অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা মহাজন

মীনা ভাস্কৰ মহাজন হৈছে এগৰাকী ভাৰতীয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা। তেওঁ গণনাগত জটিলতা তত্ত্ব ক্ষেত্ৰত আগশাৰীৰ গৱেষক হিচাপে পৰিচিত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মীনা ভাস্কৰ মহাজন হৈছে এগৰাকী ভাৰতীয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা। তেওঁ গণনাগত জটিলতা তত্ত্ব ক্ষেত্ৰত আগশাৰীৰ গৱেষক হিচাপে পৰিচিত। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত প্ৰুফ কমপ্লেক্সিটি, বীজগাণিতিক চাৰ্কিট কমপ্লেক্সিটি, ক্ষুদ্ৰ-স্থান কমপ্লেক্সিটি শ্ৰেণী, পৰামিতিক জটিলতা আৰু সমতল গ্ৰাফৰ বাবে দক্ষ এলগৰিদম অন্তৰ্ভুক্ত।১

শিক্ষা আৰু কৰ্মজীৱন

মহাজনৰ জন্ম হয় মুম্বাইত, আৰু তেওঁ এজন চৰকাৰী হিচাবৰক্ষকৰ কন্যা।২ তেওঁ আইআইটি বোম্বেত কম্পিউটাৰ বিজ্ঞান বিষয়ত অধ্যয়ন কৰি ১৯৮৬ চনত স্নাতক ডিগ্ৰী আৰু ১৯৮৮ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৩ চনত আইআইটি মাদ্ৰাজৰ পৰা পি.এইচ.ডি. ডিগ্ৰী সম্পূৰ্ণ কৰে।১ তেওঁৰ গৱেষণা প্ৰবন্ধৰ শিৰোনাম আছিল Studies in Language Classes Defined by Time-Varying Cellular Automata আৰু ইয়াৰ তত্বাৱধায়ক আছিল কমলা কৃতিবাসন।

১৯৯৩ চনত তেওঁ চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানত প’ষ্টডক্টৰেল গৱেষক হিচাপে যোগদান কৰে আৰু ১৯৯৪ চনত সেই প্ৰতিষ্ঠানতে স্থায়ী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে।১ তেওঁ বহু গৱেষণা প্ৰবন্ধ আন্তৰাষ্ট্ৰীয় সাময়িকীত প্ৰকাশ কৰিছে আৰু দেশ-বিদেশৰ বিভিন্ন একাডেমিক সন্মিলনত আমন্ত্ৰিত বক্তৃতা আগবঢ়াইছে।৩

স্বীকৃতি

মহাজনে ২০১৫ চনত গণিত বিজ্ঞান শাখাত শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰে।৪ ২০২২ চনত তেওঁ ভাৰতীয় বিজ্ঞান একাডেমীৰ সদস্যা হিচাপে নিৰ্বাচিত হয় আৰু ২০২৫ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীত নিৰ্বাচিত হয়।৪ তেওঁ এছিএম ইণ্ডিয়াৰ বিশিষ্ট বক্তা হিচাপে স্বীকৃতি লাভ কৰিছে।৩ ২০২৪ চনত তেওঁ বিজ্ঞান আৰু প্ৰযুক্তি গৱেষণা পৰিষদৰ জে. চি. বোস ৰাষ্ট্ৰীয় ফেল’শ্বিপ লাভ কৰে, যাক বৰ্তমানে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন বুলি কোৱা হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Meena Mahajan. The Institute of Mathematical Sciences
  2. ↑ (2022). Proving her worth: Meena Mahajan. Her Story – IIT Bombay Gen Zero Women. IIT Bombay
  3. ↑ Featured Eminent Speaker of ACM India: Meena Mahajan. ACM India
  4. ↑ Meena Mahajan. Infosys Prize 2024 jury

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীকম্পিউটাৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা মহাজন” প্ৰবন্ধৰ সংশোধন ৫৯৬৫৯৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।