এছ. নাম্বি নাৰায়ণন (S. Nambi Narayanan; জন্ম: ১২ ডিচেম্বৰ, ১৯৪১) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা এৰ'স্পেছ অভিযন্তা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত তেওঁ এগৰাকী জ্যেষ্ঠ প্ৰাধিকাৰী হিচাপে ক্ৰায়'জেনিক্স বিভাগৰ দায়িত্বত আছিল।১ ১৯৯৪ চনত চোৰাংচোৱাগিৰিত মিছাকৈ তেওঁক অভিযুক্ত কৰা হৈছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।২ ১৯৯৬ চনত চি বি আই তেওঁৰ বিৰুদ্ধে থকা অভিযোগ বৰ্খাস্ত কৰে আৰু ১৯৯৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁ দোষী নহয় বুলি ঘোষণা কৰে। ২০১৯ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাম্বি নাৰায়ণন” প্ৰবন্ধৰ সংশোধন ২৫৪৭৮৭ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।