অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণকুমাৰ কুনাথ (কেকে)

কৃষ্ণকুমাৰ কুনাথ (ইংৰাজী: Krishnakumar Kunnath; ২৩ আগষ্ট ১৯৬৮ – ৩১ মে' ২০২২) হৈছে এজন ভাৰতীয় নেপথ্য গায়ক। তেওঁ কেকে নামেৰে অধিক পৰিচিত। তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালয়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

কৃষ্ণকুমাৰ কুনাথ (ইংৰাজী: Krishnakumar Kunnath; ২৩ আগষ্ট ১৯৬৮ – ৩১ মে' ২০২২) হৈছে এজন ভাৰতীয় নেপথ্য গায়ক।১ তেওঁ কেকে নামেৰে অধিক পৰিচিত। তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালয়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে। ২০০০ চনৰ আটাইতকৈ সফল ভাৰতীয় কণ্ঠশিল্পী সকলৰ ভিতৰত তেওঁ এজন।২৩

প্ৰাৰম্ভিক জীৱন

মালয়ালী পিতৃ-মাতৃ চি. এছ. মেনন আৰু কুনাথ কনকভালিৰ সন্তান৪ কেকে দিল্লীত ডাঙৰ দীঘল হৈছিল। বলীউডত প্ৰৱেশ কৰাৰ আগতে তেওঁ ৩৫০০টা জিংগল গাইছিল।৫ তেওঁ দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰীছ স্কুল৬ৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মল কলেজৰ৭ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত তেওঁ "জৌছ অৱ ইণ্ডিয়া" গীতত কণ্ঠদান কৰিছিল।৮

১৯৯১ চনত, কেকে জ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯তেওঁৰ পুত্ৰ নকুল কৃষ্ণ কুনাথে তেওঁৰ সৈতে তেওঁৰ এলবাম "হমচফৰ"ত "মস্তি" নামেৰ এটা গীত গাইছিল।১০কেকেৰ তামাৰা কুন্নথ নামৰ এগৰাকী কন্যাও আছে।

কণ্ঠ আৰু সংগীত শৈলী

গায়ক কিশোৰ কুমাৰে কেকেক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল আৰু কেকেৰ প্ৰিয় আন্তঃৰাষ্ট্ৰীয় গায়ক আৰু বেণ্ডৰ ভিতৰত সংগীত পৰিচালক আৰ. ডি. বৰ্মন, মাইকেল জেকচন, বিলি জোৱেল, ব্ৰায়ান এডামছ, লেড জেপেলিন আদি অন্যতম। তেওঁ উল্লেখ কৰিছে যে, এজন গায়কৰ মুখখন ভালদৰে দেখা পোৱাটো গুৰুত্বপূৰ্ণ নহয় – গুৰুত্বপূৰ্ণ কথাটো হ'ল "এজন গায়কক শুনিব লাগিব।" ১১ কেকেই কেতিয়াও সংগীতৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।১২

এলবাম

বৰ্ষএলবাম(s)সংগীত পৰিচালক(s)
একক এলবাম
১৯৯৯পললেজলি লেৱিছ
২০০৮হমচফৰকেকে
সংকলন
২০০২হমৰাজহিমেশ ৰেশমিয়া
২০১০Kavalanকেকে, ৰীতা
২০১১চলফুল ভইচ কেকেবিভিন্ন
২০১৪Now Playing: KK Hitsবিভিন্ন
২০১৩KK: Best Of Meবিভিন্ন
২০১৫Musical Bond: Pritam & KKপ্ৰীতম চক্ৰৱৰ্তী

বঁটা আৰু সন্মান

কেকেই খোদা জানে গীতৰ বাবে, ২০০৯ চনত শ্ৰেষ্ঠ নেপথ্য গায়কৰ ষ্টাৰ স্ক্ৰীন বঁটা লাভ কৰিছিল।১৩

মৃত্যু

২০২২ চনৰ ৩১ মে'ত ৫৩ বছৰ বয়সত কলিকতাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থাকোঁতে হৃদক্ৰিয়া বন্ধ হৈ জনপ্ৰিয় গায়কগৰাকী মৃত্যুমুখত পৰে।১৪

তথ্যসূত্ৰ

  1. ↑ K, K. Hindustan Times KK Death
  2. ↑ (9 December 2006). The right note. দ্য হিন্দু
  3. ↑ Best KK songs-Top 10
  4. ↑ Lasrado, Richie. (25 November 2006). A Kandid Konversation with KK. Daijiworld.com
  5. ↑ R, Balaji. (6 June 2005). The KK factor. দ্য হিন্দু
  6. ↑ KK
  7. ↑ KK. saavn.com
  8. ↑ KK Profile. In.com
  9. ↑ (22 November 2006). Sensational Singer KK to Perform Live in City on Nov 23. Daijiworld.com
  10. ↑ Vijayakar, Rajiv. (18 February 2008). High Pitch. Screen
  11. ↑ (১৫ এপ্ৰিল ২০১৫). KK's interview with Bollywood Hungama. Bollywoodhungama
  12. ↑ (২০ আগষ্ট ২০১৫). entertainment/hindi/music/photo-features/kk-about the singer-songwriter-we-bet-you-dont-know/photostory/48554410.cms KK: Facts about the singer we bet you don't know know. The Times of india
  13. ↑ Best Male Playback Award. www.awardsandshows.com/
  14. ↑ www.dnaindia.com/bollywood/report-singer-kk-pass

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণকুমাৰ কুনাথ (কেকে)” প্ৰবন্ধৰ সংশোধন ৪৪৫৯৪৪ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।