মীনা উপাধ্যায় ( Meena Upadhyaya ) এগৰাকী চিকিৎসা জিনীয় বিশেষজ্ঞ আৰু কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ এগৰাকী বিশিষ্ট অধ্যাপিকা। তেওঁ বিভিন্ন জিনীয় বিকাৰৰ সৃষ্টি কৰা জিনসমূহৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ গৱেষণাই সামৰি লোৱা এনে জিনীয় বিকাৰ (genetic disorder) সমূহৰ ভিতৰত নিউৰ'ফাইব্ৰ'মেট'ছিছ টাইপ I (neurofibromatosis type I) আৰু ফেচিঅ'স্কেপুলোহিউমেৰেল মাস্কুলাৰ ডিষ্ট্ৰফি (facioscapulohumeral muscular dystrophy) প্ৰধান। তেওঁ জন্মসূত্ৰে ভাৰতীয় আৰু বৰ্তমান ৱেলছৰ নিবাসী। ২০১৭ চনত উপাধ্যায় ইউনিভাৰ্চিটি অৱ ৱেলছ ট্ৰিনিটি চেণ্ট ডেভিডত সন্মানীয় ফেল'শ্বিপ লাভ কৰা ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা ব্ৰিটিছ-ভাৰতীয় অধ্যাপিকা হিচাপে পৰিগণিত হয়। ৱেলছঅনলাইনে তেওঁক ৱেলছৰ ১০০ গৰাকী মেধাৱী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰিছে। ১ ২
শিক্ষা আৰু কৰ্ম
মীনা উপাধ্যায়ৰ ভাৰতত জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত সন্মানীয় স্নাতক ডিগ্ৰী লাভ কৰি ৩ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।৪
উপাধ্যায়ে ২০০০ চনত ৰয়েল কলেজ অৱ পেথ'লজিষ্টৰ পৰা এটা ফেল'শ্বিপ সম্পূৰ্ণ কৰে।৫ তেওঁৰ গৱেষণাই জিনীয় বিকাৰ, বিশেষকৈ নিউৰ'ফাইব্ৰ'মেট'ছিছ টাইপ I আৰু ফেচিঅ'স্কেপুলোহিউমেৰেল মাস্কুলাৰ ডিষ্ট্ৰফিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এই দুটা ৰোগৰ বাবে দায়ী জেনেটিক মিউটেচন চিনাক্ত কৰা আৰু কিছুমান মিউটেচন নিৰ্দিষ্ট ক্লিনিকেল বৈশিষ্ট্যৰ সৈতে জড়িত নেকি সেয়া মূল্যায়ন কৰাত তেওঁ মনোনিবেশ কৰিছিল। নিউৰ'ফাইব্ৰ'মেট'ছিছ টাইপ ১ কে ধৰি ২০টাতকৈও অধিক জিনীয় ৰোগ নিৰ্ণয় কৰাত সহায়ক হোৱাকৈ তেওঁ আণৱিক পৰীক্ষা প্ৰস্তুত কৰিছিল।নিউৰ’ফাইব্ৰ’মেট’ছিছ টাইপI এনে ৰোগীৰ ক্ষেত্ৰত বিনাইন টিউমাৰবোৰ মাৰাত্মক হ’ব পাৰে বুলিও তেওঁৰ গৱেষণাই দেখুৱাইছে। তেওঁ উচ্চ-প্ৰযুক্তিৰ সহায়ত এনে ৰোগীৰ চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পৰা আণৱিক লক্ষ্য (molecular targets) চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।
উপাধ্যায়ে কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ কেন্সাৰ জেনেটিক্সৰ অধ্যাপিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। ২০১৪ চনত অৱসৰ লোৱালৈকে তেওঁ অল ৱেলছ মেডিকেল জেনেটিক্স চাৰ্ভিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট গৱেষণাগাৰ পৰিচালনা কৰিছিল।
২০১৭ চনত তেওঁ ভাৰতৰ কেৰালাৰ কোচিত এছিয়াত আৰ এচ'পেথী আৰু নিউৰ'ফাইব্ৰ'মেট'জ: চিনাক্তকৰণ আৰু নতুন চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ওপৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন (First International Conference on RASopathies and Neurofibromatoses in Asia: Identification and Advances of New Therapeutics)ৰ আয়োজন কৰে।৬
২০১৪ চনত উপাধ্যায় আৰ চিপেথ (RCPath)ৰ কাউন্সিল সদস্য আৰু ২০২০ চনত ৱেলছৰ লাৰ্নিং ছ’চাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তাৰোপৰি তেওঁ ডেম ৰোজমেৰী বাটলাৰ (Dame Rosemary Butler)ৰ উইমেন ইন পাব্লিক লাইফ আঁচনি (২০১৪-২০১৫)ৰ নিৰ্দেশক (mentor) হিচাপেও কাম কৰিছিল। ইউৰোপীয় এন এফ এছ’চিয়েশ্যনৰ ৰেচ ইকুৱেলিটি ফাৰ্ষ্ট (Race Equality First), ৰেচ কাউন্সিল চাইমৰু(Race Council Cymru)ৰ ট্ৰাষ্টী আৰু কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ বিএমই+ ষ্টাফ নেটৱৰ্ক, পাৰ্পল প্লেকছ, আৰু মনুমেণ্টেল ৱেলছ উইমেনৰ উপদেষ্টা সমিতিৰো সদস্যা।
২০২০ চনত উপাধ্যায়ে ৱেলছ চৰকাৰী অসামৰিক সেৱা ব’ৰ্ডত অকাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰোপৰি তেওঁ ভাৰতৰ কেৰালাৰ কোচিৰ অমৃতা স্কুল অৱ মেডিকেল ছায়েন্সৰ সন্মানীয় অধ্যাপিকা (২০২০) আৰু ভাৰতৰ ছাঁয়া পাব্লিক স্কুলৰ সন্মানীয় কাৰ্যবাহী সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে।
উপাধ্যায়ে সংখ্যালঘু জনগোষ্ঠীৰ মহিলাৰ উন্নয়নৰ বাবেও অৱদান আগবঢ়াই আহিছে। তেখেত ৱেলছ এছিয়ান উইমেন এচিভমেণ্ট এৱাৰ্ড (বৰ্তমান Ethnic Minority Welsh Women Achievement Association)ৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। সমতা, বৈচিত্ৰ্য আৰু শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা বহু সমিতিতো তেওঁ ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে।
২০১৮ চনত উইমেনছ ইকুৱেলিটি নেটৱৰ্কে সৃষ্টি কৰা ১০০ গৰাকী ৱেলছ মহিলাৰ তালিকাতো উপাধ্যায়ে স্থান লাভ কৰে।
উল্লেখযোগ্য অৱদান আৰু স্বীকৃতি
মীনা উপাধ্যায়ে বৰ্তমানলৈকে ২০০ৰো অধিক বৈজ্ঞানিক প্ৰবন্ধ আৰু চাৰিখন পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ বৰ্তমানলৈকে লাভ কৰা বিভিন্ন বঁটা আৰু সন্মানসমূহ তলত উল্লেখ কৰা হ'ল-
- মাস্কুলাৰ ডিষ্ট্ৰফি এছ’চিয়েশ্যনৰ বঁটা (২০০৯)
- ইনস্পাইৰ ৱেলছ এৱাৰ্ডছ (২০১০)
- ইউৰোপিয়ান নিউৰ’ফাইব্ৰ’মেট’ছিছ গ্ৰুপৰ থিয়ডৰ শ্বৱান বঁটা (২০১৩)
- ৱেলছ বিধানসভাৰ বঁটা (২০১১) ৫
- চিকিৎসা জেনেটিক্স আৰু ৱেলছ এছিয়ান সম্প্ৰদায়ৰ সেৱাৰ বঁটা (২০১৬)
- উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত ছেইণ্ট ডেভিদ বঁটা (২০১৭) ৭
- ৱেলছ মুছলিম কাউন্সিল বঁটা (২০১৯)
- ৰেচ কাউন্সিল চাইমৰুৰ লেগেচি মেকাৰ কমিউনিটি এচিভমেণ্ট বঁটা (২০১৯)৮ ৯১০ ১১
তথ্যসূত্ৰ
- ↑ Professor Meena Upadhyaya receives Honorary Fellowship at UWTSD www.uwtsd.ac.uk/news/press-releases/press-2017/u
- ↑ A celebration of Wales's brilliant women 100women.walesonline.co.uk/index.html
- ↑ Wightwick, Abbie. (20 October 2014). India Week: How India treats its women by those who really know. WalesOnline
- ↑ Gabriel, Clare. (29 April 2013). Welsh Asian women's achievements celebrated with awards. BBC News
- ↑ (12 January 2016). Pioneering medical geneticist, Professor Meena Upadhyaya, receives OBE. Association for Clinical Genetic Science
- ↑ Rauen, Katherine A.; Alsaegh, Abeer; Ben-Shachar, Shay. (June 2019). First International Conference on RASopathies and Neurofibromatoses in Asia: Identification and advances of new therapeutics. American Journal of Medical Genetics. Part A. পৃ. 1091–1097
- ↑ St David Award Winners and Finalists 2017 www.wales.com/news-and-blog/st-david-award-winne
- ↑ 100 Welsh Women www.100welshwomen.wales/
- ↑ Meena Upadhyaya; 100 Welsh Women www.100welshwomen.wales/100-women/meena_upadhyay
- ↑ Learned Society of Wales in 2018 www.uwtsd.ac.uk/news/press-releases/press-2018/l
- ↑ (27 October 2015). International Advisors · ORD India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা উপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৪৯৭১৮৮ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।