অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজয় ঘটক

অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি Optics চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰাফ Inhomogeneous Optical Waveguides ( অধ্যাপক ছধাৰ সৈতে সহলিখন) চীনা আৰু ৰাছিয়ান ভাষালৈ অনূদিত হৈছে১। ১৯৯৫ চনত তেওঁ পোহৰ বিজ্ঞানৰ শিক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকাৰ অপ্টিকেল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছিল২। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ব্ৰুখাৱেন নেশ্বনেল লেব’ৰেটৰীত কিছুদিন গৱেষণাৰ সহায়ক হিচাপে কাম কৰাৰ পাছত তেওঁ ১৯৬৬ চনত দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে২ আৰু ২০০৭ চনত তাৰ পৰাই পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৩। বৰ্তমান তেওঁ বিভিন্ন গ্ৰন্থ আদি ৰচনা কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত অতিথি অধ্যাপক হিচাপে শ্ৰেণীকোঠাত যোগদান কৰে৪৫।

নিৰ্বাচিত বঁটা আৰু সন্মান

  • SPIEৰ Educator Award (২০০৮): "পোহৰ বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে"৬
  • Optical Society of Americaৰ ২০০৩ চনৰ Esther Hoffman Beller Medal: "পোহৰ বিজ্ঞান আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে"৭
  • International Commission for Opticsৰ ১৯৯৮চনৰ বাবে গেলিলিঅ’ গেলিলি বঁটা: "পোহৰ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে"৮
  • পদাৰ্থ বিদ্যাত CSIRৰ ১৯৭৯চনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ শান্তিস্বৰূপ ভটনাগৰ বঁটা: "অসমসত্ব আলোক তৰংগ-বাহক (inhomogeneous optical wave-guides), অসমসত্ব মাধ্যম আৰু চেল্ফ ফ’কাচিং লেজাৰ ৰশ্মিযুক্ত তন্ত্ৰৰ বিচলন তত্ব (theory of abberation)লৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে"৯

নিৰ্বাচিত প্ৰকাশন

  • Ghatak, Ajoy. (2010). Einstein And The Special Theory Of Relativity. ISBN 81-309-1478-6
  • Thyagarajan, K.; Ghatak, Ajoy. (2010). Lasers: Fundamentals And Applications. ISBN 1-4419-6441-X
  • Ghatak, Ajoy. (2009). Optics. ISBN 0-07-338048-2
  • Ghatak, Ajoy. (2009). Basic Quantum Mechanics (with CD). ISBN 0-230-63916-X
  • Lakshminarayanan, Vasudevan; Ghatak, Ajoy; Thyagarajan, K. (2001). Lagrangian Optics. ISBN 0-7923-7582-3
  • Ghatak, Ajoy; Thyagarajan, K. (1998). An Introduction To Fiber Optics. ISBN 0-521-57785-3
  • Ghatak, Ajoy. (1996). Introduction To Quantum Mechanics. ISBN 0-333-92419-3
  • Ghatak, Ajoy; Thyagarajan, K. (1989). Optical Electronics. ISBN 0-521-30643-4
  • Eliezer, Shalom; Ghatak, Ajoy; Hora, Heinrich. (1986). Fundamentals Of Equations Of State. ISBN 981-02-4833-4
  • Ghatak, Ajoy; Lokanathan, S. (1984). Quantum Mechanics: Theory And Applications. ISBN 9781403923417
  • Ghatak, Ajoy; Sodha, M. S. (1977). Inhomogeneous Optical Waveguides. ISBN 0-306-30916-5

তথ্যসূত্ৰ

  1. ↑ Miranda House events
  2. ↑ Ajoy Ghatak biography. International Commission for Optics
  3. ↑ IIT Kharagpur's biography on Ajoy Ghatak. Indian Institute of Technology
  4. ↑ BESU Events 2010
  5. ↑ SPIE Events
  6. ↑ SPIE Educator Award
  7. ↑ OSA's Esther Hoffman Beller Medal
  8. ↑ ICO Galileo Galilei Award
  9. ↑ S. S. Bhatnagar award for Physical Sciences

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজয় ঘটক” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৩৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।