অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কানু গান্ধী

কানু গান্ধী (১৯২৮ – ৭ নৱেম্বৰ ২০১৬) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মহাত্মা গান্ধীৰ পো নাতি।

হালনাগাদ: ১২ মাৰ্চ ২০২২ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কানু গান্ধী (১৯২৮১ – ৭ নৱেম্বৰ ২০১৬) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মোহনদাস কৰমচান্দ গান্ধীৰ পো নাতি।

জীৱন পৰিক্ৰমা

তেওঁ 'মেছেচ্যুছেট্ছ ইনষ্টিটিউট অফ টেকন'লজী'ত অধ্যয়ন কৰি ১৯৬৩ চনত চিভিল ইঞ্জিনিয়াৰিং ত স্নাতক ডিগ্ৰী লাভ কৰে।২ পিছত তেওঁ বিমান ডিজাইনৰ ওপৰত নাছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ বাবে কাম কৰিছিল। তেওঁৰ পত্নী শিৱলক্ষ্মী বষ্টন 'বায়'মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউট'ৰ অধ্যাপিকা আৰু গৱেষক আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। ২০১৪ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহে। ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে চূৰটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৩৪

তথ্যসূত্ৰ

  1. ↑ A Rare Glimpse Into Four Generations Of Mahatma Gandhi Family - MERE PIX. www.merepix.com
  2. ↑ Supporting Gandhi and going to MIT were part of building India - Times of India. The Times of India
  3. ↑ Mahatma Gandhi's Grandson Kanu Gandhi Dies At 87. NDTV.com
  4. ↑ (8 November 2016). Mahatma’s grandson Kanu Gandhi passes away

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানু গান্ধী” প্ৰবন্ধৰ সংশোধন ৩১৬৪৪৭ (১২ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।