অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱাংগাৰি মাথাই

ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন১২ প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ২০০৪ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী আফ্ৰিকান মহিলা হিচাপে পৰিগণিত হয়।৩

কেনেডি এয়াৰলিফ্টৰ হিতাধিকাৰী হিচাপে তেওঁ আমেৰিকাত অধ্যয়ন কৰি কেনছাছৰ এচিচনৰ মাউণ্ট ছেইণ্ট স্কোলাষ্টিকা কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু পিটচবাৰ্গৰ পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পূব আৰু মধ্য আফ্ৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে দৰ্শন বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেনিয়াৰ নাইৰোবি বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্তৰেট লাভ কৰিছিল৷১৯৮৪ চনত তেওঁ "কেনিয়াৰ পৰিৱেশ বিতৰ্কক পুনৰ বনানীকৰণৰ বাবে গণ কাৰ্য্যলৈ ৰূপান্তৰিত কৰাৰ বাবে" ৰাইট লাইভলিহুড বঁটা লাভ কৰে।

ৱাংগাৰী মাথাই কেনিয়াৰ সংসদৰ নিৰ্বাচিত সদস্য আছিল আৰু ২০০৩ চনৰ জানুৱাৰীৰ পৰা ২০০৫ চনৰ নৱেম্বৰৰ ভিতৰত ৰাষ্ট্ৰপতি মৱাই কিবাকিৰ চৰকাৰত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সহকাৰী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ব ভৱিষ্যত পৰিষদৰ তেওঁ সন্মানীয় কাউন্সিলাৰ আছিল। এগৰাকী শিক্ষাবিদ আৰু কেইবাখনো গ্ৰন্থৰ লেখক হিচাপে মাথাই কেৱল এগৰাকী কৰ্মী নহয়, আফ্ৰিকান সংস্কৃতি আৰু ধৰ্মৰ উপৰিও তেওঁ পৰিৱেশ, উন্নয়ন আৰু লিংগৰ বিষয়ে চিন্তা কৰাত উল্লেখযোগ্য অৱদান আগবঢ়োৱা এগৰাকী বুদ্ধিজীৱীও আছিল।৪৫ ২০১১ চনৰ ২৫ ছেপ্টেম্বৰত ডিম্বাশয়ৰ কৰ্কট ৰোগৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Rice, Xan. (26 September 2011). Wangari Maathai, Nobel peace prize winner, dies at 71. The Guardian
  2. ↑ Biography · The Green Belt Movement. www.greenbeltmovement.org
  3. ↑ Rice, Xan. (26 September 2011). Wangari Maathai, Nobel Peace Prize Winner Dies. The Guardian
  4. ↑ Muhonja 2020, পৃ.
  5. ↑ Musila, Grace. (2020). Wangari Maathai's Registers of freedom. HSRC Press. ISBN 978-0796925749

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ কৰ্মীলেখিকান’বেল বঁটা বিজয়ীশান্তিৰ ন'বেল বঁটা বিজয়ীকেনিয়াৰ নাৰী অধিকাৰ কৰ্মীৰাজনৈতিক ক্ষেত্ৰত নাৰীমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাংগাৰি মাথাই” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৬৫ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।