অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণাচলম মুৰুগানান্থম

অৰুণাচলম মুৰুগানান্থম হৈছে ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰৰ এজন সমাজ উদ্যোগী তথা উদ্ভাৱক। তেওঁ কম মূল্যৰ ছেনিটেৰী পেড নিৰ্মাণ কৰা এক মেচিন উদ্ভাৱন কৰিছিল আৰু গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱৰ সময়ত পালন কৰা পৰম্পৰাগত অস্বাস্থ্যকৰ নিয়ম সম্পৰ্কে সজাগতা সৃষ্টিৰ তৃণমূল পৰ্যায়ৰ কৌশল উদ্ভাৱনৰ বাবে বিখ্যাত।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অৰুণাচলম মুৰুগানান্থম হৈছে ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰৰ এজন সমাজ উদ্যোগী তথা উদ্ভাৱক। তেওঁ কম মূল্যৰ ছেনিটেৰী পেড নিৰ্মাণ কৰা এক মেচিন উদ্ভাৱন কৰিছিল আৰু গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱৰ সময়ত পালন কৰা পৰম্পৰাগত অস্বাস্থ্যকৰ নিয়ম সম্পৰ্কে সজাগতা সৃষ্টিৰ তৃণমূল পৰ্যায়ৰ কৌশল উদ্ভাৱনৰ বাবে বিখ্যাত। তেওঁ নিৰ্মাণ কৰা ক্ষুদ্ৰ মেচিনত উৎপাদন কৰা চেনিটেৰী পেডৰ মূল্য ব্যৱসায়িক পেডবোৰতকৈ প্ৰায় তিনিগুণ সস্তা। এনে পেড ভাৰতৰ ২৯খন ৰাজ্যৰ ২৩ খনলৈ যোগান ধৰা হয়। তেওঁ বৰ্তমান এনে মেচিনৰ উৎপাদন ১০৬খন ৰাষ্ট্ৰলৈ প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।১

২০১৪ চনত, টাইম মেগাজিনৰ পৃথিৱীৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।২ ২০১৬ চনত, ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।৩

প্ৰাৰম্ভিক জীৱন

মুৰুগানান্থমৰ জন্ম হৈছিল ১৯৬২ চনত তামিলনাডু, ভাৰতৰ কইম্বাটুৰ বস্ত্ৰ-শিল্পী এছ. মুৰুগানান্থম আৰু এ. বনিতাৰ ঘৰত। এক পথ দুৰ্ঘটনাত তেওঁৰ পিতাকৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ ল'ৰালি কাল অতি দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল।৪ তেওঁৰ শিক্ষাত সহায় কৰিবৰ বাবে মাকে এখন ফাৰ্মত দিন-হাজিৰা কৰিবলগীয়া হৈছিল। ১৪ বছৰ বয়সত তেওঁ বিদ্যালয় ত্যাগ কৰি শিক্ষা জীৱনৰ অন্ত পেলাইছিল।৫ ঘৰ চলাবলৈ তেওঁ কাৰখানাৰ বনুৱা সকলৰ বাবে খাদ্য যোগান ধৰাৰ কাম কৰাৰ উপৰিও সৰু-সুৰা বিভিন্ন কাম কৰিবলগীয়া হৈছিল।৪

উদ্ভাৱন

১৯৯৮ চনত তেওঁ শান্তিক বিয়া কৰায়। তেওঁ লক্ষ কৰে যে তেওঁৰ পত্নীয়ে ঋতুচক্ৰৰ সময়ত বহুজাতিক কোম্পানীসমূহে উৎপাদন কৰা ব্যয়বহুল চেনিটেৰী পেড হিচাপে লেতেৰা ফটাকানি আৰু বাতৰি কাকত ব্যৱহাৰ কৰে।৬৭ ইয়াৰ পৰা পৰিত্ৰান পাবলৈ, তেওঁ পৰীক্ষামূলক পেড নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।৮ প্ৰথম অৱস্থাত তেওঁ কপাহৰ পৰা পেড নিৰ্মাণ কৰিছিল, কিন্তু সেইবোৰ তেওঁৰ পত্নী আৰু ভগ্নীসকলে ব্যৱহাৰযোগ্য নহয় বুলি গ্ৰহণ নকৰে। লাহে লাহে তেওঁলোকে তেওঁক সহযোগ কৰিবলৈ এৰি দিয়ে আৰু তেওঁৰ উদ্ভাৱন পৰীক্ষাৰ বিষয় হবলৈ অমান্তি হয়। তেওঁ অনুভৱ কৰে যে কেঁচা সামগ্ৰীৰ মূল্য মাত্ৰ, কিন্তু উৎপাদসমূহ প্ৰায় ৪০ গুণ অধিক দামত বিক্ৰী কৰা হয়।১ তেওঁ নিজৰ উদ্ভাৱন পৰীক্ষা কৰিবলৈ মহিলা স্বেচ্ছাসেৱকৰ সন্ধান কৰিবলৈ ধৰিলে, কিন্তু বেছিভাগেই তেওঁলোকৰ মাহেকীয়া সমস্যাসমূহ তেওঁৰ সৈতে আলোচনা কৰিবলৈ লাজ কৰিছিল। ব্লাডাৰত জন্তুৰ তেজ লৈ তেওঁ নিজেই পৰীক্ষা কৰাত লাগি গল, কিন্তু গাঁৱৰ সকলোৱে তেওঁক উপহাস কৰিবলৈ ধৰিলে।৯ যিহতু ঋতুচক্ৰক ভাৰতত নিষিদ্ধ বিষয় বুলি গণ্য কৰা হয়, তেওঁক গাওঁ আৰু পৰিয়ালৰ পৰা বহিস্কৃত কৰা হল।১০ এখন স্থানীয় চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীসকলক তেওঁ তেওঁৰ উৎপাদ উপহাৰ হিচাপে বিতৰণ কৰিছিল, ব্যৱহাৰ কৰাৰ পিছত সেইবোৰ তেওঁক ঘূৰাই দিয়া হৈছিল।

ব্যৱসায়িক পেডবোৰত পাইন গছৰ বাকলিৰ ছেলুলজ থাকে বুলি গম পাবলৈ তেওঁক দুবছৰ সময় লাগিল।১১ ছেলুলজৰ ব্যৱহাৰে শোষণৰ পিছতো পেডৰ আকৃতিৰ পৰিবৰ্তন নোহোৱাত সহয় কৰে।৪ আমদানিকৃত মেচিনেৰে পেড নিৰ্মাণত খৰচ পৰিছিল।১২ সেয়ে, তেওঁ ন্যূনতম প্ৰশিক্ষণেৰে চলাব পৰা কম মূল্যৰ এটা মেচিন নিৰ্মাণ কৰিলে।১৩ তেওঁ ছেলুলজ মুম্বাইৰ এক বিতৰকৰ পৰা আনিলে আৰু বিক্ৰীৰ বাবে পেকেট কৰাৰ আগতে তেওঁ নিজৰ মেচিনত ছেলুলজ গুড়ি, আঁহ নিষ্কাষণ, হেঁচা প্ৰদান আৰু অতিবেঙুনীয়াত পেডসমূহৰ বিজানুনাশ কৰিছিল।১৪ এই মেচিনটোৰ মূল্য হৈছিল।৮

২০০৬ চনত, তেওঁ তেওঁৰ ধাৰণা প্ৰদৰ্শন আৰু উপদেশ লাভ কৰিবলৈ আই.আই.টি. মাদ্ৰাছলৈ গৈছিল। তেওঁলোকে তেওঁৰ উদ্ভাৱন নেছনেল ইনভেছন ফাউণ্ডেছন (National Innovation Foundation)ৰ গ্ৰাছৰুট টেকনলজিকেল ইনভেছনছ এৱাৰ্ড (Grassroots Technological Innovations Award, তৃণমূল প্ৰযুক্তিগত উদ্ভাৱন বঁটা)ৰ বাবে পঞ্জীয়ন কৰিছিল আৰু তেওঁ সেই বঁটা জয় কৰিছিল।৪৮ তেওঁ প্ৰাৰম্ভিক মূলধন লাভ কৰি, বৰ্তমান ভাৰতৰ গাৱে-ভূয়ে এই মেচিলৰ যোগান ধৰোঁতা জয়শ্ৰী ফাউণ্ডেছনৰ প্ৰতিষ্ঠা কৰিছিল।১৫ তেওঁৰ অতি সৰল আৰু কম-খৰচী মেচিনে বিশেষ প্ৰশংসা লাভ কৰিছিল আৰু সমাজ সেৱাৰ বাবে কৰা তেওঁৰ অৱদানৰ বাবে তেওঁ বহুতো বঁটা লাভ কৰিছিল।১০ তেওঁৰ কামৰ ব্যৱসায়িকৰণৰ বাবে বহুতো সংস্থাই সুযোগ আগবঢ়োৱা স্বতেও তেওঁ সেই সুবিধা গ্ৰহণ নকৰিলে আৰু মহিলাৰ দ্বাৰা গঠন কৰা আত্ম সহায়ক গোটক তেওঁৰ মেচিন যোগান ধৰা কাম অব্যহত ৰাখিলে।১০১৬১৬

ভাৰতত মহিলাৰ জীৱন পৰিবৰ্তনৰ চাবি-কাঠি হিচাপে মুৰুগানান্থৰ উদ্ভাৱনে বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হল।১৭১৮ এই মেচিনে মহিলাক কৰ্ম সংস্থান আৰু আয়ৰ উৎস প্ৰদান কৰিলে আৰু ঋতুচক্ৰৰ সময়ত পেডৰ ব্যৱহাৰে বহুতো মহিলাৰ জীৱনলৈ পৰিবৰ্তন কঢ়িয়াই আনিলে।১৯ তেওঁৰ কৰ্ম সংস্কৃতিয়ে আৰু বহুজনক এই ক্ষেত্ৰত কাৰ্য কৰিবলৈ অনুপ্ৰানিত কৰিলে,২০ আনকি কিছুলোকে এনে পেজ সাজিবলৈ কলৰ বাকলি আৰু বাঁহৰ আঁহো ব্যৱহাৰ কৰিলে।১৮

জনপ্ৰিয় সংস্কৃতি

মুৰুগানান্থমে সামাজিক উদ্যোক্তা হিচাপে প্ৰখ্যাতি লাভ কৰিলে।২১ তেওঁ আই.আই.টি. বম্বে,২২ আই.আই.এম. আহমদাবাদ, আই.আই.এম. বেংগলৰ১১ আৰু হাৰ্বাৰ্ডকে ধৰি বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানত ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰিত হল।২৩ তেওঁ এটা টেড টকছো (TED Talks) প্ৰদান কৰে।১২ তেওঁৰ কাহিনীক বিষয় হিচাপে লৈ অমৃত ৱিৰমানিৰ পুৰস্কাৰ প্ৰাপ্ত তথ্য-চিত্ৰ মেন্সট্ৰুয়েল মেন২৪২৫ আৰু অভিষেক ছাক্সেনাৰ পৰিচালনাত ফুল্লু (২০১৭) নিৰ্মাণ কৰা হয়। আৰ. বাল্কিৰ পৰিচালনাত মুৰুগানান্থমৰ জীৱনাধাৰিত এখন চলচ্চিত্ৰ পেড মেন নিৰ্মাণ কৰা হয়, চলচ্চিত্ৰখনত জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে মুৰুগানান্থমৰ ভূমিকাত অভিনয় কৰিছে।২৬

তথ্যসূত্ৰ

  1. ↑ The Indian sanitary pad revolutionary. BBC News
  2. ↑ (23 April 2014). The 100 Most Influential People – Pioneers: Arunachalam Muruganantham. TIME.com
  3. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  4. ↑ National Innovation Foundation. MINI SANITARY NAPKIN MAKING MACHINE A. Muruganantham
  5. ↑ (2017-12-23). How Arunachalam Muruganantham – Pad Man Brought Revolutionary Change in Sanitary Pads Market of India. Dropout Dudes
  6. ↑ India's champion for affordable feminine hygiene
  7. ↑ Sandhana, Lakshmi. An Indian Inventor Disrupts The Period Industry. Fast Company
  8. ↑ Akila Kannadasan. (13 February 2012). A man in a woman's world. The Hindu
  9. ↑ Letitia Rowlands. (14 March 2014). One man's mission to improve women's lives. Ministry of External Affairs, Govt of India
  10. ↑ Buncombe, Andrew. (29 June 2012). The 'Tampon King' who sparked a period of change for India's women. The Independent
  11. ↑ PC Vinoj Kumar,. (29 August 2009). The Pad That Does Not Whisper. Tehelka
  12. ↑ TED Bangalore talk by A. Muruganantham
  13. ↑ Foxx-Gonzalez, Kellie. (29 June 2012). Tampon King. The Mary Sue
  14. ↑ New Inventions: Jayaashree Industries
  15. ↑ Kumar, Vikas. (18 January 2012). Blood, sweat & a few tears: Arunachalam Muruganantham's lessons for consumer product firms. The Economic Times
  16. ↑ Sandhana, Lakshmi. (21 January 2012). India's women given low-cost route to sanitary protection. The Guardian
  17. ↑ Ramdoss, Santhosh. (31 January 2012). Enabling Access through Low-cost Sanitary Pads: Jayashree Industries. Think Change India
  18. ↑ (14 September 2013). Social entrepreneurship in India: Cut from a different cloth. The Economist
  19. ↑ Baker, Katie J.M. (29 June 2012). Meet India’s ‘Tampon King’. Jezebel
  20. ↑ Promoting hygiene
  21. ↑ Dharamsala film festival
  22. ↑ Esummit speakers, IITB
  23. ↑ Harvard India Conference
  24. ↑ Menstrual Man
  25. ↑ The first man to wear a sanitary napkin. INKTalks
  26. ↑ Pad Man first look: After building toilets, Akshay Kumar takes on menstrual hygiene

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচলম মুৰুগানান্থম” প্ৰবন্ধৰ সংশোধন ৫৭০৯১০ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।