বঙালী ব্যক্তি
১০৬ প্ৰবন্ধ
-
নিমাই ভট্টাচাৰ্য
নিমাই ভট্টাচাৰ্য (Nimai Bhattacharya; ১০ এপ্ৰিল ১৯৩১ – ২৫ জুন ২০২০) এজন ভাৰতীয় বাঙালী সাহিত্যিক আৰু সাংবাদিক।
-
পুলক বন্দ্যোপাধ্যায়
পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯) এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰু চাৰি হাজাৰৰো অধিক গীতৰ স্ৰষ্টা।
-
প্ৰফুল্ল চাকী
প্ৰফুল্ল চন্দ্ৰ চাকী (Prafulla Chandra Chaki) (১০ ডিচেম্বৰ ১৮৮৮ – ২ মেʼ ১৯০৮) ওৰফে দীনেশ চন্দ্ৰ ৰায়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়াসত ব্ৰিটিছ ঔপনিৱেশিক বিষয়াৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা যুগান্তৰ বিপ্লৱী গোটৰ সৈতে জড়িত হৈ আছিল।
-
বাংলা ভাষাৰ মহিলা কবি
বাংলা ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।
-
বিপ্ৰদাস পিপলাই
বিপ্ৰদাস পিপলাই (Bipradas Pipilai; বিপ্ৰদাস পিপিলাই বুলিও লিখা হয়) পঞ্চদশ শতিকাৰ এগৰাকী বিশিষ্ট বঙালী কবি আছিল। তেওঁ আছিল পশ্চিমবংগৰ বৰ্তমানৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাদুড়িয়া-বটগ্ৰামৰ বাসিন্দা আৰু মুকুন্দ পিপলাইৰ পুত্ৰ। বিপ্ৰদাস মনসা-পাঁচালীৰ সবাতোকৈ পুৰণি কবি।
-
বৰ্ণিতা বাগচী
বৰ্ণিতা বাগচী (ইংৰাজী: Barita Bagchi; জন্ম: ১২ জুন ১৯৭৩) এগৰাকী বাংলাভাষী ভাৰতীয় নাৰীবাদী উকীল, ইতিহাসবিদ আৰু সাহিত্যিক। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু ইয়াৰ পূৰ্বে উট্ৰেখ্ট বিশ্ববিদ্যালয়ৰ সাহিত্য অধ্যয়ন অনুষদৰ সদস্য আৰু তাৰ আগতে কলিকতা বিশ্ববিদ্যালয়ৰ উন্নয়ন অধ্যয়ন…
-
মণি সিং
মনি সিং (মনি সিং; ২৮ জুন ১৯০১– ৩১ ডিচেম্বৰ ১৯৯০) বা কমৰেড মনি সিং আছিল জনপ্ৰিয় বঙালী কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ পূব পাকিস্তানৰ কমিউনিষ্ট দলৰ প্ৰতিষ্ঠাপক আছিল। ১৯৭১ চনত বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত তেওঁ মুক্তি বাহিনীৰ গেৰিলা গোট পৰিচালনা কৰিছিল।
-
মনোজ বসু
মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
মুমতাজ সৰকাৰ
মুমতাজ সৰকাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। যাদুকৰ পিচি স’ৰকাৰ জুনিয়ৰ আৰু জয়ছ্ৰী স’ৰকাৰৰ কন্যা। বাংলাদেশৰ গায়িকা মেহৰীনৰ মিউজিক ভিডিঅ’ৰ জৰিয়তে মুমতাজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত বীৰছা দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি ০৩৩ত অভিনয় কৰিছিল।
-
লোকনাথ ব্ৰহ্মচাৰী
লোকনাথ ব্ৰহ্মচাৰী (জন্ম: ৩১ আগষ্ট ১৭৩০ - মৃত্যু: ১ জুন ১৮৯০
-
শিৱদাস বন্দ্যোপাধ্যায়
শিৱদাস বন্দ্যোপাধ্যায় (২৭ ডিচেম্বৰ ১৯৩২ – ০৮ আগষ্ট ২০০৯) এজন বিশিষ্ট বাঙালী গীতিকাৰ আৰু কবি। গীত ৰচনাৰে কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত বাংলা চিনেমা আৰু আধুনিক সংগীতকাৰসকলৰ ভিতৰত শিৱদাস বন্দ্যোপাধ্যায় আছিল অন্যতম।
-
সন্তদাস কাঠিয়াবাবা
সন্তদাস কাঠিয়াবাবা (১০ জুন ১৮৫৯ – ৮ নৱেম্বৰ ১৯৩৫) পূৰ্বশ্ৰম নাম তাৰাকিশোৰ চৌধুৰী ১৯ শতিকাৰ একজন বিশিষ্ট ভাৰতীয় বাঙালী যোগী, দাৰ্শনিক আৰু ধৰ্মগুৰু আৰু ১৯ শতিকাৰ বেদান্ত দ্বৈতবাদী ৰামদাস কাঠিয়াবাবাৰ প্ৰধান শিষ্য আছিল।
-
সেঁজুতি সাহা
সেঁজুতি সাহা (Senjuti Saha) চাইল্ড হেল্থ ৰিছাৰ্চ ফাউণ্ডেচনৰ এগৰাকী বাংলাদেশী অণুজীৱবিজ্ঞানী। তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ পোলিঅʼ ট্ৰানজিশ্যন ইণ্ডিপেনডেণ্ট মনিটৰিং বোৰ্ডৰো এগৰাকী বোৰ্ড সদস্য। বাংলাদেশত নতুন কৰʼনা ভাইৰাছৰ পূৰ্ণাঙ্গ জিনʼম বিন্যাস উন্মোচনৰ বাবে তেওঁ অধিক পৰিচিত।
-
স্বপ্নময় চক্ৰৱৰ্তী
স্বপ্নময় চক্ৰৱৰ্তী (Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছে।
-
স্বামী প্ৰণৱানন্দ
স্বামী প্ৰণৱানন্দ (স্বামী প্ৰণবানন্দ; स्वामी प्रणवानन्द; ), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১) এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।
-
হিমাংশু ৰায়
হিমাংশু ৰায় ( Himanshu Rai; জন্ম: ১৮৯২ – ১৬ মে ১৯৪০), ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এগৰাকী বাটকটীয়া আৰু ফিল্ম ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাতা ৰূপে সৰ্বজনবিদিত। ১৯৩৪ চনত, তেওঁ প্ৰখ্যাত অভিনেত্ৰী আৰু পত্নী দেৱিকা ৰাণীৰ সৈতে লগ-লাগি বম্বে টকীজ প্ৰতিষ্ঠা কৰিছিল।