে তেওঁৰ ৯১ সংখ্যক জন্মদিনত ই ৰাজহুৱা সংগ্ৰহালয়ত পৰিণত হয়। ইয়াত শিল্পীগৰাকীৰ লগতে তেওঁৰ পত্নীৰ শিল্পকলাও আছে। এই ন্যাস তেওঁৰ কিতাপ-পত্ৰ সংগ্ৰহৰ লগতে তেওঁৰ কামৰ প্ৰমাণীকৰণ আৰু নথিকৰণত সক্ৰিয় হৈ আছে। ই স্থানীয় অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰে আৰু বাৰ্ষিক চিন্তামণি কৰ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰে।৬
তথ্যসূত্ৰ
- ↑ (3 October 2005). Chintamoni Kar passes away
- ↑ Chintamoni Kar. Sports Reference LLC
- ↑ Chintamoni Kar. The Open University
- ↑ Chintamoni Kar. Saffron Art
- ↑ Chintamoni Kar Wild Life Sanctuary. Wild Bengal
- ↑ Bhaskar Bhavan Administration & Maintenance Trust. Calcutta Yellow Pages
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্তামণি কৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৩৯৯ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।