অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৌম্যা স্বামীনাথন

সৌম্যা স্বামীনাথন (Soumya Swaminathan, জন্ম: ২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী। ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সৌম্যা স্বামীনাথন (Soumya Swaminathan, জন্ম: ২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী।১২ ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে। ২০১৯ চনত ৭ মাৰ্চ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ মুখ্য বিজ্ঞানী পদত অধিষ্ঠিত হয়।৩ এই স্থান লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয়। ইয়াৰ আগতে তেওঁ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১৪ তেওঁ ভাৰতত সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথনৰ দুহিতা।

শিক্ষা

সৌম্যা স্বামীনাথনে পুনেৰ আৰ্মড ফৰ্্চেছ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰৰ পৰা ডক্টৰ অফ মেডিচিন ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে তেওঁ নেছনেল বৰ্ড অফ এক্সামিনেচনৰ ডিপ্লোমেট অফ নেছনেল বৰ্ড। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তাত তেওঁ লছ এঞ্জেলেছৰ ইউনিভাৰ্চিটি অফ ছাউথৰ্ন কেলিফোৰ্নিয়াৰ কেক স্কুলৰ অন্তৰ্গত চিল্ডৰেনছ হস্পিটেলত পিডিয়াট্ৰিক পুলমনলজি বিষয়ত পোষ্ট ডক্টৰেল মেডিকেল ফেল'শ্বিপ লাভ কৰিছিল।৫ তেওঁ এগৰাকী শিশুৰ শ্বাসতন্ত্ৰ বিষয়ক ৰোগৰ বিশেষজ্ঞ।

ব্যক্তিগত জীৱন

সৌম্যা স্বামীনাথন ভাৰতত সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু শিক্ষাবিদ মীনা স্বামীনাথনৰ দুহিতা। তেওঁৰ দুগৰাকী ভনীয়েক আছে। তাৰে এগৰাকী মধুৰা স্বামীনাথন কলিকতাৰ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আৰু ভনীয়েক নৃত্য স্বামীনাথন ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ "জেণ্ডাৰ এনালাইছিল" বিষয়ৰ জ্যেষ্ঠ প্ৰবক্তা।৬

বঁটা আৰু সন্মান

সৌম্যা স্বামীনাথনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৯৯ চনত তেওঁ নৱম ৰাষ্ট্ৰীয় শিশু শ্বাসতন্ত্ৰ অধিবেশনত তেওঁ শ্ৰেষ্ঠ গৱেষণা পত্ৰৰ বাবে ডাঃ কেয়া লাহিৰী সোণৰ পদক লাভ কৰিছিল। ২০০৮ চনত তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ক্ষণিকা অৰাচন বঁটা লাভ কৰিছিল। ২০০৯ চনত তেওঁ আন্তৰ্জাতিক যক্ষ্মা আৰু হাঁওফাঁওৰ ৰোগৰ বিৰুদ্ধে সংঘৰ এইছআইভি শাখাৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল। ২০১১ চনত তেওঁ ইণ্ডিয়ান একাডেমী অফ পিডিয়াট্ৰিক্সৰ ফেল' নিৰ্বাচিত হৈছিল। একেবছৰে তেওঁ ইণ্ডিয়ান এছচিয়েছন অফ এপ্লাইড মাইক্ৰবায়লজিষ্টৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। ২০১২ চনত তেওঁ তামিলনাডু চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা লাভ কৰিছিল। একেবছৰে তেওঁ ভাৰতৰ নেছনেল একাডেমী অফ চাইন্সৰ ফেল' নিৰ্বাচিত হয়। ২০১৩ চনত তেওঁ বেংগালুৰুৰ ইণ্ডিয়ান একাডেমী অফ চাইন্সৰ ফেল' আৰু ২০১৬ চনত নাইপাৰৰ অষ্ট্ৰযেনেকা গৱেষণা বঁটা লাভ কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Nikita Mehta. Soumya Swaminathan to take charge of Indian Council of Medical Research. Live Mint
  2. ↑ Dr. Soumya Swaminathan. ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ
  3. ↑ WHO Headquarters Leadership Team. World Health Organization
  4. ↑ (27 November 2013). Podcast: Sentinel Project on Pediatric Drug-Resistant Tuberculosis. The Hindu
  5. ↑ Secretary Profile. Department of Health Research, Ministry of Health and Family Welfare, Government of India
  6. ↑ Image, The Hindu Business Line
  7. ↑ Index of /silverjubilee. niper.ac.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌম্যা স্বামীনাথন” প্ৰবন্ধৰ সংশোধন ৩৮৩১৯৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।