ভাৰতীয় বিজ্ঞানী
৭৫ প্ৰবন্ধ
-
শাৰদা শ্ৰীনিবাসন
শাৰদা শ্ৰীনিবাসন (ইংৰাজী: Sharada Srinivasan; জন্ম: ১৬ জানুৱাৰী ১৯৬৬) হৈছে এগৰাকী ভাৰতীয় শিল্প, পুৰাতত্ত্ব, প্ৰত্ন ধাতুবিজ্ঞান আৰু সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়নৰ বিশেষজ্ঞ আৰু পুৰাতত্ত্ববিদ।
-
শিঞ্জিনী ভটনাগৰ
শিঞ্জিনী ভটনাগৰ এগৰাকী ভাৰতীয় শিশু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ নেচনেল একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ গৱেষণাক বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ২য় বিশ্ব কংগ্ৰেছ অৱ পেডিয়াট্ৰিক গেষ্ট্ৰ’এণ্টেৰ’লজী, হেপাট’লজী এণ্ড নিউট্ৰিচনত স্বীকৃতি দিয়ে।
-
শ্ৰীকান্ত শাস্ত্ৰী
শ্ৰীকান্ত শাস্ত্ৰী (Srikanth Sastry) এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ ব'ষ্টন বিশ্ববিদ্যালৰৰ এজন প্ৰাক্তন শিক্ষাৰ্থী। ২০০৮ চনত তেওঁক আৰু ৰঘূনাথন শ্ৰীআনন্দক পদাৰ্থ বিজ্ঞানৰ শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology)…
-
সংঘমিত্ৰা মহান্তি
সংঘমিত্ৰা মহান্তি (১ এপ্ৰিল ১৯৫৩ – ১ জুলাই ২০২১) এগৰাকী ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী আছিল। তেওঁ পদাৰ্থবিজ্ঞান বিষয়ত এম.এছ.চি. আৰু পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮৬ চনৰ পৰা ২০১১ চনলৈ উৎকল বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান বিভাগত বক্তা, ৰিডাৰ আৰু অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
-
সঙ্গীতা ভাটিয়া
সঙ্গীতা এন. ভাটিয়া (জন্ম: ১৯৬৮) এগৰাকী আমেৰিকান জৈৱ-প্ৰকৌশলী আৰু মেচাচুছেট্ছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এমআইটি)ৰ চিকিৎসা প্ৰকৌশল আৰু বিজ্ঞান ইনষ্টিটিউট আৰু বৈদ্যুতিন প্ৰকৌশল আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰজন জে. আৰু ড° ডোৰোথী ৱিলচন অধ্যাপক।
-
সীমা ভাটনাগৰ
সীমা ভাটনাগৰ (Seema Bhatnagar; জন্ম: সীমা শ্ৰীবাস্তৱ) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।
-
সুকন্যা দত্ত
সুকন্যা দত্ত এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু লেখিকা যিয়ে কিতাপ, ৰেডিঅ' লিপি, প্ৰবন্ধ, আৰু গ্ৰন্থ পৰ্যালোচনাৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছে।
-
সুধা ভট্টাচাৰ্য
সুধা ভট্টাচাৰ্য (জন্ম ৭ মাৰ্চ ১৯৫১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বিজ্ঞানী আৰু লেখিকা। মূলতঃ এমিবিয়াছিছৰ সৃষ্টি কৰা পৰজীৱী প্ৰ’ট’জ’য়া এনটাম’বা হিষ্ট’লাইটিকাৰ বিষয়ে কৰা গভীৰ অধ্যয়নৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে। ড° ভট্টাচাৰ্যৰ পৰীক্ষাগাৰে প্ৰথমে পৰজীৱীৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চাৰ্কুলাৰ ডি. এন.
-
স্বাতি মোহন
ড° স্বাতি মোহন এগৰাকী ভাৰতীয়-আমেৰিকান মহাকাশ অভিযন্তা আৰু নাচা মঙ্গল ২০২০ ৰ মিচনৰ পথপদৰ্শন আৰু চলাচল নিয়ন্ত্ৰণৰ অধ্যক্ষা আছিল।
-
সৰ্বানী বসু
সৰ্বানী বসু এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা৷ তেখেতে এছ'চিয়েচন অৱ ইউনিভাৰ্চিটিজ ফৰ ৰিচাৰ্চ ইন এষ্ট্ৰ'নমিৰ পৰিচালনা সমিতিৰ সদস্য আৰু আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো।
-
ৰজনী এ. ভিছেই
ৰজনী এ. ভিছেই (Rajani A. Bhisey) (জন্ম:২০জানুৱাৰি ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে "পাৰিপাৰ্শ্বিক কাৰ্ছিনোজেনেছিছ", কৰ্কটৰ আণৱিক মহামাৰীবিদ্যা (molecular epidemiology of cancer), আৰু ব্যৱসায়িক বিপত্তিৰ ক্ষেত্ৰত কাম কৰিছে।
-
ৰাধিকা পিৰামল
ৰাধিক পিৰামল ২০১০ চনৰ পৰা ভি আই পি ইণ্ডাষ্ট্ৰিজ-ৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তাৰ আগতে, তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কোম্পানীটোত কৰ্মৰত আছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এমবিএ লাভ কৰিছে।
-
ৰাস্না ভাণ্ডাৰী
ৰস্না ভাণ্ডাৰী হায়দৰাবাদৰ চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়েগনষ্টিকছৰ চেল চিগনেলিং লেবৰেটৰীৰ মুৰব্বী। ভাণ্ডাৰীয়ে জৈৱিক ব্যৱস্থাত সংকেত পৰিবহনৰ ওপৰত অধ্যয়ন চলাই আছে, বিশেষকৈ শৰীৰবিজ্ঞান আৰু বিপাকীয় ক্ৰিয়াত ইনোচিটল পাইৰ’ফছফেটৰ ভূমিকা বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে।
-
ৰিতু কাৰিধল
ৰিতু কাৰিধল (Ritu Karidhal) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়।
-
ৰোহিনী গোডবোলে
ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। তেখেতে ভাৰতৰ তিনিওটা বিজ্ঞান একাডেমীৰে সভ্য।