ছিৰাজ মিনৱালা (शिराझ मिन्वाल्ला) এগৰাকী ভাৰতীয় তাত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ ৰজ্জু তত্ত্ব সম্পৰ্কীয় মৌলিক গৱেষণাৰ বাবে প্ৰখ্যাত। ১ তেওঁ বৰ্তমান মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ তাত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। ২ ইয়াৰ আগেয়ে তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ত হাৱাৰ্ড চছাইটি ফেল আৰু তাৰ পৰৱৰ্তী সময়ত সেই বিশ্ববিদ্যালয়ৰে সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছিল।৩৪
ছিৰাজ মিনৱালাৰ জন্ম হৈছিল ১৯৭৩ চনত মহাৰাষ্ট্ৰৰ মুম্বাই মহানগৰত এটা জড়োপাসক(ইংৰাজী ভাষা: Zoroastrian) পৰিয়ালত। মিনৱালাই ১৯৯৫ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তেওঁ শ্ৰেণীৰ শীৰ্ষ ছাত্ৰ হিচাপে ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা Nathan Seiberg-ৰ অধীনত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ইংৰাজী ভাষা:Department of Science & Technology)ৰ পৰা ২০০৫-০৬ চনত স্বৰ্ণজয়ন্তী বৃত্তি(ইংৰাজী ভাষা:Swarnajayanti Fellowship) লাভ কৰিছিল।
২০১০ চনত তেওঁ আই চি টি পি পুৰস্কাৰ(ইংৰাজী ভাষা:ICTP Prize) লাভ কৰাৰ লগতে ২০১১ চনত ভাৰতৰ সৰ্বোচ্চ বিজ্ঞান সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা পদাৰ্থ বিজ্ঞান বিভাগত লাভ কৰিছিল। ৫ ২০১৩ চনত ইনফ'চিচ চায়েন্স ফাউণ্ডেচনৰ দ্বাৰা প্ৰদান কৰা ইনফ'চিচ পুৰস্কাৰ পদাৰ্থবিজ্ঞান শাখাত ছিৰাজ মিনৱালাই লাভ কৰে। ৬৭
মিনৱালাক ২০১৪ চনৰ Fundamental Physics Prize-ৰ দ্বাৰা New Horizons in Physics Prize প্ৰদান কৰা হৈছে। এই পুৰস্কাৰৰ প্ৰদানৰ প্ৰশস্তিত এইদৰে কোৱা হৈছে “his pioneering contributions to the study of string theory and quantum field theory; and in particular his work on the connection between the equations of fluid dynamics and Albert Einstein’s equations of general relativity.”৮৯৭
পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙনি
- Analysis of primary operators on AdS4 and AdS7
- Three-point functions in N=4 supersymmetric Yang-Mills theory and AdS/CFT
- Noncommutative perturbative dynamics (with Nathan Seiberg and Mark Van Raamsdonk)
- Noncommutative solitons (with Andrew Strominger and Rajesh Gopakumar)
- OM-theory (with Nathan Seiberg, Andrew Strominger and Rajesh Gopakumar)
- Stringy interactions in pp-waves
- Some insights about tachyon condensation
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (26 April 2004). Physicist makes string theory look simple. Tufts Institute of Cosmology
- ↑ Members of the Department of Theoretical Physics. টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
- ↑ (27 February 2005). Sultans of String. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (4 November 2004). The Telegraph - Calcutta: Metro. The Telegraph
- ↑ "11 scientists selected for Shanti Swarup Bhatnagar award" ibn live, September 26, 2011
- ↑ Nayanjot Lahiri, 6 others win Infosys Foundation awards
- ↑ Vasudevan Mukunth. (14 November 2013). 'Research in India happens in a few elite institutions'. দ্য হিন্দু
- ↑ fundamentalphysicsprize.org/news7
- ↑ www.icts.res.in/news/details/142/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰাজ মিনৱালা” প্ৰবন্ধৰ সংশোধন ৩৮০৯৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।