অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অবেইদ ছিদ্দিকি

অবেইদ ছিদ্দিকি (FRS- ফেল' অৱ ৰয়েল ছ'ছাইটি- ৰয়েল ছ'ছাইটিৰ সদস্য) (৭ জানুৱাৰী ১৯৩২-২৬ জুলাই ২০১৩) ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত National Research Professor আছিল। তেওঁৰ ড্ৰছ'ফিলা মাখিৰ জেনেটিকছ আৰু নিউৰ'বায়ল'জী সম্পৰ্কীয় গৱেষণাৰ বাবে লব্ধপ্ৰতিষ্ঠ।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অবেইদ ছিদ্দিকি (FRS- ফেল' অৱ ৰয়েল ছ'ছাইটি- ৰয়েল ছ'ছাইটিৰ সদস্য) (৭ জানুৱাৰী ১৯৩২-২৬ জুলাই ২০১৩) ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত National Research Professor আছিল। তেওঁৰ ড্ৰছ'ফিলা মাখিৰ জেনেটিকছ আৰু নিউৰ'বায়ল'জী সম্পৰ্কীয় গৱেষণাৰ বাবে লব্ধপ্ৰতিষ্ঠ।

জন্ম আৰু শিক্ষা

অবেইদ ছিদ্দিকিৰ ১৯৩২ চনত উত্তৰ প্ৰদেশত জন্ম হৈছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। Guido Pontecorvo-ৰ অধীনত গৱেষণা কৰি ইউনিভাৰ্ছিটি অৱ গ্লাছগ'ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইউনিভাৰ্ছিটি অৱ পেনছিলভেনিয়াৰ Cold Spring Harbor Laboratory আৰু কেমব্ৰিজৰ MRC Laboratory of Molecular Biology-ৰ পৰা প'ষ্ট ডক্টৰেট গৱেষণা (ইংৰাজী ভাষা:post doctoral research) সমাপন কৰিছিল। ছিদ্দিকিক ১৯৬২ চনত ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী হোমি ভাবাই টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত Molecular Biology Unit স্থাপন কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনিছিল। ইয়াৰ ৩০ বছৰ পিছত বাংগালোৰৰ তেওঁ টি আই এফ আৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী ভাষা: TIFR National Center for Biological Sciences)ৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে নিৰ্বাচিত হয়। মৃত্যুৰ সময়লৈকে তেওঁ এই কেন্দ্ৰতে অধ্যাপক হিচাপে কৰ্মৰত আছিল।১

বঁটা আৰু সন্মান

  • সভাপতি, Indian Academy of Sciences
  • সদস্য, ৰয়েল ছ'ছাইটি, লণ্ডন
  • সদস্য, US National Academy of Sciences, ৱাশ্বিংটন
  • সদস্য, TWAS-Third World Academy, ট্ৰিয়েষ্ট
  • Visiting professor, Yale University
  • Visiting Professor, Massachusetts Institute of Technology
  • Visiting Professor, California Institute of Technology
  • Visiting Professor, Cambridge University
  • Twice Sherman Fairchild Distinguished Scholar at Caltech
  • Sir Syed Ahmad Khan International Award for Life Sciences 2009
  • পদ্মবিভূষণ, ২০০৬২
  • B.C. Roy Award, 2004
  • Sir Syed Life Time Achievement Award, AMUAA New York, 2004
  • Pride of India Award, AFMI, USA, 2004
  • INSA Aryabhata Medal 1992;
  • Goyal Prize 1991;
  • Birla Smarak Kosh National Award 1989;
  • পদ্মভূষণ, ১৯৮৪;
  • Bhatnagar Award 1976;
  • Life member of Clare Hall, Cambridge]
  • Honorary D.Sc., Aligarh Muslim University, Aligarh
  • Honorary D.Sc., Banaras Hindu University, Benaras
  • Honorary D.Sc., Jamia Hamdard, Delhi
  • Honorary D.Sc., Kalyani University, Kalyani
  • Honorary D.Sc., Indian Institute of Technology, Bombay
  • Honorary D.Sc., Jamia Milia, Delhi
  • Honorary D.Sc., Central University of Hyderabad

মৃত্যু

২০১৩ চনৰ ২৬ জুলাইত বাংগালোৰত এটা পথ দুৰ্ঘটনাত পতিত হৈ ছিদ্দিকিৰ মৃত্যু হয়। এই দুৰ্ঘটনাৰ ফলত তেওঁৰ মগজুৰ গুৰুতৰ আঘাত হোৱাৰ ফলতে তেওঁ প্ৰাণ হেৰুৱায়। মৃত্যুৰ সময়ত তেওঁ পত্নী আছিয়া, দুই পুত্ৰ ইমৰাণ ছিদ্দিকি আৰু কালিম আৰু দুই কন্যা যমুনা আৰু দিবাক এৰি গৈছ।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Prof. Obaid Siddiqi
  2. ↑ Indian Fellow
  3. ↑ www.thehindu.com/news/national/acclaimed-biologi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীৰয়েল ছ'ছাইটিৰ সদস্যপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবেইদ ছিদ্দিকি” প্ৰবন্ধৰ সংশোধন ৫৮৪৮৫৬ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।