অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি ভি ৰামকৃষ্ণন

টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন, এফ আৰ এছ (জন্ম ১৪ আগষ্ট, ১৯৪১) ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰসিদ্ধ এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন, এফ আৰ এছ (জন্ম ১৪ আগষ্ট, ১৯৪১) ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰসিদ্ধ এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ। ৰামকৃষ্ণন বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক (Distinguished Professor) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবা অধ্যাপক। ১৯৮৩ চনত তেখেতক শান্তি স্বৰূপ ভাটনাগৰ বঁটা আৰু ২০০১ চনত পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছিল। ১২

অধ্যাপক ৰামকৃষ্ণনে পদাৰ্থবিজ্ঞানৰ বিখ্যাত আৰু বহুল প্ৰচলিত "ৰামকৃষ্ণন-ইউছুফ তত্ত্ব" আগবঢ়াইছিল।

জীৱনী

টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণনৰ জন্ম হৈছিল ১৯৪১ চনৰ ১৪ আগষ্ট তাৰিখে তামিলনাডুৰ চেন্নাই(বৰ্ত্তমানৰ চেন্নাই)ত। ৰামকৃষ্ণনৰ পিতৃ তেতিয়াৰ কাশী হিন্দু বিশ্ববিদ্যালয়(বৰ্ত্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়)ৰ অধ্যাপক হোৱাৰ সূত্ৰে তেওঁৰ জীৱনৰ প্ৰথমছোৱা সময় অতিবাহিত হৈছিল বেনাৰসত। ৰামকৃষ্ণনে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ১৯৫৯ আৰু ১৯৬১ চনত পদাৰ্থবজ্ঞানৰ বি এছ চি (সন্মান সহ) আৰু এম এছ চি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়তে চি এছ আই আৰ ৰ গৱেষক ছাত্ৰ হিচাপে ১৯৬১ চনৰ পৰা ১৯৬২ চনলৈকে কাম কৰে। ইয়াৰ পিছত তেওঁ ১৯৬৬ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিখ্যাত পদাৰ্থবিদ জ'ৱাকুইন মাযদেক লুটিনজাৰৰ অধীনত গৱেষণা কৰি পি এইছ দি ডিগ্ৰী লাভ কৰে। ৩

অধ্যাপক ৰামকৃষ্ণনে ইলেক্ট্ৰন স্থানীয়কৰণ স্কেলিঙ তত্ত্ব(scaling theory of electron localization) ৰ ক্ষেত্ৰলৈ মৌলিক আৰু অত্যন্ত প্ৰভাৱশালী বৈজ্ঞানিক অৱদান আগবঢ়াইছে।৪ তৰল-কঠিন সংক্ৰমণ আৰু সংমিশ্ৰ যোজক তন্ত্ৰ (mixed valence systems)ৰ তত্ত্বৰ গৱেষণাৰ ক্ষেত্ৰতো তেওঁৰ উল্লেখনীয় বৰঙনি আছে।

শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় তাত্ত্বিক বিজ্ঞান কেন্দ্ৰ(International Centre for Theoretical Science, ICTS)ৰ দ্বাৰা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত অধ্যাপক ৰামকৃষ্ণনক তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই সম্বৰ্ধনা জনোৱা হয়। ৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bhatnagar Award in Physical Sciences. CSIR
  2. ↑ (2011-07-05). Padma Awards Directory. Ministry of Home Affairs, ভাৰত চৰকাৰ
  3. ↑ Curriculum Vitae of T. V. Ramakrishnan
  4. ↑ Phys. Rev. Lett. 42, 673 (1979): Scaling Theory of Localization: Absence of Quantum Diffusion in Two Dimensions
  5. ↑ অধ্যাপক ৰামকৃষ্ণনক আই ছি টি এছৰ দ্বাৰা সম্বৰ্ধনা

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি ভি ৰামকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৩৮১১৩৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।