বঙালী ব্যক্তি
১০৬ প্ৰবন্ধ
-
দিব্যেন্দু পালিত
দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।
-
দৰ্শনা বণিক
দৰ্শনা বনিক এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যি প্ৰাথমিকভাৱে বাংলা চলচ্চিত্ৰ উদ্যোগৰ বাবে কাম কৰে। তেওঁ কালাৰ্ছ (আলোচনী), ভোডাফোন আৰু বৰোলাইনৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ মডেল আৰু ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
নীৰদ চি. চৌধুৰী
নীৰদ চন্দ্ৰ চৌধুৰী (Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক। ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে।
-
প্ৰীতিলতা ওৱাদ্দেদাৰ
প্ৰীতিলতা ওৱাদ্দেদাৰ (Pritilata Waddedar; ৫ মে' ১৯১১ – ২৪ ছেপ্টেম্বৰ ১৯৩২) চট্টগ্ৰাম আৰু ঢাকাত শিক্ষা সমাপ্ত কৰি কলকাতাৰ বেথুন কলেজত পঢ়া-শুনা কৰে। দৰ্শন বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ অন্তত স্কুলৰ শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত হয়। তেওঁক বংগৰ প্ৰথম মহিলা শ্বহীদ ৰূপে গণ্য কৰা হয়।
-
বিনোদিনী দাসী
বিনোদিনী দাসী ( Binodini Dasi, ১৮৬৩-১৯৪১) এগৰাকী কলকাতাৰ বঙালীভাষী প্ৰখ্যাত মঞ্চ অভিনেত্ৰী আছিল, যাক নটী বিনোদিনী বুলিও জনা যায়। ১৯১৩ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ত উল্লেখ কৰা মতে ১২ বছৰ বয়সতে তেওঁ অভিনয় আৰম্ভ কৰিছিল আৰু ২৩ বছৰ বয়সত অভিনয় জীৱনৰ সামৰণি মাৰিছিল।
-
বীণা মজুমদাৰ
বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম।
-
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।
-
মৌচুমী চেটাৰ্জী
মৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে।
-
লীলা মজুমদাৰ
লীলা মজুমদাৰ ( Leela Majumdar; জন্ম: ৰায় ২৬ ফেব্ৰুৱাৰী, ১৯০৮ – ৫ এপ্ৰিল, ২০০৭)এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। কলকাতাৰ ৰায় পৰিয়ালৰ প্ৰমদাৰঞ্জন ৰায় আৰু সুৰমাদেৱীৰ জীয়ৰী। তেওঁৰ জন্ম হৈছিল ৰয় পৰিয়ালৰ গড়পাৰ ৰোডৰ ঘৰত।
-
শীৰ্ষেন্দু মুখোপাধ্যায়
শীৰ্ষেন্দু মুখোপাধ্যায় (Shirshendu Mukhopadhyay, জন্ম ২ নৱেম্বৰ ১৯৩৫) এজন বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক; শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে তেওঁ গল্প আৰু উপন্যাস ৰচনা কৰে। ১৯৮৮ চনত তেওঁ তেওঁৰ উপন্যাস মানবজমিনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
সুপ্ৰিয়া দেৱী
সুপ্ৰিয়া দেৱী বা সুপ্ৰিয়া চৌধুৰী ( Supriya Devi; ৮ জানুৱাৰী ১৯৩৩ – ২৬ জানুৱাৰী ২০১৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বঙালী চলচ্চিত্ৰত প্ৰায় ৫০ বছৰ জুৰি অভিনয় কৰিছিল। ঋত্বিক ঘটকৰ ‘মেঘে ঢাকা তাৰা’ (১৯৬০) ছবিৰ নীলা নামৰ চৰিত্ৰটোৰ ৰূপায়ণৰ তেওঁক বিশেষ ভাবে জনা যায়।
-
অন্তৰা দেৱ সেন
অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।
-
অম্লান দত্ত
অম্লান দত্ত (Amlan Datta, ১৭ জুন ১৯২৪ – ১৮ ফেব্ৰুৱাৰী ২০১০) হ'ল এজন প্ৰখ্যাত ভাৰতীয় অৰ্থনীতিবিদ, চিন্তাবিদ আৰু অধ্যাপক।
-
ঋত্বিকা সেন
ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে। কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।
-
প্ৰমথনাথ বিশী
প্ৰমথনাথ বিশী (Pramathanath Bishi; ১১ জুন ১৯০১ – ১০ মে' ১৯৮৫) এগৰাকী ভাৰতীয় সাহিত্যিক, শিক্ষাবিদ আৰু পশ্চিম বংগৰ প্ৰাক্তন সংসদ সদস্য। তেখেত আছিল পশ্চিম বংগ বিধান সভাৰ প্ৰাক্তন সদস্য (১৯৬২–১৯৬৮) আৰু ১৯৭২ চনৰপৰা ১৯৭৮ চনলৈকে ৰাজ্যসভাৰ মনোনীত সদস্য আছিল।
-
ৰুক্মিণী মৈত্ৰ
ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত মৈত্ৰই ২০১৭ চনত চাম্প ছবিৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। দেবৰ সৈতে মুঠ সাতখন ছবিত অভিনয় কৰিছে। ২০২১ বৰ্ষৰ ছবি সনকত বিদ্যুৎ জামৱালৰ বিপৰীতে অভিনয় কৰি তেখেতে বলীউডত অভিষেক ঘটায়।
-
অনিল ঘড়াই
অনিল ঘড়াই (Anil Ghorai, ১ নৱেম্বৰ, ১৯৫৭ – ২৩ নৱেম্বৰ, ২০১৪) হ'ল পশ্চিমবংগৰ এগৰাকী বাঙালী সাহিত্যিক। বাংলা সাহিত্যত তেওঁৰ স্থান অনন্য। দলিত আৰু প্ৰান্তীয় মানুহক লৈ সাহিত্যচৰ্চা কৰাৰ বাবে তেওঁক অন্ত্যজ জীৱনেৰ ৰূপকাৰ বুলি কোৱা হয়।
-
অৰুণ কুমাৰ চন্দ
অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷ ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
কানু সান্যাল
কানু সান্যাল (Kanu Sanyal; ১৯৩২ – ২৩ মাৰ্চ ২০১০) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিক। ১৯৬৭ চনত সংঘটিত নক্সালবাৰী বিদ্ৰোহৰ তেওঁ অন্যতম মূল নেতা আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ অন্যতম প্ৰতিষ্ঠাপক নেতা। ২০১০ চনৰ ২৩ মাৰ্চত সান্যালে আত্মহত্যা কৰে।
-
গজেন্দ্ৰকুমাৰ মিত্ৰ
গজেন্দ্ৰকুমাৰ মিত্ৰ (Gajendrakumar Mitra; জন্ম: ১১ নৱেম্বৰ ১৯০৮ — মৃত্যু: ১৬ অক্টোবৰ ১৯৯৪) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী লেখক, প্ৰকাশক আৰু অনুবাদক আছিল। ৰবীন্দ্ৰ-শৰৎচন্দ্ৰ-বিভূতিভূষণ-তাৰাশঙ্কৰৰ পাছত বাঙালী মধ্যবিত্ত সমাজক উপজীৱ্য কৰি যিসকল কথাসাহিত্যিকে সাৰ্থক সাহিত্য সৃষ্টি কৰিছিল তেখেতসকলৰ ভিতৰত…
-
গোপাল ভাঁড়
গোপাল ভাঁড় (Gopal Bhar) বা গোপাল ভাণ্ড মধ্যযুগীয় বংগৰ এগৰাকী দৰবাৰী ৰসিক আছিল। তেওঁৰ আচল নাম আছিল গোপাল চন্দ্ৰ প্ৰামাণিক। তেওঁ অষ্টাদশ শতিকাত নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰৰ (১৭১০–১৭৮৩) ৰাজসভাৰ এগৰাকী সভাসদ আছিল। গোপালে হাঁহি-ধেমালি কৰি আনক হহুৱাইছিল।
-
জয়তী ঘোষ
জয়তী ঘোষ (Jayati Ghosh; জন্ম ১৬ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় উন্নয়ন অৰ্থনীতিবিদ। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰায় ৩৫ বছৰ ধৰি তেওঁ অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ এমহাৰ্ষ্ট বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ…
-
জ্ঞানদানন্দিনী দেৱী
জ্ঞানদানন্দিনী ঠাকুৰ (অন্য নাম: জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল।
-
দীনবন্ধু মিত্ৰ
দীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ। দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।
-
নগেন্দ্ৰনাথ বসু
নগেন্দ্ৰনাথ বসু (Nagendranath Basu; ৬ জুলাই ১৮৬৬ – ১১ অক্টোবৰ ১৯৩৮) এজন বাংলা ভাষাৰবিশ্বকোষবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী সমাজ ইতিহাসবিদ আৰু কায়স্থ কৰ্মী আছিল।
-
নবাৰুণ ভট্টাচাৰ্য
নবাৰুণ ভট্টাচাৰ্য (Nabarun Bhattacharya, ২৩ জুন ১৯৪৮ – ৩১ জুলাই ২০১৪) এগৰাকী ভাৰতীয় বাঙালী কবি আৰু কথাসাহিত্যিক। তেওঁ সাহিত্য অকাডেমী বঁটা (১৯৯৭) আৰু বাংকিম পুৰস্কাৰ (১৯৯৬) লাভ কৰিছে। হাৰবাৰ্ট, কাঙ্গাল মালসাট ইত্যাদি তেওঁৰ বিখ্যাত উপন্যাস।
-
নিৰুপমা দেৱী
নিৰুপমা দেৱী (:Nirupama Devi; ৭ মে’ ১৮৮৩ – ৭ জানুৱাৰী ১৯৫১) এগৰাকী আগশাৰীৰ বাংলা ঔপন্যাসিক আৰু চুটিগল্প লেখিকা আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিতে সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ জন্ম বহৰমপুৰ, মুৰ্শিদাবাদ জিলাত হৈছিল। তেওঁ শ্ৰীমতী দেৱী আৰু অনুপমা দেৱী ছদ্মনামেৰে লিখা-মেলা কৰিছিল।
-
প্ৰতিভা বসু
প্ৰতিভা বসু (Protiva Bose; ১৩ মাৰ্চ ১৯১৫ – ১৩ অক্টোবৰ ২০০৬) এগৰাকী ভাৰতীয় বাঙালী ঔপন্যাসিক, চুটিগল্প লেখক আৰু প্ৰাবন্ধিক।
-
বাদল সৰকাৰ
বাদল সৰকাৰ (Badal Sarkar; ১৫ জুলাই, ১৯২৫ – ১৩ মে', ২০১১) এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঙালী নাট্য ব্যক্তিত্ব। তেওঁ থাৰ্ড থিয়েটাৰ নামক এক ভিন্ন ধাৰাৰ নাটকৰ প্ৰবক্তা হিচাপে পৰিচিত।