অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে. শিৱান

কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ। পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ।১২ পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।৩

প্ৰাৰম্ভিক জীৱন

১৯৫৭ চনৰ ১৪ এপ্ৰিল তাৰিখে তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰৰ চাৰাক্কালভিলাই গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৈলাশাভাদীভু আৰু মাতৃ চেলাম। সাধাৰণ কৃষকৰ পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিল। ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপ ৰকেট ইঞ্জিনৰ উন্নয়ন সাধন কৰাৰ বাবে তেওঁক "ৰকেট মানৱ" বুলি অভিভিত কৰা হয়।

শিক্ষা

শিৱান এজন সাধাৰণ খেতিয়কৰ পুত্ৰ আছিল। তেওঁ চাৰাক্কালভিলাই গাঁৱৰ তামিল মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ কন্যাকুমাৰী জিলাৰ ভল্লনকুমাৰণভিলাইত শিক্ষা গ্ৰহণ কৰে।৪ পিছলৈ ১৯৮০ চনত শিৱান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা এৰ'নেটিক্স ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম স্নাতক আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ পৰে। ২০০৬ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ইণ্ডিয়ান নেচনেল একাডেমী অফ ইঞ্জিনীয়াৰিং, এৰ'নটিকেল ছচাইটি অফ ইণ্ডিয়া আৰু চিষ্টেম ছচাইটি অফ ইণ্ডিয়াৰ সন্মানীয় সদস্য।

বঁটা আৰু সন্মান

  • শ্ৰী শ্ৰী ঔম আশ্ৰম প্ৰেৰিত ডঃ বিক্ৰম সাৰাভাই গৱেষণা বঁটা (১৯৯৯)
  • ইছৰ' মেৰিট এৱাৰ্ড (২০০৭)
  • ডঃ বীৰেন ৰায় মহাকাশ বিজ্ঞান বঁটা (২০১১)
  • সত্যভামা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী (২০১৪)৫
  • দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম এমআইটি এলুমিনি এছ'চিয়েচন, চেন্নাই
  • দিষ্টিংগুইছদ এলুমনাচ এৱাৰ্ড ফৰ্ম ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স, বেংগালুৰু (২০১৮)
  • তামিল নাডু চৰকাৰৰ ডঃ এ পি জে আব্দুল কালাম বঁটা (২০১৯)৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (10 January 2018). Renowned scientist Sivan K named new ISRO chairman. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (10 January 2018). Sivan K named new ISRO chairman. The Economic Times
  3. ↑ (July 2, 2014). Dr. Sivan takes over as LPSC director. The Hindu
  4. ↑ (11 January 2018). K Sivan: A humble farmer's son's journey to Indian Space agency top job. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (12 January 2018). Who is K. Sivan?. Sharan Poovanna. Livemint
  6. ↑ (15 August 2019). ISRO Chairman Sivan gets A.P.J. Abdul Kalam Award. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীভাৰতীয় অভিযন্তাভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে. শিৱান” প্ৰবন্ধৰ সংশোধন ৩৮০৫২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।