অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তথাগত অৱতাৰ তুলসী

তথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

তথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থ বিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে। ১ ২০১০ চনৰ জুলাই মাহত আই আই টি ব'ম্বেই তেওঁক সহকাৰী অধ্যাপকৰ চুক্তিকালীন পদ (সদ্য পি এইছ ডি প্ৰাপ্তৰ বাবে অস্থায়ী শিক্ষক পদ) আগবঢ়ায়। বৰ্তমান তুলসী আই আই টি ব'ম্বেত কৰ্মৰত।২৩৪ বহুতো ভাৰতীয় সংবাদপত্ৰৰ মতে তেওঁ অদ্যাপি নিযুক্তিপ্ৰাপ্ত ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থানৰ অধ্যাপক সকলৰ ভিতৰত কনিষ্ঠতম।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Youngest PhD and shortest thesis; টাইমছ অৱ ইণ্ডিয়া
  2. ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; দা ইণ্ডিয়ান এক্সপ্ৰেছ; আহৰণ: ১২ মাৰ্চ, ২০১২
  3. ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; দা ফাইনাঞ্চিয়েল এক্সপ্ৰেছ; আহৰণ: ১২ মাৰ্চ, ২০১২
  4. ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; এম এছ এন নিউজ; আহৰণ: ১২ মাৰ্চ, ২০১২
  5. ↑ আই আই এছ ছিত তথাগতৰ ৱেবপে'জত এই সম্পৰ্কীয় তথ্য

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তথাগত অৱতাৰ তুলসী” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৯১ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।