ভাৰতীয় বিজ্ঞানী
৭৫ প্ৰবন্ধ
-
কে. শিৱান
কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ। পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।
-
টি ভি ৰামকৃষ্ণন
টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন, এফ আৰ এছ (জন্ম ১৪ আগষ্ট, ১৯৪১) ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰসিদ্ধ এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ।
-
তথাগত অৱতাৰ তুলসী
তথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে।
-
বিদিতা অশোক বৈদ্য
বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।
-
মুস্তানছিৰ বাৰ্মা
পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, মুম্বাইৰ সঞ্চালক।
-
সুদীপ্তা সেনগুপ্তা
সুদীপ্তা সেনগুপ্তা (Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা।
-
অনন্তনাৰায়ণন ৰমন
অনন্তনাৰায়ণন ৰমন (Anantanarayanan Raman) এন এছ ডব্লিউৰ চাৰ্লছ ষ্টাৰ্ট বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপক আৰু অষ্ট্ৰেলিয়াৰ চি এছ আই আৰ অ'ৰ বিজ্ঞানী।
-
আৰতি আগৰৱালা (বিজ্ঞানী)
আৰতি আগৰৱালা এজন বিজ্ঞানী আৰু অভিযান্ত্ৰিকবিদ যি গণনাত্মক ফট’নিক্স আৰু বৈচিত্ৰ্য, ন্যায়সঙ্গতা, আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পৰিচিত। তেওঁ এই দুয়োটা ক্ষেত্ৰতে বিভিন্ন পুৰস্কাৰে স্বীকৃতি লাভ কৰিছে।
-
আৰ্যভট্ট (দ্বিতীয়)
আৰ্যভট্ট (আনুমানিক ৯২০ – ১০০০) যাক আৰ্য দিয়া জাংকি বুলিও জনা যায়, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰু মহা-সিদ্ধান্তৰ ৰচক। তেওঁৰ পূৰ্বৰ আৰু অধিক প্ৰভাৱশালী আৰ্যভট্ট প্ৰথমৰ পৰা পৃথক কৰিবলৈ আৰ্যভট্ট(দ্বিতীয়) বুলি উল্লেখ কৰা হৈছে।
-
উমা ৰামাকৃষ্ণণ
উমা ৰামাকৃষ্ণণ(Uma Ramakrishnan) এগৰাকী ভাৰতীয় পৰিস্থিতি বিজ্ঞানী (ecologist)৷ তেওঁ বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ তেওঁৰ গৱেষণাৰ মূল বিষয় হ’ল ভাৰতৰ স্তন্যপায়ী জন্তুৰ সংখ্যাগত আনুবংশিক বিজ্ঞান (population genetics) আৰু ক্ৰমবিৱৰ্ত্তনৰ…
-
এলেক্স জেমছ (অধ্যাপক)
এলেক্স জেমছ এজন ভাৰতীয় বিজ্ঞানী। তেওঁ স্কুল অৱ ইলেক্ট্ৰনিক চিষ্টেমছ এণ্ড অটোমেচনত এ.আই হাৰ্ডৱেৰৰ অধ্যাপক আৰু ডিজিটেল ইউনিভাৰ্চিটি কেৰেলা(IIITM-K)ৰ ডীন পদত অধিষ্ঠিত হৈ আছে।
-
গগনদীপ কাং
গগনদীপ কাং এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। তেওঁ ভেলুৰত অৱস্থিত খ্ৰীষ্টান মেডিকেল কলেজৰ গেষ্ট্ৰইণ্টেষ্টিনেল বিজ্ঞানৰ অধ্যাপক আৰু বৰ্তমান ফৰিদাবাদত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অন্তৰ্গত জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ ট্ৰেন্সলেছন হেলথ্ চাইন্স এণ্ড টেকনলজি ইনষ্টিটিউটৰ কাৰ্যকৰী…
-
গাইটি হাছান
গাইটি হাছান (Gaiti Hasan; ১৯ নৱেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় বিজ্ঞানী। আণৱিক জীৱবিজ্ঞান, জেনেটিক্স, স্নায়ুবিজ্ঞান আৰু কোষ সংকেত তেওঁৰ গৱেষণাক্ষেত্ৰ। হাছান ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ শীৰ্ষ সংস্থা ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (আই.এন.এছ.এ.) এগৰাকী ফেল'।
-
ছিৰাজ মিনৱালা
ছিৰাজ মিনৱালা (शिराझ मिन्वाल्ला) এগৰাকী ভাৰতীয় তাত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ ৰজ্জু তত্ত্ব সম্পৰ্কীয় মৌলিক গৱেষণাৰ বাবে প্ৰখ্যাত। তেওঁ বৰ্তমান মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ তাত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক।
-
জয়তী বসু
জয়তী বসু (Joyoti Basu; জন্মঃ ১৭ ডিচেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ, কোষ জীৱবিজ্ঞানী আৰু বসু প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক। ৰক্তকণিকাৰ আৱৰণৰ গঠনৰ অধ্যয়নৰ বাবে পৰিচিত বসু ভাৰতৰ তিনিটা প্ৰধান ভাৰতীয় বিজ্ঞান একাডেমী ক্ৰমে নেচনেল একাডেমী অৱ চাইন্সেছ, ইণ্ডিয়ান একাডেমী অৱ চায়েন্সেছ আৰু…
-
ড° মালিনী
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা…
-
বাসন্তী দুলাল নাগচৌধুৰী
বাসন্তী দুলাল নাগচৌধুৰী ( Basanti Dulal Nagchaudhuri; ৬ ছেপ্টেম্বৰ ১৯১৭ – ২৫ জুন ২০০৬) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু শিক্ষাবিদ আৰু ভাৰত চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টা আছিল।
-
বিনোদ কৃষন
বিনোদ কৃষন (Vinod Krishan), হৈছে এগৰাকী পদাৰ্থ বিজ্ঞানী, এগৰাকী জ্যেষ্ঠ অধ্যাপক, আৰু বাংগালোৰস্থিত ভাৰতীয় জ্যোতিপদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিজ্ঞানৰ "ডিন"। তেখেত প্লাজমা পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষণৰ সৈতে জড়িত। তদুপৰি, তেখেত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতৰো সভ্য।
-
বুলবুল চক্ৰৱৰ্তী
বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty) হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .
-
ভাস্কৰ (প্ৰথম)
ভাস্কৰ (আনুমানিক ৬০০ – ৬৮০) (দ্বাদশ শতিকাৰ গণিতজ্ঞ ভাস্কৰ দ্বিতীয়ৰ সৈতে বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ সাধাৰণতে ভাস্কৰ প্ৰথম বুলি কোৱা হয়) আছিল সপ্তম শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী, যিয়ে হিন্দু–আৰবী দশমিক ব্যৱস্থাত প্ৰথম শূন্যৰ বাবে এটা বৃত্তৰে সংখ্যা লিখিছিল আৰু যিয়ে আৰ্যভট্টৰ ৰচনাৰ…
-
ভি এছ বিজয়ন
ভাদাইল শংকৰণ বিজয়ন (V. S. Vijayan; জন্ম ২৯ মে' ১৯৪৫) এজন ভাৰতীয় পৰিৱেশবিদ, বন্যপ্ৰাণী জীৱবিজ্ঞানী, পক্ষীবিজ্ঞানী, প্ৰাকৃতিক চিকিৎসাৰ প্ৰশংসক আৰু চালিম আলি চেণ্টাৰ ফৰ অৰ্নিথ'লজি এণ্ড নেচাৰেল হিষ্ট্ৰীৰ প্ৰতিষ্থাপক সঞ্চালক। বৰ্তমান তেওঁ চালিম আলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ।
-
মহাৰাণী চক্ৰৱৰ্তী
মহাৰাণী চক্ৰৱৰ্তী (Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞানী৷ এছিয়া আৰু দূৰৱৰ্তী এছিয়াত পুনৰসংমিশ্ৰিত ডিএনএ পদ্ধতিত তেখেতে ১৯৮১ চনত পোনপ্ৰথমবাবৰৰ বাবে গৱেষণাগাৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷
-
মিনাল দাখৱে ভোঁচলে
মিনাল দাখৱে ভোঁচলে (Minal Dakhave Bhosale) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্ক'ভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী।
-
মীনা উপাধ্যায়
মীনা উপাধ্যায় ( Meena Upadhyaya ) এগৰাকী চিকিৎসা জিনীয় বিশেষজ্ঞ আৰু কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ এগৰাকী বিশিষ্ট অধ্যাপিকা। তেওঁ বিভিন্ন জিনীয় বিকাৰৰ সৃষ্টি কৰা জিনসমূহৰ ওপৰত গৱেষণা কৰি আহিছে।
-
মীনা মহাজন
মীনা ভাস্কৰ মহাজন হৈছে এগৰাকী ভাৰতীয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা। তেওঁ গণনাগত জটিলতা তত্ত্ব ক্ষেত্ৰত আগশাৰীৰ গৱেষক হিচাপে পৰিচিত।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
মুনিয়া গাংগুলী
মুনিয়া গাংগুলী (Munia Ganguli) এগৰাকী ভাৰতীয় বায়'কেমিষ্ট, বায়'টেকনোলজিষ্ট আৰু জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি ইনষ্টিউটৰ বিজ্ঞানী (IGIB). তেওঁ ড্ৰাগ সৰবৰাহৰ অ-আক্ৰমণাত্মক প্ৰ’টোকলবিলাকৰ বিকাশৰ বাবে পৰিচিত আৰু তেওঁৰ নেতৃত্বাধীন দলটো ছালৰ ৰোগ বিলাকৰ বাবে এটা ঔষধ বিতৰণৰ ব্যৱস্থা কৰি সফল হৈছিল,…
-
লীলাৱতী ভট্টাচাৰ্য
লীলাৱতী ভট্টাচাৰ্য Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
-
শতানন্দ
শতানন্দ (আনুমানিক ১০৬৮-১০৯৯) আছিল এগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, যি তেওঁৰ হাতপুথি ভাস্বতী (1099)ৰ দ্বাৰাই অধিক পৰিচিত। শতানন্দ পুৰী বা উজ্জয়িনীৰ বাসিন্দা বুলি ভবা হয় আৰু তেওঁ বৰাহমিহিৰৰ সূৰ্য্যসিদ্ধান্তকে ধৰি অন্যান্য গ্ৰন্থৰ পৰা আহৰণ কৰিছিল। শতানন্দ শংকৰ আৰু সৰস্বতীৰ পুত্ৰ, জন্ম ওড়িশাৰ পুৰীত।
-
শল্লী অৱস্থী
শল্লী অৱস্থী এগৰাকী ভাৰতীয় অধ্যাপক তথা শিশুৰ হাওঁফাওঁ বিশেষজ্ঞ। তেখেতে ইউ পি ইণ্ডিয়াৰ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত কাম কৰে। অৱস্থী আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) স্বাস্থ্য-সুৰক্ষা আন্তঃপৃষ্ঠ কাৰিকৰী পৰামৰ্শদাতা গোট (HSI-TAG)ত নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী।